Monday 17 June 2019

২য় খণ্ড


২য় খণ্ড নৈশ বাছখনে গতি লবলৈ আৰম্ভ কৰিছে ।বাছখনৰ অচিনাকি ।অচিনাকি যাত্ৰিসকলৰ মাজত মোৰ নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছো । অকলশৰীয়া মুহুত্তবোৰে মোক বৰকৈ আমনি কৰে । কলেজিয়া দিনৰ সেই প্ৰাণৰ চঞ্চল ছবিবোৰ । সেই কলেজিয়া জীৱনৰ ৰঙীন সুমধুৰ স্মৃতিবোৰ । এই স্মৃতিবোৰৰ মাজত এখন ছবিয়ে বৰকৈ আমনি কৰি থাকে যিখন মই মচিব খোজিও মচিব পৰা নাই ।যি প্ৰথম চিনাকীতে মোৰ হৃদয়খন চুৰ কৰিছিল মোৰ অজানিতে ।তাই কম মৰম কৰিছিল নে মোৰ নিসংগতা দুৰ কৰিছিল ।এদিন তাই মোক সুধিছিল দেৱ তুমি মোক কিয় এভইড কৰিছা । তেতিয়া মই কৈছিলো – মই কৱ নোৱাৰো মই নজনাকৈয়ে কেতিয়াবা ......। জানা প্ৰেয়সী কিছুমান কথা আছে যিবোৰ কথা কাকো কৱ নোৱাৰো । গণিতৰ ভাষাত কৱলৈ গলে সেইবোৰ কাৰোবাক কলে যেন মই ৰিক্ত হৈ যাম । তাই কৈছিল তোমাক কৱলৈ জোৰ নকৰো দেৱ । কিন্ত্তু এটা কথা মনত ৰাখিবা কেতিয়াবা সেইবোৰ কাৰোবাক কলে বহুত সকাহ পাৱ পাৰি । ধেত পাগলী তহঁতৰ সানিধ্যয়ে মোক বহুত সকাহ দিয়ে ।যদি কেতিয়াবা কৱ মন যায় তোমাকে কম বাৰু । তাই চিঞৰি কোৱা দৰে সুধিলে সঁচানে ।মই সুধিলো কথাটো এতিয়া কলে শুনিবা নেকি ।কিন্ত্ত মোক খং নকৰো বুলি কোৱা ।আৰু কাকো নকও বুলি কোৱা । ঃ নকও । কোৱা আকৌ । ঃ মই কথা এটা ভাবি পোৱা নাই ছোৱালীবোৰে লৰাই কিবা এটা কথা কম বুলি কলে , শুনিবলৈ কিয় উত্ৰাৱল হৈ থাকে বাৰু .। যিকি নহওক আজি কথাটো নকওঁ দেই । মোৰ কথা শুনি তাই খংত তিঙিৰি তুলা হল যেন চয়ং মা কালি সম্খুত । মই আৰু ৰৈ নাথাকিলো । বেচেৰিয়ে ভাবিছিলে ছাগৈ মই তোমাক ভাল পাওঁ বুলি কম ।আৰু মই ভৱা কথাটোও মিচা নাছিল । কাজিয়া কৰি কৰি তিনিবছৰ কোনটো আঙুলী ফাকেৰে সৰকিলে গমকে নাপালো । তিনিবছৰৰ ডেঞ্জাৰাছ প্ৰেম ।এতিয়াও সেই তিনিবছৰৰ ডেঞ্জাৰাছ প্ৰেমে খুলি খুলি খাই কিয় বাৰু মই কৈ নিদিলো মই তোমাক ভাল পাও বুলি ।এতিয়া খা বাপ্পেকে বৰলা ভাত ।হৃষ্ট-পুষ্ট দুষ্ট লৰাটোক যে তিনিটা বছৰতে এক্কেবাৰে পানীকেচুৱা কৰি পেলাইছিল ভাবকছোন সেইগৰাকীৰ মহিমা তেন্তে কম হ'ব নে...। সঁচা দেই জীৱন জীৱন বৰ অনুপম ।আচলতে মোৰ প্ৰেয়সী এজনী প্ৰেম ৰোগৰ ডাক্তৰনী ।এই যে ডাক্তৰে দৰৱ দিলে কয় দুচামুচ আহাৰৰ আগত...মোৰো অৱস্থা ঠিক তেনেকুৱাই । দুচামুচ কেয়াৰ আহাৰৰ আগত... দুচামোচ চিন্তা লগৰ লগত যাম বুলি কলে , দুচামোচ মিছ ইউ কলেজৰ পৰা ঘৰলৈ আঁহোতে । আৰু দুচামোচ মৰমৰ কথাটো কম কম বুলি ভাবি থাকোতে গল ।আছলতে বেমাৰতো কত হৈছিল তাই গম পোৱা নাছিল ।মইও নকলো ।আছলতে মোৰ বেমাৰটো হল অসমৰ নিবনুৱা ।পৰীক্ষা শেষ হল এতিয়াতো কিবা এটা কৰিব লাগিব । গ্ৰেজুৱেত হম ।কৰ্ম সন্ধানত হাইদৰাবাদ ৰাওঁনা হলো ।হাইদৰাবাদত থাকোতে কোনোবা এদিন কোনোবা ৰাৱনে আহি প্ৰেয়সীক হৰণ কৰি লৈ গৈছিল... নে প্ৰেয়সীয়ে নিজেই পূৰণ হৈছিল ক'ব নোৱাৰো । হাইদৰাবাদৰ কাহিনী কম নেকি

No comments:

Post a Comment