৪ৰ্থখণ্ড
এটি উজ্জল ৰাতিপুৱা ।সূয্য পোহৰত বনত,গছৰ পাতত ওলমি থকা নিয়ঁৰৰ টোপালবোৰ মুকুতা দৰে জিলিকি উঠিছে ।তেতিয়া পশ্চিম আকাশত এচপৰা শুকুলা ডাৱৰে পূৱা সুয্য পোহৰ পৰি কবি সাহিত্যিকৰ বণনা অতিত ৰং ধাৰণ কৰিছে ।যেন ৰঙৰ মেলাহে পাতিছে । মই দাঁত মাঁজি মাঁজি বহিৰৰ ফালে চাই আছো । মোৰ চকুত ওলমি আছে এটা বিনিদ্ৰ ৰজনী ।মই আহি দৰ্জা ওছৰত থিয় হলোহি। তেতিয়া পূৱ আকাশত বেলিটিয়ে তলবলীয়া ৰঙা হৈ আকাশত ভুমুকি মাৰিছে ।সূয্য নবীন কিৰণে মাধুৰী খেলী সুবিশাল বৃক্ষক সাৱটি ধৰিছে ।বসন্ত নিমল শীতল বতাহে দেহটো শীতল কৰি গল । এচেৰেঙা ৰদ পৰি ৰেল লাইনৰ কাষৰ ঘাঁহনিবোৰৰ নিয়ঁৰৰ টোপাল মুকুতা দৰে জ্বলি উঠিছে । কি মনোমোহা দৃশ্য ।যেন চাই থাকিলে চাই থাকিব মন ।সেয়ে চাগৈ কবি, ঋষি-মুনি সকলে প্ৰকৃতি ৰুপত মুগদ্ধ হয় ।এই প্ৰাকৃতিক ৰুপত মুগদ্ধ হৈ যাৱ মন যায় ক্ষন্তেক সময়ৰ বাবে । মোৰো চাগৈ কবি ঋষি হোৱা ইচছা জন্মিছে ।হাঃ হাঃ হাঃ মই বাৰু কবি, ঋষি-মুনি হৱ পাৰোনে । পৰীক্ষাত কেনেকৈ উতিন্ন হওঁ তাৰ ঠিকনা নাই।অৱশ্যে কবি, ঋষি-মুনি নহৈ মষিমু হৱ পাৰো ।মষিমু কিয় হম ।মোৰ জীৱনটোক লৈ বহুত সপোন আছে । আৰু এয়াই মোৰ সপোনৰ যাত্ৰা
কিছুপৰ পাছত যেন মোৰ তন্দ্ৰা ভাঙিল । প্ৰাকৃতিক সৌন্দয্য মায়া পৰিত্যাগ কৰিলো ।হঠা্তে পিছ ফালৰ পৰা কোনোবাই মাতিলে। ঘুৰি চাই দেখো প্ৰিয়া মোৰ পিছত ৰৈ আছে ।
Good morning .
Good morning .
আপোনাক দেউতাই চাহ খাৱলৈ মাতিছে ।
মোক !
ওম আপোনাক ।
বলা চাহ একাপ মোৰ বৰ প্ৰয়োজন । এটো সময়ত ঘৰত মায়ে এবাতি ৰঙা চাহ দিয়ে । মই লাজ নকৰাকৈ কথাষাৰ কৈ দিলো ।কিয় লাজ কৰিম নিজৰ অৱস্থা বিষয়ে কবলৈ । সেই বাতি চাহ খাইয়ে গৈছিলো বাৰিষা পথাৰত হাল বাবলৈ । সেই পথাৰতে মা হাতত প্ৰাণ পাই উঠিছিল আঘোণৰ সোণগুটি ।
ভাইটি কালি তুমি মোৰ কথাত আমনি পালা ।আমাৰ এই কৈ আছে ।
নাই খো়ড়া ।আপোনাৰ কথাত আমনি পাই যোৱা নাছিলো ।
তেতিয়া হলে ।
আছলতে মই নামনি অসমৰ পৰিবেশতো চাই আহিছিলো ।কোনো কাহানি এইফালে আহি পোৱা নাছিলোতো ।
তুমি আকৈ বেয়া পালা বুলি আমাৰ মাজনীয়ে গালি দি আছে ।মইনো কি বেয়াপোৱা কথাতো কৈছিলো ।
নাইকোৱা । পিছে আপুনি মোৰ লগত কথা পাতি আমনি নাপালেই হল ।
তুমি হাইদৰাবাদত কি কৰিৱ আহিছা ।
নাজনো কি কাম পাওঁ ।মোৰ কলেজী বন্ধু এজন তাতে থাকে সি মাতি পঠালে ।গুছি আহিছো দেখা যাওক জীৱনে কোনফালে গতি কৰে ।সি কি কৰে ময়ো নাজানো ।
অ হয় নেকি । তুমি চৰকাৰী চাকৰী নিবিছাৰী হাইদৰাবাদ আহিলা যে ।
খোড়া মই সঁচাটো কওঁনে মিচাটো কওঁ ।
সঁচাটোকে কোৱা ।
সঁচা কথাটো হল বহুত চৰকাৰী চাকৰী সক্ষাতকাৰ দিলো কিন্তু যোগ্যতা থাকিও চাকৰী নাপালো । চাকৰী নাপালো । ভাঙি পৰিছিলো । ভাবিছিলো হাতত অস্ত্ৰ তুলি লওঁ নেকি । কেতিয়াবা ভাবিছিলো আত্মহত্যা কৰো নেকি ।কিন্তু মোক মা দেউতা উজ্জ্বল মুখখনে ৰক্ষা কৰিলে ।তেওঁলোকে কৈছিল আন্ধাৰ যিমানে গভীৰ হৈ আহিব পোহৰলৈ আৰু বেছি সময় নাই ।
ঠিক কথা কৈছা ।প্ৰতেকৰে বিপৰিত কিবা এটা থাকিলেহে সেই বস্তু মুল্য থাকে ।তেওঁলোকৰ আশাবোৰ ৰ্পুণ কৰা ।মোৰো আশীবাদ তোমাৰ লগত থাকিব।
ধন্যবাদ খুড়া ।
চাহ খোৱা ঠাণ্ডা হৱ ।
চাহ কাপত চুমাদি বাহিৰলৈ চালো ৰেলখন আহি খড়গপুৰ ষ্টেচন পালেহি ।এটা দুগন্ধময় পৰিৱেশ ।কাউৰীবোৰে ডাষ্টৱীনৰ পৰা খাদ্য সংগ্ৰহ কৰিছে ।এটা অপৰিচিত পৰিবেশ । চাহ চানাৱালা মুৰত টুকুৰী লৈ দৌৰা দৌৰি কৰিছে । ঠিক সেই সময়তে দেখা পালো এখন চকা লগা পিৰাত বহি এজনে ডবাটো চফা কৰি আছে।লক্ষ্য কৰিলো তেওঁ ভৰি দুখন নাই । চফা কৰি হোৱাত তেওঁ ডিঙিত থকা কাপোৰখন মেলি ধৰিলে ।যোনে যিমান পাৰে দিলে ।জীৱনটো এনেকুৱা এটা যাত্ৰা হয় কোনে জানে কোনে বুজিব।সকলোৰে এটা আকাশ চুৱা সপোন থাকে । এওঁলোকে যদি জীয়াই থকা ইমান ডাঙৰ সপোন ৰচনা কৰিৱ পাৰে আমি এটা পৰিপুৰ্ণ শৰীৰৰে কিয় নোৱাৰিম । কিবা কাৰণত কিবা কামত বিফল হলো বুলিয়ে কিয় সতাশ হৈ পৰো ।আছলতে আমি জীৱনটো জাপন কৰিবই শিকা নাই নেকি বাৰু । জীৱন সমাবেশ...................জীৱনত বহুত সময়ত বহু জনৰ সানিধ্য লাভ কৰা যায় । তেওঁলোকৰ জীৱন কাহিনী শুনি মোৰ অনুভৱ হৈছিল জীৱনতো এখন গতিশীল নাটকৰ দৰে য'ত সমাবেশ ঘতিছে সুখ দুখ শান্তি অশান্তি । কোনোবাই যদি চকুলো টুকি টুকি জীৱনটো পাৰ কৰিছে
আৰু কোনোবাই কাৰোবা চকুলো মুচি দিছে ,কোনোবাই হাঁহি হাঁহি যান্ত্ৰণাবোৰ জয় কৰি জীৱনৰ জয়গান গাইছে ।যেতিয়া আমি নিৰাশাত ডুবি যাওঁ সেই সময়ত পাহৰি যাওঁ জীৱনটো যে সংগ্ৰামৰ স্থল বুলি ।জীৱন মানে কি নাজানো , জীৱনৰ সংজ্ঞা ডাঙৰ হোৱাৰে পৰা বিচাৰি ফুৰিছো ,কিন্তু মনে বিছাৰী ফুৰা উত্তৰ পোৱা নাই। মোৰ মতে জীৱনৰ সংজ্ঞা ৰামধেনু .........জীৱনটো যুঁজৰ ঠাই যুঁজ কৰি থাকা ইতিবাচক চিন্তাৰে দেখিবা এদিন তুমিও জয় হবা যুঁজাৰু জীৱনে কেতিয়াও হাৰ নামানে । জীৱনতোক উপভোগ কৰিব শিকা এটা গানৰ দৰে,, দুখবোৰ প্ৰাণ কৰা নীলকণঠ দৰে ,সুখ বিলোৱা অমৃতৰ দৰে .,তেতিয়া জীৱন হৈ পৰিব ৰামধেনু দৰে ।
ৰেল খনে পঁ পঁ কৰি পুণৰ যাত্ৰা আৰম্ভ কৰিলে । মই আকৌ মোৰ সহযাত্ৰ পৰিয়ালটো লগত কথা পতাত ব্যস্থ্য হলো । খুড়াই আৰম্ভ কৰিলে next update পঢ়িব আপুনি যদি পঢ়ি ভাল পাইছে
No comments:
Post a Comment