৭ম খণ্ড
মই মোৰ সহযাত্ৰীজনৰ কথা শুনি বিচূৰ্তি খালো । বিচূৰ্তি নাখাম কিয় পৃথিৱী ১০০ টা মুখ্য ভাষা ভিতৰত ৬৫ নং থকা এটা জাতি এটা জাতি এখিলা বুৰঞ্জী পাত হৱ । ইয়াৰ মুখ্য কাৰণ কি হৱ পাৰে ।এই কথাষাৰে মোৰ মগজু গভীৰতাত ঘূৰ্ণি বতাহ সৃষ্টি কৰিছে । ঘূৰ্ণি বতাহজাকে আমাক ভাঙি টুকুৰা টুকুৰ কৰিলে বড়ো,ৰাভা,মিচিং,তিৱা,কাৰ্বি,আহোম,কোচ-ৰাজবংশী,চুতীয়া,লালুং কচাৰী ।আমি কিয় বুজি পোৱা নাই যে স্বাধীনতা প্ৰথম চৰ্ত স্ব-নিভৰশীলতা । আনৰ ওপৰত নিৰ্ভৰ কৰিব থাকিৱ লাগিলে সেই স্বাধীনতা মূল্য কত ।কি বিচাৰিছে ইহঁতে আৰু আমাৰ চৰকাৰখনে! এইবোৰ কথা আমি বহু সময়ত বুজিও নুবুজো আৰু নুবুজাকৈয়ে কেতিয়াবা বহু কথা বুজি পাওঁ ৷কলা গুৰু বিষ্ণু ৰাভা গীতটোলৈ মনত পৰিছে
জাগ জাগ জাগ কৃষক শক্তি দল
বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল ।
জাগ জাগ জাগ তোৰ বাহুতেই লুকাই আছে অসীম শক্তি বল ।
অ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল। ....
...........বিপ্লৱী কিতাপ পঢ়িলে জানো বিপ্লৱী হৱ পাৰি ।যদি অন্তৰে নকই ।সেই মই মুখাপিন্ধা সংগ্ৰামী হৱ নোখোজোঁ ।সংগ্ৰামী নেতা প্ৰতিখোজতে একো একোটা প্ৰলোভন । প্ৰলোভনত নিজক বছাই ৰখাতো কঠিন ।সেয়ে আজি মোৰ চিঞঁৰি চিঞঁৰি অসমীয়া পাহুৱাল ডেকাক কৱ খোজো কৰ্ম যোগে আন্দোলন কৰা ।নিজক বছোৱা দৰিদ্ৰতা পৰা ।কথাবোৰ ভাবিয়ে ভাল লাগিছিলহে খুড়াই আকৌ আৰম্ভ কৰিলে .....
• ভাৰত স্বাধীন প্ৰায় দুটাদশকলৈক অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনে অন্য ৰাজ্য লগত ফেৰ মাৰিব পৰা আছিল । কিন্তু সত্তৰ দশকৰ সেউজ বিপ্লৱৰ পিছৰ পৰা অসমৰ অৰ্থনীতি ভাঙি থান বান হল ।পাঞ্জাৱ হাৰিয়ানা অন্ধপ্ৰদেশ আদি ৰাজ্যবোৰে উন্নতি যখলাত বগাই গল ।অসমত নদী বান্ধ নাই বাবে ছমাহ খেতি কৰি ছমাহ বহি থাকিব লাগে । প্ৰতি বছৰে অসমলৈ বানপানী আহে কাৰোবাৰ বাবে আলাউদ্দিনৰ চাকিটো হৈ । বানপানী আহিলে যে অসমলৈ কেৱল দুৰ্যোগ আহে তেনে নহয়, দুৰ্নিবাৰ গতিৰে দুৰ্নীতিৰ বৰষুণো আহে ।বানপানী থকা কেইদিন কি বিৰোধী দল, কি বেচৰকাৰী সংগঠন সকলোৱে ৰাজনৈতিক মুনাফা লভাৰ্থে বান সমস্যা তথা দুৰ্নীতিৰ সমস্যাক লৈ সৰৱ হৈ উঠে ৷ কিন্তু বানপানী নোহোৱা হোৱাৰ লগে লগেই সেই সকল কত অন্তধ্যান হৈ যায় ।
• তেওঁলোকে মনত ৰাখিব লাগে অসমৰ সমস্যা সমাধান কৰিবলৈহে মন্ত্ৰী-বিধায়ক জনসাধাৰনে নিৰ্বাচিত কৰে।জনসাধাৰনে ধনেৰে দৰমহা দি পুহি ৰাখিছে। তেওঁলোকক জনসাধাৰণে বিশেষ দায়িত্ব দি জনসাধাৰণৰ সেৱা কৰিবলৈ পঠাইছে।কিন্তু শাসনৰ গাদিত বহি মদগৰ্বী হৈ জনসাধাৰণক শাসন কৰিবলৈ যোৱাতো নিশ্চয় বাঞ্চনীয় নহয় ।
• আৰু আন্দোলনকাৰীসকলেও মনত ৰখা উচিত যে তেওঁলোকে জনসাধাৰণৰ সেৱা কৰিবলৈহে দৃঢ়তাৰে ওলাই আহিছে। বুজাবুজিৰে সমস্যা সমাধান বাট মুকলি কৰিব লাগে ।গোপনে বুজাবুজিৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰাতো মই নিবিছাৰো ।
• দুইপক্ষই এটা কথা মনত ৰখা উচিত যে জনসাধাৰণে দেশখন কাকোৱে ঠিকাত দিয়া নাই! যদি পৰা দেশৰ উন্নতি কৰা, নোৱাৰিলে একো নকৰিবা, কিন্তু মিচা আশা দি জনসাধাৰনৰ সপোনবোৰ ধ্বংস নকৰিবা । জনসাধাৰনৰ সপোন ধবংস হলে দেশে আগোৱাই যাৱ নোৱাৰে ।
• কেতিয়াবা কেতিয়াবা আকৌ যিবিলাক সমস্যাৰ সমাধান বিচাৰি আন্দোলন কৰে, আন্দোলন আন্দোলন হৈয়ে থাকি যায় ।সমস্যা হৈয়ে ৰৈ যায় ।আন্দোলনৰ গইনা লৈ কোনো কোনোৱে ব্যক্তিগতভাৱে উন্নতি পথত অভাৱনীয় ভাৱে উন্নতি যখলা বগাই যায়; এতিয়া এনে লাগে যেন আন্দোলন কৰাটোও একমাত্ৰ জীৱিকাৰ পথ ।নহলে জানো ছাত্ৰ নহলেও ‘ছাত্ৰৰ নেতা’ হৱ আহে , যিজনে বিদ্যালয় মহাবিদ্যালয় এৰি সাংসাৰিক জীৱনত ভৰি দিলে । খেতি পথাৰত নাঙলৰ মুঠিত হাত লগাই পোৱা নাই, কিন্তু ‘কৃষকৰ নেতা’ শ্ৰমিক নহলেও শ্ৰমিকৰ নেতা’, যদি নেতৃত্ৰয়ে কৰিব নাজানা সৰ্বসাধাৰণৰ ‘সৰ্বহাৰাৰ নেতা’ হবলৈ আহে কিয় । নে জনসাধাৰণক আভুৱা ভাৰি লুটি-পুটি খাই নিজৰ নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ ।
খুড়াই মোৰ চকুলৈ চাই কলে ডেকা লৰা আজিলৈ ইমানতে সামৰো দিয়া ।কিয় কথা সুৰ সলনি কৰিছিল মই বুজি নাপালো ।কিন্তু মইও আপত্তি নকৰিলো ।হয়তো তেওঁ মোৰ চকুত খং দেখিছিল ।ৰেলখনে ঝক ঝক পঁ পঁ কৈ দুৰন্ত গতিৰে আগবাঢ়ি গৈ আছে ।খিড়িকীয়ে বাহিৰলৈ চালো ।সোণোৱালী ধাননী পথাৰ । ধাননী মাজে মাজে ওখ ওখ তালগছবোৰ ।দুৰ দুৰণিলৈকে মানুহৰ ঘৰ দেখা নাপালো ।যত মানুহৰ ঘৰ দেখিছো থুপাথুপিকৈ সৰু ডাঙৰ বহুত ঘৰ ।ম6ই খুৰাক সুধিলো এতিয়া আমি কত পালোহি ।তেওঁ কলে অন্ধপ্ৰদেশ পালোহি ।ঠায়ে ঠায়ে দেখা পাইছো ফুলৰ খেতি, কপাহৰ খেতি, কুঁহিয়া খেতি, কলৰ খেতি ।মুঠতে অন্ধপ্ৰদেশত সেউজ বিপ্লৱে বাৰুকৈয়ে শিপালে ।পথাৰৰ ৰং সেউজীয়া , হালধীয়া, বগা ,ৰঙা সকলো ৰঙেৰে ৰঙিল ।সেউজ বিপ্লৱে সঁচাকৈ অন্ধপ্ৰদেশবাসীক ফাকুৰ সানিলে । হাইদৰাবাদ পামগৈ আৰু
No comments:
Post a Comment