Friday 20 December 2019

৬ম খণ্ড

৬ষ্ঠ খণ্ড 

মই ওপৰৰ ৰ্বাথলৈ উঠিলো ।
মোৰ বিপৰিতে বাৰ্থটোত প্ৰিয়া । তাই মোৰলৈ চাই মিচিকিয়া হাঁহিলে ।ময়ো এটা মিচিকিয়া হাঁহিৰে তাইক উত্তৰ দিলো ।তাই হাতৰ ইংগিতেৰে সুধিলে কি হল কথা পাতি আমনি পালো নেকি ।মই মোৰ মুৰটো জকাৰি ইংগিতেৰে কলো নাইপোৱা বুলি । খন্তেক সময় জীৰণি লৈছিলোহে খুড়াই জীয়েকক মাতিলে মাজনী চিল্কা হ্রদ পালোহি । হাইস্কুলীয়া জীৱনতে শুনা চিনাকী নামটো । চিল্কা হ্রদৰ নামটো শুনি ময়ো নামি আহিলো । মই আহি দৰ্জা কাষ পালোহি ।ৰেল খন আহি চিল্কা হ্রদৰ উপকূল পালেহি ।কি নির্মল নীল আকাশ দুৰ দিগন্ত পৰা দিগন্তলৈ । কি সুন্দৰ পৰিবেশ ভাষাৰে বুজাৱ নোৱাৰি ।পাহাৰৰ কাষে কাষে ৰেল আলিবাট আৰু ৰেল আলিবাটো চিল্কা হ্রদৰ পাৰে পাৰে ।জীৱনত কেতিয়াও ভবা নাছিলো যে এদিন চিল্কা হ্রদ দেখা পাম ।ৰুপোৱালী পানীত সমস্ত নীল আকাশ সৰি পৰা যেন লাগিছিল । সূয্য পোহৰে পানীত চুম্বন কৰিছে । যেন এতিয়াই এখন ইন্দ্রধনু আকাশত ভাঁহি উঠিব ।অচিনা পখীজাকে আকাশত উৰি আছে ।হয়তো হাতৰ আঙুলিবোৰ থমকি ৰৈছে সুন্দয্য পৰিভাষাত ।ভাৰতৰ বৃহত্তম উপকূলৱর্তী লবণযুক্ত চিল্কা হ্রদ । এই হ্রদ ঊড়িষ্যা পুৰী, খুৰদা, আৰু গঞ্জাম জিলাত অবস্থিত । পখীৰ বৃহত্তম ঠিকানা। প্রায় ১৬০ বিধ প্রজাতিৰ পৰিভ্ৰমী পখী ইয়ালৈ আহে ।
• কেনেকোৱা লাগিছে পৰিৱেশতো 
• কবিতা কবিতা লাগিছে ।
• ৱাউ ৰোমাণ্টিক ।মানে গালফেণ্ড আছে ।
• পৰিৱেশতো ভাল লাগিলে কাৰণে অলপ ৰোমাণ্টিক হলো আৰু ।সেই বুলিয়ে যে গালফেণ্ড থাকিব কি কথা আছে ।
• মানে নাই ।
• নাই । তোমাৰ বয়ফেণ্ড আছে ।
• নাই ।মোৰ দেউতা দৰে দেউতা থাকিলে বয়ফেণ্ডে পাতিবলৈ সাহস নাই। 
• দেউতাই ভাল পোৱা ধৰণে লৰা এটা চাই ললে হয় ।
• সেইতো খুউৱ কমেই হয় ।কালি পৰা লক্ষ্য কৰিছো তোমাৰ লগত বহুত কথা পাতিছে ।দেউতা খুউৱ কমেই কথা পাতে ।
• তুমি হাইদৰাবাদত কিবা কৰানে ?
• NIFT ত ফেশ্বন ডিজাইন কৰিব আহিছো ।দাদা নবৌও হাইদৰাবাদতে থাকে ।
• অহ । 
• কেতিয়াবা কেতিয়াবা লগ পাম চাগৈ ।
• নিশ্চয় ।
• মানে মোক এতিয়া যাৱ কৈছে ।
• নাই নাই ।যিদি পৰিবেশতো ভাল পাইছা ৰোৱা ।
• নালাগে হৱ দিয়ক দেৰি হলে দেউতাই বিছাৰি আহিৱ ।
• ঠিক আছে যোৱা ।
তাই মোৰ কাষৰ গলগৈ ।এনে লাগিছিল যেন মই অকশৰীয়া হৈ পৰিছো ।অনুভৱ কৰিছিলো অভিমানী
বেদনাবোৰৰ বুকুত প্ৰচণ্ড খুন্দা । সিদিনা তাইক বেছ ধুনীয়া লাগিছিল ।তাই গুলপী ওঠঁৰ হাঁহিটিয়ে জীপাল কৰি দিছিল মোৰ হৃদয়খন ।ৰেলখনে চিল্কা হ্ৰদৰ উপকূল পাৰ হল ।মই আকৌ নিজৰ আসনলৈ উভতি আহিলো ।খুড়াই লগতে অন্য যাত্ৰীকেইজনেও আকৌ একাপ একাপ চাহ ললে ।খুড়াই মোৰলৈ চাহ একাপ আগবঢ়াই কলে । ডেকা লৰা আকৌ কথা পাতো বহা ।
• হয় নেকি । ঠিক আছে ।
• অসম বন্ধ ওপৰত তোমাৰ ধাৰণা কি । 
• মোৰ মতে অসম বন্ধ অসমৰ সংগঠনৰ কাৰণে সংস্কৃতি হৈ পৰিছে ।চৰকাৰে কাৰোবা কিবা এটা কথা নামানিলে হৈ গল অসম বন্ধ ।সমস্যাটো কত কাৰো বিশ্লেষণ কৰিব সময় নাই  ।আমি অসমীয়াসকল অতি আৱেগিক।
• এৰাহ আমি অসমীয়াসকল অতি আৱেগিক। আৱেগ থকা ভাল। পিছে অত্যধিক আৱেগত যেতিয়া যুক্তি হেৰাই যায়, ভাল-বেয়া, শুদ্ধ-অশুদ্ধ বিচাৰ কৰাৰ ক্ষমতা নোহোৱা হয়, তেতিয়া আমাৰ সেই আৱেগৰ সুবিধা লয় এচাম সুবিধাবাদী ৰাজনৈতিক, অৰাজনৈতিক নেতা-পালিনেতাই।এতিয়া আমি ভাবিব হল আমাৰ ভুল কত হল । নহলে আমাৰ অস্তিত্ব নাথাকিব ।বড়ো,ৰাভা,মিচিং,তিৱা,কাৰ্বি,আহোম,কোচ-ৰাজবংশী,চুতীয়া,লালুং সকলোৱে সুকীয়া পৰিচয় বিচাৰি উদ্বাউল হৈ পৰিছে। আমি সুকীয়া সুকীয়া পৰিচয় বিচাৰী থকা সুযোগ গ্ৰহণ কৰিছে চতুৰ ক্ষমতালুভী সকলে ।তুমি কি কোৱা ।(খুড়াই আমাৰ লগত থকা সহযাত্ৰীজনক সুধিলে ।তেওঁ কলে )
• প্ৰাইভেট কোম্পানি এটাত মোৰ চাকৰি। ন বজাৰ আগতেই অফিচ পাবগৈ লাগে এনেধৰনৰ কোম্পানিত চাকৰি কৰা মানেই ব্যক্তি স্বাতন্ত্য পৰিহাৰ কৰি কোম্পানিৰ ওচৰত বিক্ৰি হৈ যোৱাৰ সমান। অৱশ্যে ইয়াৰ বিনিময়ত পোৱা লোভনীয় দৰ্মহা ঘৰ গাড়ী আদিয়ে ইয়াৰ ব্যস্ততাক পাহৰাই ৰাখে। মোৰ এইবোৰৰ বিষয়ে চিন্তা কৰিব সময়ে নাপাও খুড়া । মই এটা কথা আপোনাক কৱ পাৰো আজি বিশ্বায়নৰ যুগত কাম নকৰি চিঞৰী বাখৰি থাকিলে এদিন আমি নিশেষ হৈ যাম ।মাত্ৰ অসমীয়া নামৰ জাতি এটা আছিল বুলি কিতাপে পত্ৰই পঢ়িবলৈ পাব আমাৰ নাতি নাতিনীয়ে । love story majot ki abur .pasor khini koi asu wait korok . 
parhi amoni pale sagoi .

Wednesday 11 December 2019

৫ম খণ্ড

৫  ম খণ্ড 

• কি হে ডেকা লৰা ।ইমান নিৰৱে কি ভাবি আছা ।
• ষ্টেচনৰ পৰিবেশটো চাই আছিলো ।
• মিচা কৈছা তুমি কিবা এটা ভাবি আছা ।? কোৱা লাজ নকৰিবা কোৱা মই তোমাৰ দেউতা নিচিনা ।কথাবোৰ খুলি কৱ পৰাটোও এটা কলা ।(কিয় বাৰু খুড়াই মোৰ মনোজগতত খোজ দিব খোজিছে মই বুজিব পৰা নাই। কি কওঁ ভাবি পোৱা নাই ।)
• আপুনি ঠিক অনুমান কৰিছে খোড়া ।মোৰ মনত এটা কথাই বছৰ বছৰ ধৰি পাকঘুৰণি খাই আছে ।আমি নিবনুৱা নে নিষ্কৰ্মাৰ ।
• দুয়োটা ।আমাৰ সকলো থাকিও আমি নিজেই একো নকৰো কেৱল চৰকাৰী চাকৰি এটা আশাত বহি থাকো ।তেওঁক নিৰ্স্কমা বোলে ।আৰু নিবনুৱা সেইজন যিজনৰ কিবা এটা কাম কৰা ৰ্দুবাৰ হেপাঁহ আছে কিন্তু কৰিব কাৰণে কোনো সুবিধা নাই ।অসমৰ নিবনুৱাসকল এটা কাৰণেই নিবনুৱা যে তেওঁলোকে শিক্ষা-দীক্ষা গ্রহণ কৰি চৰকাৰী চাকৰি এটা লাভ কৰিব পৰা নাই।কিন্তু বনুৱা কেনেকৈ হৱ পাৰি কথাতো ভাবি নাচাই।জানা ভাইটি আমি আমাৰ পৰিবেশ সলনি কৰিব হল । অসমৰ গাঁৱে ভূঞে, নগৰে-চহৰে বহু স্ব-নির্ভৰশীল পদ্ধতিৰে উপার্জন কৰিব পৰা পথ সুচল হৈ পৰি আছে। সেই সুবিধা আমি গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে সক্ষম নোহোৱাৰ কাৰণ বহুত আছে । উদাহৰণস্বৰুপে, আমাৰ ঘৰত সকলো ধৰণৰ খেতি উপযোগী যথেষ্ট মাটি আছে।যত খেতি কৰিলে মাহিলি ৩০ পৰা ৪০ হাজাৰমান টকা উৰ্পাজন হৱ । খেতি কৰিবৰ কাৰণে গৰুও আছে । কিন্ত মোৰ সৰু লৰাটো বিশ্ববিদ্যালয়ৰ ডিগ্রীধাৰী হোৱাৰ বাবে কৃষিত আত্মনিয়োগ নকৰি চৰকাৰী চাকৰিৰ অনুসন্ধানত জীৱন অতিবাহিত কৰিছে ।এইটো অকল আমাৰ ঘৰৰে সমস্যা নহয় অসমৰ প্ৰত্যেক ঘৰৰে সমস্যা । ফলত বহুজনৰ চাকৰি কৰিবৰ বাবে বয়সৰ সময় সীমাও উকলি গৈছে। ইয়াৰ বাবে আমাৰ শিক্ষা ব্যৱস্থা দায়ী । অসমীয়া সমাজৰ পৰা এনে অনেক উদাহৰণ দাঙি ধৰিব পাৰি। এতিয়া তুমি কি কোৱা নিবনুৱা নে নিষ্কৰ্মাৰ ।
• তাৰমানে এতিয়া আপোনাৰ মতে মহাবিদ্যালয় বিশ্ববিদ্যালয়বোৰ নিষ্কৰ্মাৰ উঁপাদন কৰা কাৰখানা ।মোৰ কথা শুনি সকলো সহযাত্ৰীয়ে জোৰকৈ হাঁহিলে ।
• নহয় নেকি ।
• কথাতো সিমান সত্যও নহয় ।
• কিয়
• খুড়া আপোনাৰ সৰু লৰাই খেতিত কামত হাত দিয়া হলে আপুনি নিশ্বয় সুখী হল হেতেন ।কিন্তু সি মানসিক অশান্তিত ভুগিল হেঁতেন ।
• কেনেকৈ।
• আমাৰ সমাজত এনে কিছুমান মানুহ আছে যি আমাক নিষ্কৰ্মাৰ কৰি ৰাখে ।আপোনাৰ লৰাই খেতি কৰা হলে কলেহেতেন তই খেতি কৰিবলৈকে ইমানখিনি ডিগ্ৰী ললি নেকি ।তেতিয়া তাৰ হাতত কোনো উত্তৰ নাথাকিব । আছলতে আমাৰ চিন্তাধাৰা সলনি কৰিব হল । পশ্চিমীয়া দেশসমূহৰ দৰে আমাৰ ৰাজ্যত কর্ম সংস্কৃতিৰ মনোভাৱ গঢ়ি উঠা নাই ।অসমীয়া মানুহৰ সামাজিক দৃষ্টিভংগী সলনি কৰিব লাগিব। যিকোনো শ্রমৰ মৰ্য্যদা দিবলৈ শিকিব লাগিব।নহলে আমি অসমীয়া হৈ নাথাকিম নিষ্কৰ্মাৰ হৈ পৰিম ।
• বাৰু এতিয়া তুমি কোৱাচোন তুমি নিবনুৱা নে নিষ্কৰ্মাৰ ।
• মই নিবনুৱা বা নিষ্কৰ্মাৰ ।কোনো এটাই নহয় ।কাৰণ মই চৰকাৰী চাকৰী আশাত পঢ়া নাছিলো ।
• তেতিয়া হলে । অন্য এজন যাত্ৰীয়ে মোক প্ৰশ্ন কৰিলে ।
• এই কাৰণে পঢ়িলো মোৰ জীৱনৰ লগতে আন দহজনক কেনেকৈ আগুৱাই নিৱ পাৰো ।
• কেনেকৈ ।
• সেইটো এতিয়া নকওঁ ।যদি কেতিয়াবা লগ পাওঁ তেতিয়া কম ।
কথাতো কৈ শেষ কৰিছিলোহে ঠিক সেই সময়তে হাতচাপৰি বজাই তিনিগৰাকী মহিলা উপস্থিত হল ।একো একোজনী হতঙা হতং মহিলা ।মূখলৈ চালো দাঁড়ী আছে । হাতৰ আঙুলি কেপত দহ টকীয়া নোট ।সকলোৰে পৰা পইচা বিচাৰিছে ।আৰু যিজনে দিয়া নাই তেওঁ মান সন্মান লুটিছে ।খুৰাই আমাৰ আটাই হৈ ৫০টকা দিলে ।জীৱনত প্ৰথম দেখিছো দাঁড়ী থকা মহিলা । অৰ্ধনাৰী-অৰ্ধপুৰুষ। কোৱা শুনিছিলো মহাভাৰতত এনেকোৱা এটি চৰিত্ৰ কথা । যাৰ নাম আছিল শিখণ্ডী ।যেন প্ৰকৃতিৰ বিস্ময় আৰু নিয়তিৰ নিৰ্মম উপহাস।  নাৰীয়ে ব্যৱহাৰ কৰা পোছাক, লিপষ্টিক, গহনা আদি পিন্ধি থাকে। নিজকে কন্যা ৰুপত সজাই ৰাখে ।এওঁলোকৰ বিষয়ে জানিবলৈ ত্ৰিব্য আকাংশা উপজিল ।কথাষাৰ খুড়াক সুধিলো ।খুড়াই কলে এওঁলোকক (Hermaphrodite) হিজৰা বুলি কই ।পুৰুষ দেখিলে চঞ্চল হৈ উঠে সিহঁতৰ দেহ মন । হিজৰা সকলৰ মাজত না পুৰুষৰ পূর্ণ বৈশিষ্ট্য দেখা পোৱা যায়, না মহিলা সকলৰ ।হিজৰা হ'ল বুলিয়েই নাহাঁহিবা সিহঁতক।মহাভাৰতত শিখণ্ডীৰ বাবেই সম্ভৱ হৈছিল কুৰুক্ষেত্ৰত পাণ্ডৱৰ মহাবিজয় ।এওঁলোকৰ বৈবাহিক জীৱন মাত্ৰ ২৪ ঘণ্টা ।এয়া এক পৌৰাণিক কাহিনী।বাস্থৱত কি মই নাজানো ।মই আৰু খুড়াক জোৰ নকৰিলো ।খিড়ীকিৰে বাহিৰলৈ চালো ৰেলখন দূৰন্ত  গতিত আগবাঢ়িছে ।শিলৰ টকলা পাহাৰবোৰ পিছলৈ দৌৰিছে । আমাৰ আৰু কথা পতা নহল মহাভাৰতৰ শিখণ্ডীয়ে আমাৰ কথা ইতি পেলালে  ।  next updateloi wait karak

Thursday 5 December 2019

৪থ খণ্ড

৪ৰ্থখণ্ড 


এটি উজ্জল ৰাতিপুৱা ।সূয্য পোহৰত বনত,গছৰ পাতত ওলমি থকা নিয়ঁৰৰ টোপালবোৰ মুকুতা দৰে জিলিকি উঠিছে ।তেতিয়া পশ্চিম আকাশত এচপৰা শুকুলা ডাৱৰে পূৱা সুয্য পোহৰ পৰি কবি সাহিত্যিকৰ বণনা অতিত ৰং ধাৰণ কৰিছে ।যেন ৰঙৰ মেলাহে পাতিছে ।   মই দাঁত মাঁজি মাঁজি বহিৰৰ ফালে চাই আছো । মোৰ চকুত ওলমি আছে এটা বিনিদ্ৰ ৰজনী ।মই আহি দৰ্জা ওছৰত থিয় হলোহি। তেতিয়া পূৱ আকাশত বেলিটিয়ে তলবলীয়া ৰঙা হৈ আকাশত ভুমুকি মাৰিছে ।সূয্য নবীন কিৰণে মাধুৰী খেলী সুবিশাল বৃক্ষক সাৱটি ধৰিছে ।বসন্ত নিমল শীতল বতাহে দেহটো শীতল কৰি গল । এচেৰেঙা ৰদ পৰি ৰেল লাইনৰ কাষৰ ঘাঁহনিবোৰৰ নিয়ঁৰৰ টোপাল মুকুতা দৰে জ্বলি উঠিছে । কি মনোমোহা দৃশ্য ।যেন চাই থাকিলে চাই থাকিব মন ।সেয়ে চাগৈ কবি, ঋষি-মুনি সকলে প্ৰকৃতি ৰুপত মুগদ্ধ হয় ।এই প্ৰাকৃতিক ৰুপত মুগদ্ধ হৈ যাৱ মন যায় ক্ষন্তেক সময়ৰ বাবে । মোৰো চাগৈ কবি ঋষি হোৱা ইচছা জন্মিছে ।হাঃ হাঃ হাঃ মই বাৰু কবি, ঋষি-মুনি হৱ পাৰোনে । পৰীক্ষাত কেনেকৈ উতিন্ন হওঁ তাৰ ঠিকনা নাই।অৱশ্যে কবি, ঋষি-মুনি নহৈ মষিমু হৱ পাৰো ।মষিমু কিয় হম ।মোৰ জীৱনটোক লৈ বহুত সপোন আছে । আৰু এয়াই মোৰ সপোনৰ যাত্ৰা
    কিছুপৰ পাছত যেন মোৰ তন্দ্ৰা ভাঙিল । প্ৰাকৃতিক সৌন্দয্য মায়া পৰিত্যাগ কৰিলো ।হঠা্তে পিছ ফালৰ পৰা কোনোবাই মাতিলে। ঘুৰি চাই দেখো প্ৰিয়া মোৰ পিছত ৰৈ আছে ।
Good morning .
Good morning .
আপোনাক দেউতাই চাহ খাৱলৈ মাতিছে ।
মোক ! 
ওম আপোনাক ।
বলা চাহ একাপ মোৰ বৰ প্ৰয়োজন । এটো সময়ত ঘৰত মায়ে এবাতি ৰঙা চাহ দিয়ে । মই লাজ নকৰাকৈ কথাষাৰ কৈ দিলো ।কিয় লাজ কৰিম নিজৰ অৱস্থা বিষয়ে কবলৈ । সেই বাতি চাহ খাইয়ে গৈছিলো বাৰিষা পথাৰত হাল বাবলৈ । সেই পথাৰতে মা হাতত প্ৰাণ পাই উঠিছিল আঘোণৰ সোণগুটি ।
ভাইটি কালি তুমি মোৰ কথাত আমনি পালা ।আমাৰ এই কৈ আছে ।
নাই খো়ড়া ।আপোনাৰ কথাত আমনি পাই যোৱা নাছিলো ।
তেতিয়া হলে ।
আছলতে মই নামনি অসমৰ পৰিবেশতো চাই আহিছিলো ।কোনো কাহানি এইফালে আহি পোৱা নাছিলোতো ।
তুমি আকৈ বেয়া পালা বুলি আমাৰ মাজনীয়ে গালি দি আছে ।মইনো কি বেয়াপোৱা কথাতো কৈছিলো । 
নাইকোৱা । পিছে আপুনি মোৰ লগত কথা পাতি আমনি নাপালেই হল ।
তুমি হাইদৰাবাদত কি কৰিৱ আহিছা ।
নাজনো কি কাম পাওঁ ।মোৰ কলেজী বন্ধু এজন তাতে থাকে সি মাতি পঠালে ।গুছি আহিছো দেখা যাওক জীৱনে কোনফালে গতি কৰে ।সি কি কৰে ময়ো নাজানো ।
অ হয় নেকি । তুমি চৰকাৰী চাকৰী নিবিছাৰী হাইদৰাবাদ আহিলা যে ।
খোড়া মই সঁচাটো কওঁনে মিচাটো কওঁ ।
সঁচাটোকে কোৱা ।
সঁচা কথাটো হল বহুত চৰকাৰী চাকৰী সক্ষাতকাৰ দিলো কিন্তু যোগ্যতা থাকিও চাকৰী নাপালো । চাকৰী নাপালো । ভাঙি পৰিছিলো । ভাবিছিলো হাতত অস্ত্ৰ তুলি লওঁ নেকি । কেতিয়াবা ভাবিছিলো আত্মহত্যা কৰো নেকি ।কিন্তু মোক মা দেউতা উজ্জ্বল মুখখনে ৰক্ষা কৰিলে ।তেওঁলোকে কৈছিল আন্ধাৰ যিমানে গভীৰ হৈ আহিব পোহৰলৈ আৰু বেছি সময় নাই ।
ঠিক কথা কৈছা ।প্ৰতেকৰে বিপৰিত কিবা এটা থাকিলেহে সেই বস্তু মুল্য থাকে ।তেওঁলোকৰ আশাবোৰ ৰ্পুণ কৰা ।মোৰো আশীবাদ তোমাৰ লগত থাকিব।
ধন্যবাদ খুড়া ।
চাহ খোৱা ঠাণ্ডা হৱ ।
চাহ কাপত চুমাদি বাহিৰলৈ চালো ৰেলখন আহি খড়গপুৰ ষ্টেচন পালেহি ।এটা দুগন্ধময় পৰিৱেশ ।কাউৰীবোৰে ডাষ্টৱীনৰ পৰা খাদ্য সংগ্ৰহ কৰিছে ।এটা অপৰিচিত পৰিবেশ । চাহ চানাৱালা মুৰত টুকুৰী লৈ দৌৰা দৌৰি কৰিছে । ঠিক সেই সময়তে দেখা পালো এখন চকা লগা পিৰাত বহি এজনে ডবাটো চফা কৰি আছে।লক্ষ্য কৰিলো তেওঁ ভৰি দুখন নাই । চফা কৰি হোৱাত তেওঁ ডিঙিত থকা কাপোৰখন মেলি ধৰিলে ।যোনে যিমান পাৰে দিলে ।জীৱনটো এনেকুৱা এটা যাত্ৰা হয় কোনে জানে কোনে বুজিব।সকলোৰে এটা আকাশ চুৱা সপোন থাকে । এওঁলোকে যদি জীয়াই থকা ইমান ডাঙৰ সপোন ৰচনা কৰিৱ পাৰে আমি এটা পৰিপুৰ্ণ শৰীৰৰে কিয় নোৱাৰিম । কিবা কাৰণত কিবা কামত বিফল হলো বুলিয়ে কিয় সতাশ হৈ পৰো ।আছলতে আমি জীৱনটো জাপন কৰিবই শিকা নাই নেকি বাৰু । জীৱন সমাবেশ...................জীৱনত বহুত সময়ত বহু জনৰ সানিধ্য লাভ কৰা যায় । তেওঁলোকৰ জীৱন কাহিনী শুনি মোৰ অনুভৱ হৈছিল জীৱনতো এখন গতিশীল নাটকৰ দৰে য'ত সমাবেশ ঘতিছে সুখ দুখ শান্তি অশান্তি । কোনোবাই যদি চকুলো টুকি টুকি জীৱনটো পাৰ কৰিছে
আৰু কোনোবাই কাৰোবা চকুলো মুচি দিছে ,কোনোবাই হাঁহি হাঁহি যান্ত্ৰণাবোৰ জয় কৰি জীৱনৰ জয়গান গাইছে ।যেতিয়া আমি নিৰাশাত ডুবি যাওঁ সেই সময়ত পাহৰি যাওঁ জীৱনটো যে সংগ্ৰামৰ স্থল বুলি ।জীৱন মানে কি নাজানো , জীৱনৰ সংজ্ঞা ডাঙৰ হোৱাৰে পৰা বিচাৰি ফুৰিছো ,কিন্তু মনে বিছাৰী ফুৰা উত্তৰ পোৱা নাই। মোৰ মতে জীৱনৰ সংজ্ঞা ৰামধেনু .........জীৱনটো যুঁজৰ ঠাই যুঁজ কৰি থাকা ইতিবাচক চিন্তাৰে দেখিবা এদিন তুমিও জয় হবা যুঁজাৰু জীৱনে কেতিয়াও হাৰ নামানে । জীৱনতোক উপভোগ কৰিব শিকা এটা গানৰ দৰে,, দুখবোৰ প্ৰাণ কৰা নীলকণঠ দৰে ,সুখ বিলোৱা অমৃতৰ দৰে .,তেতিয়া জীৱন হৈ পৰিব ৰামধেনু দৰে ।
ৰেল খনে পঁ পঁ কৰি পুণৰ যাত্ৰা আৰম্ভ কৰিলে । মই আকৌ মোৰ সহযাত্ৰ পৰিয়ালটো লগত কথা পতাত ব্যস্থ্য হলো । খুড়াই আৰম্ভ কৰিলে next update  পঢ়িব আপুনি যদি পঢ়ি ভাল পাইছে

Monday 17 June 2019

৩ য় খণ্ড


৩য় খণ্ড মে মাহৰ কোনোবা এটা পুৱা গুৱাহাটী পালোহী হাইদৰাবাদ যোৱা অভিপ্ৰায়ে । বতৰটো বৰ ভাল নহয় এজাক কিনকিনিয়া বৰষুণ । বাছৰ পৰা নামিয়ে বৰষুণত তিতি তিতিয়ে ষ্টেচনৰ ফালে আগবা়ঢ়িলো ।ৰেলখন যাবলৈ আৰু আধাঘণ্টা বাকী আছে ।মানুহবোৰে নিজৰ নিজৰ আসন বিচৰাত ব্যস্ত হৈ আছে । বৰষুণজাক ক্ৰমাণয়ে ডাঙৰ হৈ আহিছে ।ৰেলখনেও গতি লবলৈ আৰম্ভ কৰিছে ।ৰেলৰ গতি লগতে যেন মোৰো জীৱনৰ গতি লবলৈ আৰম্ভ কৰিছে ।মোৰ ভাৱনাবোৰেও ৰোলৰ ডবাবোৰৰ দৰে লানিপাতি দৌৰিব ধৰিছে ।ৰেলখন কেতিয়াবা অৰণ্য মাজেৰে কেতিয়াবা চহৰৰ মাজেৰে আগবাঢ়ি গৈ আছে ।আৰু মই চিপচিপ বৰষুণজাকৰ মাদকতা উপভোগ কৰিছো । বৰষুণ এৰিলে , বেলিটোৱে আকাশৰ ডাৱৰ মাজেৰে ভুমুকি মাৰি এবাৰ পৃথিৱীলৈ চাইছে।ৰেলখনৰ গতি ক্ৰমাণয়ে কমি আহিছে ।হয়তো কোনোবা ষ্টেচন পাৱ সময় হৈছে ।হয় বঙাইগাওঁ ৰেল জংচনত ৰেলখন ৰল । বিভিন্ন খাদ্য সামগ্ৰী বেপাৰীবোৰে খাদ্য সম্ভাৰ লৈ দৌৰা দৌৰি কৰিছে এটা ডবা পৰা আনটো ডবালৈ ।তেনেতে মই বঢ়ি থকা কম্পাৰতমেণ্টটোলৈ মোৰ দেউতা সমবয়সীয়া এজন বৃদ্ধ তেওঁ পৰিবাৰৰ সৈতে মোৰ কাষৰ আসনত বঢ়িলেহি । তেওঁ হাতত দুখন বাতৰি কাকত এখন অসমীয়া আনখন ইংৰাজী ।ডিঙিত এখন ফুলাম গামোচা । দেখাত তেওঁক বহুত চিন্তাৱিত লাগিছে যেন কোনোবাই ৰেল যাত্ৰা সুবিধা সেৰুৱাব ।তেনেতে মই সুধিলো খুড়া আপোনাৰ কোনোবা আহিব আছে নেকি তেওঁ কলে মোৰ ছোৱালীজনী অহা নাই কিনো কৰি থাকে । মই কলো আহিব চিন্তা নকৰিব ট্ৰেইন এৰিবলৈ এতিয়াও ১০ মিনিত আছে । ঠিক ৫ মিনিত পাছত এজনী ছোৱালী মোৰ কম্পাটমেণ্টলৈ সোমাই আহিল পিঠিত এটা প্ৰকাণ্ড বেগ ।বয়সত মোৰ সমবয়সীয়াই হৱ । পাথ্যক হয় যদি এক দুইবছৰৰ হৱ । তাই আহি নিদিষ্ঠ আসনত বহিলেহি ।পঁ পঁ কৈ ৰেল খনে যাত্ৰা সংকেত দিলে । তেনেতে দেউতা বয়সৰ মানুহজনে কলে মাজনী তই ইমান সময় কত আছিলি ও মই চিন্তাতে পৰিছিলো । তহঁতি আৰু যে চিপচ আৰু চকলেতৰ পিছতে পৰি থাক । দুৰণিবতিয়া ৰেলৰ যাত্ৰা । দুৰণিবতিয়া ৰেলৰ যাত্ৰা এটা বেলেগ আমেজ আছে ।আপোনি এই আমেজ প্লেনত নাপাই ।প্লেনত আপোনি একেখন আসনত বঢ়িয়ে থাকিব লাগিব ।আপোনাৰ কোনো বিকল্প নাথাকে ।কিন্ত্ত ৰেলৰ যাত্ৰাত আপোনাৰ ইচ্ছামতে আপুনি গোটেই ৰেলখন ঘুৰিব পাৰিৱ । ইচ্ছামতে আপোনাৰ খোৱা বস্তু লৱ পাৰে মুঠতে এটা আমেজ ভৰা যাত্ৰা ।মোৰ এই আমেজ ভৰা যাত্ৰাত এজনী পৰী আগমন ঘটিছিল । চালে চাই থাকিব মন যোৱা । পৰীজনী ছোৱা আশাৰে সেই দেউতা বয়সৰ খুড়াজনৰ লগত কথা পাতিবলৈ ধৰিলো ।কথা মাজতে খোড়াজনে প্ৰতিদিন বাতৰিখনৰ প্ৰথম পৃষ্ঠাত এটা বাতৰি শিৰোণামা দেখালে থলুৱা বস্ত্ৰ শিল্প ধবংসৰ প্ৰতিবাদত শুৱালকুছিত জ্বলালে ২৫ লাখ টকাৰ নকল সুতাৰ কাপোৰ । ভাইটি এই বাতৰিটো ওপৰত তোমাৰ মন্তব্য কি । পৰী ছাবলৈ আহি মৰিলো বাপ্পেকে ।তক্ষণাত ইমান ডাঙৰ শিৰোণামা ওপৰত কেনেকৈ মন্তব্য কৰো বাৰু ।তথাপিও বাতৰি কাকতখন হাতত ললো । ওপৰৰ আসনৰ পৰা পৰীয়ে মোৰলৈ চালে আৰু এটা ৰহস্যপুণ হাঁহি মাৰিলে যেন মই কোনোবা ছোৱালীলৈ ছাঁওতে উজতি খাই গাঁতত পৰিলো ।কথকি আজি তই বাঘৰ হাতত পৰিলিহি । তথাপিও কিবা এটা কৈ পৰীজনী আগত মূখখন বছাব লাগিৱ ।হওঁক নহওঁক আৰম্ভ কৰি দিলো মোৰ লোকছাৰ । মই সঠিক ভাৱে কৱ নোৱাৰিম খোড়া । মোৰ মতে প্ৰতিবাদকাৰীয়ে ঠিকে কৰিছে ।তেওঁলোকক ধবংস কৰিবলৈ লোৱাসকলক এটা শিক্ষা দিছে ।অসমৰ শিল্প উদ্যোগটো ৰক্ষা কৰিছে এচাম ডেকা –গাভৰু নিয়োগৰ বাট মুকলি কৰি ৰাখিছে । আজিকালিটো অসম চৰকাৰে নিয়োগৰ ব্যৱস্থা কৰিবই নোৱাৰে ।যি এটা নিয়োগৰ বাট মুকলি কৰে তাতো পুঁজিপতিসকলে ধনৰে হাত কৰি আমাৰ দৰে হালোৱা সজুৱাবোৰক পঠিয়াই দিয়ে গোলামী কৰিব । এই আমোলা বিষয়াবোৰক আমাৰ সমাজৰ এচামে বেয়া কৰিছে ।তেওঁলোকে প্ৰতিবাদ কৰিছে কৰক তাত মোৰ আপত্তি নাই ।আপত্তি কেৱল ২৫ লাখ টকা অগ্নিত জাপি দিয়াটো ।যদি অগ্নিত জাপি নিদি দুখিয়া সমাজত বিলাই দিলে হয় বহুত উপকৃত হলহতেঁন ।আৰু আমাৰো দোষ আছে । চাহিদা অনুপাতে আমি যোগান ধৰিৱ পৰা নাই। কথাৰ মাজতে ওপৰলৈ চালো দেখিলো পৰীজনীয়ে মোৰ কথা একান্তমনে শুনি আছে । মনটো ভাল লাগি গল । কিন্তু কি হৱ উপাই নাই খোড়াপৰা পলাৱ বিছাৰিছো নহলে মোৰ মগজু অপাৰেচন কৰিব । খোড়া মই অলপ ৰেষ্টৰুমৰ পৰা আঁহো তাৰপিছত আকৌ কথা পাতিম । যোৱা যোৱা ।মই তিনিঘণ্টামান মোৰ চিটলৈ নগলো । মই ৰ্দজা কাষত থিয় হৈ বৰষুণজাক উপভোগ কৰি আছো । হঠাতে কাৰোবা মাত শুনিলো । চাৱ আকৌ বাহিৰলৈ ওলাই পৰিৱ । ঘুৰি চাই দেখো সেই পৰীজনী ।অ তুমি ।নাই এনেই আৰু বৰষুণজাক ভাল লাগিছে । :মানে আপুনি বৰষুণ ভাল পাই মানে। মানে ৰোমাণ্টিক ।আপুনি কথাপাতি বৰ ভাল পাই যেন পাইছো । :কিয় সুধিলা । ::এনেই সুধিলো । আপোনাৰ নাম । :দেৱ । তোমাৰ নাম । :প্ৰিয়া :ধুনীয়া নাম । :বেয়া নাপাই যদি অকণমান ৰৈ দিব নেকি ।মানে মই ৱাথৰুম ......... মই দৰ্জা খনৰে বাহিৰলৈ চালো বৰষুণজাক কমিছিল। ঠাঁণ্ডা ঠাঁণ্ডা ভাৱ এটা আহি আছিল। তাই বাথৰুমৰপৰা উলাই আহি বেচিনত হাত ধুলে আৰু কলে আপুনি দেখোন ৱাথৰুম আঁহো বুলি কৈ আকৌ চিটলৈ ওভতি নগল । দেউতালৈ ভয় খালে আৰু কিবা কিবি সুধে বুলি । নাই নাই ভয় খোৱা নাই । বৰষুণজাক ভাল লগা কাৰণে ৰৈ গলো । মোৰো বৰষুণ ভাল লাগে । ঔ হয় নেকি ।আঁহা তেনে উপভোগ কৰা । মোৰ ভয় লাগে প্রেমত পৰিব, কাৰন এলকহলতকৈ প্রেমে হেনো অতি সোনকালে হত্যা কৰে এজন নিৰীহলোকক ।সেই কাৰণে কলেজত প্ৰেয়সী কাৰণ বুদ্ধু আছিলো । তথাপিও লুকাই লুকাই চাইছো তাই মায়াসনা মুখখনিলৈ । পঢ়ি চাব পৰা হলে তাই মনৰ কথাবোৰ । মই ভবা দৰে তায়ো ভাবিছে নেকি ।এতিয়া দেখোন বৰষুণজাক... মৰমৰ সাগৰ হব ধৰিছে ।মোৰ বুকুত তাই অনুভৱে বেৰি ধৰিছে । নিজকে সুখী বুলি কৃএিমতাৰ মুখা পিন্ধাজনে কি বুজিব হৃদয়ৰ সেউজীয়া ভাষা, বুজিম জানো ভালপোৱা কি । সময় নহয়,যি উৰি যাৱ মন বননিৰ পৰা. ... কাৰোবাৰ সুখে আবৰা ৷ বুকুৰ কোণত কোনোবাই এতিয়াও জুমি চা‍য় আছে ৷কোনোবাই গোপনে কাৰোবাৰ প্ৰেমত মগন হয় ৷ভাল লাগিল হয় যেতিয়া যেতিয়া মইও আকাশখনৰ এটা ক্ষুদ্ৰ অংশ কাৰোবাৰ বাবে ......। আমাৰ দেউতা লগত কথা পাতি আমনি পালে নহয় । নাই নাই বেয়া পোৱা নাই । বেয়া নাইপোৱা যদি ইমান সময় কিয় চিটলৈ যোৱা নাই । তাৰপিছত আমি বহুত কথা পাতিলো ।তাই নিজৰ চিটলৈ গলগৈ মই দৰ্জা ওছৰতে ৰৈ গলো । জীৱনত প্ৰথমবাৰ কোনোবা অচিনাকী ছোৱালীৰ লগত ইমান কথা পাতিছিলো। ছোৱালীজনী ভাল আছিল। ভেম চেম একো নাছিল।মই নিজকে বিশ্বাস কৰিব পৰা নাছিলো । মই বৰ ভাগ্যৱান।শান্তিত এঘূমুতি মাৰিব পাৰো যেতিয়াই মন যায় তেতিয়াই ভৰ দুপৰীয়া বা দুভাগ ৰাতি নহয়তো বা পুৱতি নিশা কাৰোঁ ফোন নাহে । কিন্তু কেতিয়াবা ভাগ্যখন সলনি কৰিব মন যায় ।ক্ষণিক সময়ৰ বাবে বুকুৰ কোনোবাখিনিত উশাহ বন্ধ হৈ গভীৰ ব্যাকুলতাৰে নিশ্বাসত ওলাই যায় তপ্ত হুমুনিয়াহ আৰু বহু সময়লৈ মনৰ মাজত খোদিত হৈ ৰৈ যায় এখন ছবি৷কি এয়াই প্ৰেম ভালপোৱা নেকি । প্ৰেমৰ অৰ্থ কি উপলব্ধি কৰিব নোৱাৰো প্ৰেমক কেনেকৈ অনুভৱ কৰিম ।মনত আজি এজাক বহাগৰ বা লাগিছে । মনত এটা কবিতা গুণ গুণনি । বহাগৰ বতাহ লগাৰে পৰা । মন ৰাইজাই কৰিছে জানা । অচিনা আবেগতে । তোমাৰ মৰমতে । মাঘ ফাগুণ চ'তৰে পৰা তুমি জানো উমান পাইছা । মোৰ মনৰে কথা । মই অধিৰ আজি তোমাক বিচাৰি । বিহু তলিত তোমাক বিচাৰি । মন উতলা ফাগুনৰ পৰা । জিৰি জিৰি মলয়া জাক লগাৰে পৰা । মন উগুল থুগুল লাগি আছিল জানা । পলাশ ৰঙা গোলাপ ৰঙা আৰু ৰাঙলী মদাৰ । আকাশ ৰাঙলী কৰিছিল জানা । কুউ কুউ বুলি কুলি মাত শুনাৰেপৰা । মন উগুল থুগুল লাগিছিল জানা । মন আজি উৰণীয়া । বহাগৰে বা লগা । আৰু কৱ নোৱাৰি ।সমস্থ মগজুৱে বতাহত উৰি গল ।নিজৰ চিটলৈ আহি ৰাতিসাঁজ খাই শুই পৰিলো ।প্ৰথমদিনা ইমানতে শেষ । আকৈ লগ পাম ।

২য় খণ্ড


২য় খণ্ড নৈশ বাছখনে গতি লবলৈ আৰম্ভ কৰিছে ।বাছখনৰ অচিনাকি ।অচিনাকি যাত্ৰিসকলৰ মাজত মোৰ নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছো । অকলশৰীয়া মুহুত্তবোৰে মোক বৰকৈ আমনি কৰে । কলেজিয়া দিনৰ সেই প্ৰাণৰ চঞ্চল ছবিবোৰ । সেই কলেজিয়া জীৱনৰ ৰঙীন সুমধুৰ স্মৃতিবোৰ । এই স্মৃতিবোৰৰ মাজত এখন ছবিয়ে বৰকৈ আমনি কৰি থাকে যিখন মই মচিব খোজিও মচিব পৰা নাই ।যি প্ৰথম চিনাকীতে মোৰ হৃদয়খন চুৰ কৰিছিল মোৰ অজানিতে ।তাই কম মৰম কৰিছিল নে মোৰ নিসংগতা দুৰ কৰিছিল ।এদিন তাই মোক সুধিছিল দেৱ তুমি মোক কিয় এভইড কৰিছা । তেতিয়া মই কৈছিলো – মই কৱ নোৱাৰো মই নজনাকৈয়ে কেতিয়াবা ......। জানা প্ৰেয়সী কিছুমান কথা আছে যিবোৰ কথা কাকো কৱ নোৱাৰো । গণিতৰ ভাষাত কৱলৈ গলে সেইবোৰ কাৰোবাক কলে যেন মই ৰিক্ত হৈ যাম । তাই কৈছিল তোমাক কৱলৈ জোৰ নকৰো দেৱ । কিন্ত্তু এটা কথা মনত ৰাখিবা কেতিয়াবা সেইবোৰ কাৰোবাক কলে বহুত সকাহ পাৱ পাৰি । ধেত পাগলী তহঁতৰ সানিধ্যয়ে মোক বহুত সকাহ দিয়ে ।যদি কেতিয়াবা কৱ মন যায় তোমাকে কম বাৰু । তাই চিঞৰি কোৱা দৰে সুধিলে সঁচানে ।মই সুধিলো কথাটো এতিয়া কলে শুনিবা নেকি ।কিন্ত্ত মোক খং নকৰো বুলি কোৱা ।আৰু কাকো নকও বুলি কোৱা । ঃ নকও । কোৱা আকৌ । ঃ মই কথা এটা ভাবি পোৱা নাই ছোৱালীবোৰে লৰাই কিবা এটা কথা কম বুলি কলে , শুনিবলৈ কিয় উত্ৰাৱল হৈ থাকে বাৰু .। যিকি নহওক আজি কথাটো নকওঁ দেই । মোৰ কথা শুনি তাই খংত তিঙিৰি তুলা হল যেন চয়ং মা কালি সম্খুত । মই আৰু ৰৈ নাথাকিলো । বেচেৰিয়ে ভাবিছিলে ছাগৈ মই তোমাক ভাল পাওঁ বুলি কম ।আৰু মই ভৱা কথাটোও মিচা নাছিল । কাজিয়া কৰি কৰি তিনিবছৰ কোনটো আঙুলী ফাকেৰে সৰকিলে গমকে নাপালো । তিনিবছৰৰ ডেঞ্জাৰাছ প্ৰেম ।এতিয়াও সেই তিনিবছৰৰ ডেঞ্জাৰাছ প্ৰেমে খুলি খুলি খাই কিয় বাৰু মই কৈ নিদিলো মই তোমাক ভাল পাও বুলি ।এতিয়া খা বাপ্পেকে বৰলা ভাত ।হৃষ্ট-পুষ্ট দুষ্ট লৰাটোক যে তিনিটা বছৰতে এক্কেবাৰে পানীকেচুৱা কৰি পেলাইছিল ভাবকছোন সেইগৰাকীৰ মহিমা তেন্তে কম হ'ব নে...। সঁচা দেই জীৱন জীৱন বৰ অনুপম ।আচলতে মোৰ প্ৰেয়সী এজনী প্ৰেম ৰোগৰ ডাক্তৰনী ।এই যে ডাক্তৰে দৰৱ দিলে কয় দুচামুচ আহাৰৰ আগত...মোৰো অৱস্থা ঠিক তেনেকুৱাই । দুচামুচ কেয়াৰ আহাৰৰ আগত... দুচামোচ চিন্তা লগৰ লগত যাম বুলি কলে , দুচামোচ মিছ ইউ কলেজৰ পৰা ঘৰলৈ আঁহোতে । আৰু দুচামোচ মৰমৰ কথাটো কম কম বুলি ভাবি থাকোতে গল ।আছলতে বেমাৰতো কত হৈছিল তাই গম পোৱা নাছিল ।মইও নকলো ।আছলতে মোৰ বেমাৰটো হল অসমৰ নিবনুৱা ।পৰীক্ষা শেষ হল এতিয়াতো কিবা এটা কৰিব লাগিব । গ্ৰেজুৱেত হম ।কৰ্ম সন্ধানত হাইদৰাবাদ ৰাওঁনা হলো ।হাইদৰাবাদত থাকোতে কোনোবা এদিন কোনোবা ৰাৱনে আহি প্ৰেয়সীক হৰণ কৰি লৈ গৈছিল... নে প্ৰেয়সীয়ে নিজেই পূৰণ হৈছিল ক'ব নোৱাৰো । হাইদৰাবাদৰ কাহিনী কম নেকি