Wednesday, 11 December 2019

৫ম খণ্ড

৫  ম খণ্ড 

• কি হে ডেকা লৰা ।ইমান নিৰৱে কি ভাবি আছা ।
• ষ্টেচনৰ পৰিবেশটো চাই আছিলো ।
• মিচা কৈছা তুমি কিবা এটা ভাবি আছা ।? কোৱা লাজ নকৰিবা কোৱা মই তোমাৰ দেউতা নিচিনা ।কথাবোৰ খুলি কৱ পৰাটোও এটা কলা ।(কিয় বাৰু খুড়াই মোৰ মনোজগতত খোজ দিব খোজিছে মই বুজিব পৰা নাই। কি কওঁ ভাবি পোৱা নাই ।)
• আপুনি ঠিক অনুমান কৰিছে খোড়া ।মোৰ মনত এটা কথাই বছৰ বছৰ ধৰি পাকঘুৰণি খাই আছে ।আমি নিবনুৱা নে নিষ্কৰ্মাৰ ।
• দুয়োটা ।আমাৰ সকলো থাকিও আমি নিজেই একো নকৰো কেৱল চৰকাৰী চাকৰি এটা আশাত বহি থাকো ।তেওঁক নিৰ্স্কমা বোলে ।আৰু নিবনুৱা সেইজন যিজনৰ কিবা এটা কাম কৰা ৰ্দুবাৰ হেপাঁহ আছে কিন্তু কৰিব কাৰণে কোনো সুবিধা নাই ।অসমৰ নিবনুৱাসকল এটা কাৰণেই নিবনুৱা যে তেওঁলোকে শিক্ষা-দীক্ষা গ্রহণ কৰি চৰকাৰী চাকৰি এটা লাভ কৰিব পৰা নাই।কিন্তু বনুৱা কেনেকৈ হৱ পাৰি কথাতো ভাবি নাচাই।জানা ভাইটি আমি আমাৰ পৰিবেশ সলনি কৰিব হল । অসমৰ গাঁৱে ভূঞে, নগৰে-চহৰে বহু স্ব-নির্ভৰশীল পদ্ধতিৰে উপার্জন কৰিব পৰা পথ সুচল হৈ পৰি আছে। সেই সুবিধা আমি গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে সক্ষম নোহোৱাৰ কাৰণ বহুত আছে । উদাহৰণস্বৰুপে, আমাৰ ঘৰত সকলো ধৰণৰ খেতি উপযোগী যথেষ্ট মাটি আছে।যত খেতি কৰিলে মাহিলি ৩০ পৰা ৪০ হাজাৰমান টকা উৰ্পাজন হৱ । খেতি কৰিবৰ কাৰণে গৰুও আছে । কিন্ত মোৰ সৰু লৰাটো বিশ্ববিদ্যালয়ৰ ডিগ্রীধাৰী হোৱাৰ বাবে কৃষিত আত্মনিয়োগ নকৰি চৰকাৰী চাকৰিৰ অনুসন্ধানত জীৱন অতিবাহিত কৰিছে ।এইটো অকল আমাৰ ঘৰৰে সমস্যা নহয় অসমৰ প্ৰত্যেক ঘৰৰে সমস্যা । ফলত বহুজনৰ চাকৰি কৰিবৰ বাবে বয়সৰ সময় সীমাও উকলি গৈছে। ইয়াৰ বাবে আমাৰ শিক্ষা ব্যৱস্থা দায়ী । অসমীয়া সমাজৰ পৰা এনে অনেক উদাহৰণ দাঙি ধৰিব পাৰি। এতিয়া তুমি কি কোৱা নিবনুৱা নে নিষ্কৰ্মাৰ ।
• তাৰমানে এতিয়া আপোনাৰ মতে মহাবিদ্যালয় বিশ্ববিদ্যালয়বোৰ নিষ্কৰ্মাৰ উঁপাদন কৰা কাৰখানা ।মোৰ কথা শুনি সকলো সহযাত্ৰীয়ে জোৰকৈ হাঁহিলে ।
• নহয় নেকি ।
• কথাতো সিমান সত্যও নহয় ।
• কিয়
• খুড়া আপোনাৰ সৰু লৰাই খেতিত কামত হাত দিয়া হলে আপুনি নিশ্বয় সুখী হল হেতেন ।কিন্তু সি মানসিক অশান্তিত ভুগিল হেঁতেন ।
• কেনেকৈ।
• আমাৰ সমাজত এনে কিছুমান মানুহ আছে যি আমাক নিষ্কৰ্মাৰ কৰি ৰাখে ।আপোনাৰ লৰাই খেতি কৰা হলে কলেহেতেন তই খেতি কৰিবলৈকে ইমানখিনি ডিগ্ৰী ললি নেকি ।তেতিয়া তাৰ হাতত কোনো উত্তৰ নাথাকিব । আছলতে আমাৰ চিন্তাধাৰা সলনি কৰিব হল । পশ্চিমীয়া দেশসমূহৰ দৰে আমাৰ ৰাজ্যত কর্ম সংস্কৃতিৰ মনোভাৱ গঢ়ি উঠা নাই ।অসমীয়া মানুহৰ সামাজিক দৃষ্টিভংগী সলনি কৰিব লাগিব। যিকোনো শ্রমৰ মৰ্য্যদা দিবলৈ শিকিব লাগিব।নহলে আমি অসমীয়া হৈ নাথাকিম নিষ্কৰ্মাৰ হৈ পৰিম ।
• বাৰু এতিয়া তুমি কোৱাচোন তুমি নিবনুৱা নে নিষ্কৰ্মাৰ ।
• মই নিবনুৱা বা নিষ্কৰ্মাৰ ।কোনো এটাই নহয় ।কাৰণ মই চৰকাৰী চাকৰী আশাত পঢ়া নাছিলো ।
• তেতিয়া হলে । অন্য এজন যাত্ৰীয়ে মোক প্ৰশ্ন কৰিলে ।
• এই কাৰণে পঢ়িলো মোৰ জীৱনৰ লগতে আন দহজনক কেনেকৈ আগুৱাই নিৱ পাৰো ।
• কেনেকৈ ।
• সেইটো এতিয়া নকওঁ ।যদি কেতিয়াবা লগ পাওঁ তেতিয়া কম ।
কথাতো কৈ শেষ কৰিছিলোহে ঠিক সেই সময়তে হাতচাপৰি বজাই তিনিগৰাকী মহিলা উপস্থিত হল ।একো একোজনী হতঙা হতং মহিলা ।মূখলৈ চালো দাঁড়ী আছে । হাতৰ আঙুলি কেপত দহ টকীয়া নোট ।সকলোৰে পৰা পইচা বিচাৰিছে ।আৰু যিজনে দিয়া নাই তেওঁ মান সন্মান লুটিছে ।খুৰাই আমাৰ আটাই হৈ ৫০টকা দিলে ।জীৱনত প্ৰথম দেখিছো দাঁড়ী থকা মহিলা । অৰ্ধনাৰী-অৰ্ধপুৰুষ। কোৱা শুনিছিলো মহাভাৰতত এনেকোৱা এটি চৰিত্ৰ কথা । যাৰ নাম আছিল শিখণ্ডী ।যেন প্ৰকৃতিৰ বিস্ময় আৰু নিয়তিৰ নিৰ্মম উপহাস।  নাৰীয়ে ব্যৱহাৰ কৰা পোছাক, লিপষ্টিক, গহনা আদি পিন্ধি থাকে। নিজকে কন্যা ৰুপত সজাই ৰাখে ।এওঁলোকৰ বিষয়ে জানিবলৈ ত্ৰিব্য আকাংশা উপজিল ।কথাষাৰ খুড়াক সুধিলো ।খুড়াই কলে এওঁলোকক (Hermaphrodite) হিজৰা বুলি কই ।পুৰুষ দেখিলে চঞ্চল হৈ উঠে সিহঁতৰ দেহ মন । হিজৰা সকলৰ মাজত না পুৰুষৰ পূর্ণ বৈশিষ্ট্য দেখা পোৱা যায়, না মহিলা সকলৰ ।হিজৰা হ'ল বুলিয়েই নাহাঁহিবা সিহঁতক।মহাভাৰতত শিখণ্ডীৰ বাবেই সম্ভৱ হৈছিল কুৰুক্ষেত্ৰত পাণ্ডৱৰ মহাবিজয় ।এওঁলোকৰ বৈবাহিক জীৱন মাত্ৰ ২৪ ঘণ্টা ।এয়া এক পৌৰাণিক কাহিনী।বাস্থৱত কি মই নাজানো ।মই আৰু খুড়াক জোৰ নকৰিলো ।খিড়ীকিৰে বাহিৰলৈ চালো ৰেলখন দূৰন্ত  গতিত আগবাঢ়িছে ।শিলৰ টকলা পাহাৰবোৰ পিছলৈ দৌৰিছে । আমাৰ আৰু কথা পতা নহল মহাভাৰতৰ শিখণ্ডীয়ে আমাৰ কথা ইতি পেলালে  ।  next updateloi wait karak

No comments:

Post a Comment