মোৰ সেউজী স্বপনত আইতা তুমি
মোৰ সেউজী স্বপনত আইতা তুমি ।
আইতা তোমাৰ সাধু কথাত এদিন মই উচ্ছকাংশী হৈ পৰিছিলো বিছৰন কৰিছিলো জোনবাই দেশত।কথা পাতিছিলো জিকমিক তৰাবোৰহঁতে ।
আইতা মই তোমাৰ ওছৰত দুখী ,মোৰ কলমেদি ভাষা নিগৰি নাহে তুমি কোৱা জোনবাই দেশৰ কথা
আধৰুৱা হৈ ৰল তোমাৰ নাতিনী কবিতা ।
আইতা তুমি গুছি যোৱা পিছত বাৰে বাৰে অনুভৱ কৰিছো তোমাৰ অনুপস্থিতি ।
কি দৰে বুজালে বুজিবা তুমবিহীন মি কিমান অকলশৰীয়া ।
আইতা তুমি বাৰু এতিয়া তৰা হৈ আছে নেকি জোনবাই দেশত ।
যদি তৰা হৈ আছা জোনবাই দেশত ,ছোৱাছোন তোমাৰ সেউজী পৃথিৱী মানুহবোৰক তোমাৰলোকৰ দৰে সহজ সৰল নহয় । তোমালোকৰ দৰে সময় নাই বন্ধু বান্ধৱীকবৰ লবলৈ সকলোবোৰ দৌৰিছে ধন দৌলতৰ পিছত । আইতা তোমাৰলোকৰ দৰে আইৰবোৰৰ সাধুকথা শুনিবলৈ নাতিনীবোৰৰ সময় নাই ।
নাতি নাতিনীয়ে ৰস নাপাই তোমাৰলোকৰ সাধুকথাত .আইতা আৰু নালিখো মোৰ বৰ ভাগৰ লাগিছে।
এই যান্ত্ৰিকতা পৃথিৱীত ।
তুমি মাথো মোক আশীবাদ কৰা আজি যন্ত্ৰ মানৱক মন্ত্ৰ কৰি পোহৰৰ সঠিক
বাট দেখোৱাবলৈ।
ইতি তোমাৰ নাতি।
No comments:
Post a Comment