Friday, 20 December 2019

৬ম খণ্ড

৬ষ্ঠ খণ্ড 

মই ওপৰৰ ৰ্বাথলৈ উঠিলো ।
মোৰ বিপৰিতে বাৰ্থটোত প্ৰিয়া । তাই মোৰলৈ চাই মিচিকিয়া হাঁহিলে ।ময়ো এটা মিচিকিয়া হাঁহিৰে তাইক উত্তৰ দিলো ।তাই হাতৰ ইংগিতেৰে সুধিলে কি হল কথা পাতি আমনি পালো নেকি ।মই মোৰ মুৰটো জকাৰি ইংগিতেৰে কলো নাইপোৱা বুলি । খন্তেক সময় জীৰণি লৈছিলোহে খুড়াই জীয়েকক মাতিলে মাজনী চিল্কা হ্রদ পালোহি । হাইস্কুলীয়া জীৱনতে শুনা চিনাকী নামটো । চিল্কা হ্রদৰ নামটো শুনি ময়ো নামি আহিলো । মই আহি দৰ্জা কাষ পালোহি ।ৰেল খন আহি চিল্কা হ্রদৰ উপকূল পালেহি ।কি নির্মল নীল আকাশ দুৰ দিগন্ত পৰা দিগন্তলৈ । কি সুন্দৰ পৰিবেশ ভাষাৰে বুজাৱ নোৱাৰি ।পাহাৰৰ কাষে কাষে ৰেল আলিবাট আৰু ৰেল আলিবাটো চিল্কা হ্রদৰ পাৰে পাৰে ।জীৱনত কেতিয়াও ভবা নাছিলো যে এদিন চিল্কা হ্রদ দেখা পাম ।ৰুপোৱালী পানীত সমস্ত নীল আকাশ সৰি পৰা যেন লাগিছিল । সূয্য পোহৰে পানীত চুম্বন কৰিছে । যেন এতিয়াই এখন ইন্দ্রধনু আকাশত ভাঁহি উঠিব ।অচিনা পখীজাকে আকাশত উৰি আছে ।হয়তো হাতৰ আঙুলিবোৰ থমকি ৰৈছে সুন্দয্য পৰিভাষাত ।ভাৰতৰ বৃহত্তম উপকূলৱর্তী লবণযুক্ত চিল্কা হ্রদ । এই হ্রদ ঊড়িষ্যা পুৰী, খুৰদা, আৰু গঞ্জাম জিলাত অবস্থিত । পখীৰ বৃহত্তম ঠিকানা। প্রায় ১৬০ বিধ প্রজাতিৰ পৰিভ্ৰমী পখী ইয়ালৈ আহে ।
• কেনেকোৱা লাগিছে পৰিৱেশতো 
• কবিতা কবিতা লাগিছে ।
• ৱাউ ৰোমাণ্টিক ।মানে গালফেণ্ড আছে ।
• পৰিৱেশতো ভাল লাগিলে কাৰণে অলপ ৰোমাণ্টিক হলো আৰু ।সেই বুলিয়ে যে গালফেণ্ড থাকিব কি কথা আছে ।
• মানে নাই ।
• নাই । তোমাৰ বয়ফেণ্ড আছে ।
• নাই ।মোৰ দেউতা দৰে দেউতা থাকিলে বয়ফেণ্ডে পাতিবলৈ সাহস নাই। 
• দেউতাই ভাল পোৱা ধৰণে লৰা এটা চাই ললে হয় ।
• সেইতো খুউৱ কমেই হয় ।কালি পৰা লক্ষ্য কৰিছো তোমাৰ লগত বহুত কথা পাতিছে ।দেউতা খুউৱ কমেই কথা পাতে ।
• তুমি হাইদৰাবাদত কিবা কৰানে ?
• NIFT ত ফেশ্বন ডিজাইন কৰিব আহিছো ।দাদা নবৌও হাইদৰাবাদতে থাকে ।
• অহ । 
• কেতিয়াবা কেতিয়াবা লগ পাম চাগৈ ।
• নিশ্চয় ।
• মানে মোক এতিয়া যাৱ কৈছে ।
• নাই নাই ।যিদি পৰিবেশতো ভাল পাইছা ৰোৱা ।
• নালাগে হৱ দিয়ক দেৰি হলে দেউতাই বিছাৰি আহিৱ ।
• ঠিক আছে যোৱা ।
তাই মোৰ কাষৰ গলগৈ ।এনে লাগিছিল যেন মই অকশৰীয়া হৈ পৰিছো ।অনুভৱ কৰিছিলো অভিমানী
বেদনাবোৰৰ বুকুত প্ৰচণ্ড খুন্দা । সিদিনা তাইক বেছ ধুনীয়া লাগিছিল ।তাই গুলপী ওঠঁৰ হাঁহিটিয়ে জীপাল কৰি দিছিল মোৰ হৃদয়খন ।ৰেলখনে চিল্কা হ্ৰদৰ উপকূল পাৰ হল ।মই আকৌ নিজৰ আসনলৈ উভতি আহিলো ।খুড়াই লগতে অন্য যাত্ৰীকেইজনেও আকৌ একাপ একাপ চাহ ললে ।খুড়াই মোৰলৈ চাহ একাপ আগবঢ়াই কলে । ডেকা লৰা আকৌ কথা পাতো বহা ।
• হয় নেকি । ঠিক আছে ।
• অসম বন্ধ ওপৰত তোমাৰ ধাৰণা কি । 
• মোৰ মতে অসম বন্ধ অসমৰ সংগঠনৰ কাৰণে সংস্কৃতি হৈ পৰিছে ।চৰকাৰে কাৰোবা কিবা এটা কথা নামানিলে হৈ গল অসম বন্ধ ।সমস্যাটো কত কাৰো বিশ্লেষণ কৰিব সময় নাই  ।আমি অসমীয়াসকল অতি আৱেগিক।
• এৰাহ আমি অসমীয়াসকল অতি আৱেগিক। আৱেগ থকা ভাল। পিছে অত্যধিক আৱেগত যেতিয়া যুক্তি হেৰাই যায়, ভাল-বেয়া, শুদ্ধ-অশুদ্ধ বিচাৰ কৰাৰ ক্ষমতা নোহোৱা হয়, তেতিয়া আমাৰ সেই আৱেগৰ সুবিধা লয় এচাম সুবিধাবাদী ৰাজনৈতিক, অৰাজনৈতিক নেতা-পালিনেতাই।এতিয়া আমি ভাবিব হল আমাৰ ভুল কত হল । নহলে আমাৰ অস্তিত্ব নাথাকিব ।বড়ো,ৰাভা,মিচিং,তিৱা,কাৰ্বি,আহোম,কোচ-ৰাজবংশী,চুতীয়া,লালুং সকলোৱে সুকীয়া পৰিচয় বিচাৰি উদ্বাউল হৈ পৰিছে। আমি সুকীয়া সুকীয়া পৰিচয় বিচাৰী থকা সুযোগ গ্ৰহণ কৰিছে চতুৰ ক্ষমতালুভী সকলে ।তুমি কি কোৱা ।(খুড়াই আমাৰ লগত থকা সহযাত্ৰীজনক সুধিলে ।তেওঁ কলে )
• প্ৰাইভেট কোম্পানি এটাত মোৰ চাকৰি। ন বজাৰ আগতেই অফিচ পাবগৈ লাগে এনেধৰনৰ কোম্পানিত চাকৰি কৰা মানেই ব্যক্তি স্বাতন্ত্য পৰিহাৰ কৰি কোম্পানিৰ ওচৰত বিক্ৰি হৈ যোৱাৰ সমান। অৱশ্যে ইয়াৰ বিনিময়ত পোৱা লোভনীয় দৰ্মহা ঘৰ গাড়ী আদিয়ে ইয়াৰ ব্যস্ততাক পাহৰাই ৰাখে। মোৰ এইবোৰৰ বিষয়ে চিন্তা কৰিব সময়ে নাপাও খুড়া । মই এটা কথা আপোনাক কৱ পাৰো আজি বিশ্বায়নৰ যুগত কাম নকৰি চিঞৰী বাখৰি থাকিলে এদিন আমি নিশেষ হৈ যাম ।মাত্ৰ অসমীয়া নামৰ জাতি এটা আছিল বুলি কিতাপে পত্ৰই পঢ়িবলৈ পাব আমাৰ নাতি নাতিনীয়ে । love story majot ki abur .pasor khini koi asu wait korok . 
parhi amoni pale sagoi .

No comments:

Post a Comment