Wednesday 15 January 2020

৮ম খণ্ড

৮ ম খণ্ড

সময় ৰাতিপুৱা ।চেকেণ্ডাবাদ জংচন । মে মাহৰ গৰম ।সকলো যাত্ৰী ৰেলৰ পৰা নামিছে । মই খুৰা আৰু প্ৰিয়াও ৰেলৰ পৰা নামিলো ।মই প্ৰিয়াক এৰি যাব খুজিও ৰৈ গ’লো । চাওঁ-নাচাওঁকৈ উভতি চালো প্ৰিয়ালৈ। সেই একেই স্নিগ্ধ, শান্ত সমাহিত পোহৰ পোহৰ লগা চিনাকি মুখ। অবাক হৈ ক’ব নোৱাৰাকৈয়ে থৰ লাগি চাই ৰলো  প্ৰিয়া মুখলৈ। পাতল ওঁঠ দুটাত মিচিকিয়া হাঁহিটো লাগি আছে। উজ্জ্বল দুচকুত কৌতুকৰ তিৰবিৰণি । অসম্ভৱ ধুনীয়া তাইৰ চকু দুটা। মোৰ কৱ মন গৈছিল “তোমাৰ দুচকুৰ নীলাখিনিত মোৰ সদায়ে ডুবি থাকিবৰ মন যায় প্ৰিয়া। তুমি কাজল সানিবা চকুত। মোৰ ভাল লাগে।  তোমাৰ ওঁঠযুৰি আৰু মোহনীয়া । আনে তোমাক ৰৈ ৰৈ চাওঁক সেয়া মোৰ সহ্য নহৱ কজানি। তুমি মোৰ। তোমাক তেনেকৈ ৰৈ ৰৈ তধা লাগি চোৱাৰ অধিকাৰ অকল মোৰহে । ওঁঠত পাতল গুলপীয়া ৰঙৰ লিপষ্টিক।আজি দুদিন বিনিদ্ৰ ৰজনীয়ে তাই চকুৰ তলৰখিনি অলপ কলা পৰিছে!প্ৰিয়া ৰুপ দেখি খালি হৈ গৈছে মগজু ভিতৰখন। বুকুৰ ভিতৰতহে যেন পাতল ঘূৰ্ণী বতাহ এজাকে বা-মাৰলি তুলিছে! অজানিতে মূৰটো জোকাৰি দিলো। মন আৰু মগজুৰ মাজত সংযোগ ঘটাব পৰা নাই মই ।হয়তু এয়াই প্ৰেম ।খুৰাই বেগ কেইটা নমাই আছে ।ময়ো খুড়াক সহায় কৰিলো ।ষ্টেচনৰ পৰা বাহিৰলৈ ওলালো । বিচিত্ৰ এই মানব জীৱন| যিটো বিচাৰোঁ সেইটো নাপাওঁ আৰু যিখিনি পাওঁ সেইখিনিক লৈ কেতিয়াও সন্তুষ্ট নহওঁ| নোপোৱাখিনিৰ বাবে হাহাকাৰ কৰোঁ; পোৱাখিনি ধৰি ৰাখিব নোৱাৰোঁ|   ।লগৰ জন মোক নিবলৈ ৰৈ আছেহি । মই তাৰ গাড়ীত উঠিলো । সি গাড়ী চলিবলৈ আৰম্ভ কৰিলে| হাতখন জোকাৰি বিদায় ললোঁ প্ৰিয়া আৰু খুড়া পৰা । চাওঁতে চাওঁতে নেদেখা হৈ গ’লো  লাহে লাহে মই ওলাই আহিলোঁ ষ্টেচনৰ পৰা | কিবা খালি খালি যেন মনটো| এনে লাগিল যেন প্ৰিয়াই মোক কিবা ক’বলৈ থাকি গ’ল| সকলোৰে অলক্ষিতে তেওঁ যেন কঢ়িয়াই লৈ গৈছে অলপ বিষাদ অলপ ৰিক্ততা!প্ৰিয়াই কৈছিল খুড়াই হেনু  মোক লগ পায় বহুত দিনৰ মূৰত প্ৰাণখুলি হাঁহিছে | নহ’লেতো দৈনন্দিৰ জীৱনৰ যিখন ৰুটিন তাত উশাহ ল’বলৈকো আহৰি নাথাকে! পিছৰখিনি বিছাৰি আছো কত হেৰালে ।

লগৰজনৰ ৰুম পালোহি । বাথৰুমত সোমালো ।বাথৰুমত সোমাই বহিছোহে আগলৈ হামুখি খাই পৰিলো কাৰণ ৰেলৰ সেই ঝক ঝক জোকাৰণিয়ে এতিয়াও মোৰ লগ এৰা নাই । যেনে তেনে কামফেৰা কৰিলো আৰু । গা পা ধুই ওলাই আহিলো ।সি মৰ কাৰণে অসমীয়া খোৱা যোগাৰ কৰিলে ।আৰু সি মোক খোৱাই বোৱাই শুবলৈ দিলে ।বিষেশ কথা পতা নহল ।কিন্তু মই শান্তিত শুৱ নোৱাৰিলো সেই ৰেলৰ জোকাৰণি ,খুড়া আৰু প্ৰিয়া কথাবোৰে আমনি কৰি থাকিল ।আবেলি ৫ মান বজাত টোপনি পৰা সাৰ পালো ।
• ঐ তই উঠিলিয়ে যে টোপনি পুৰ হল জানো । 
• ওম ।ইয়াত বহুত গৰম দেই ।
• ওম গৰম হয় আৰু । বল এতিয়া ঘুৰি আহো ।
• ৰ মই মূখ হাত ধুই লওঁ ।
• ঠিক আছে তই গা পা ধুই আজৰি হৈ ল ।মই চাহ খাবলৈ মিঠাই লৈ আহো ।তই আকৌ আমাৰ অসমৰ দৰে পানী ব্যৱহাৰ নকৰিবি ।ইয়াত পানী কিনিব লাগিব প্ৰয়োজন সাপেক্ষে ।
• ঠিক আছে তই যা । সি গলগৈ । চাল্লা অসমত এই গেলা গৰম হোৱা হলে পুখুৰিতে ডুব মাৰি থাকিলো হয় ।ইয়াত এতিয়া এচলো পানীয়ে গা ধুব লাগিব। মই ৰ্বাথৰুত সোমালো ।ঠাণ্ডাপানী গাত ধালি দিয়াত মনটো ভাল লাগি গল ।হাইদৰাবাদত নিজকে বিক্ৰী কৰিৱ আহিছো ।নাজানো কিমান দামত বিক্ৰী হম ।দিপ আহিলে ।সি মোক চিঞৰীলে 
• ঐ দেৱ তই এতিয়ালৈকে হাতী গা ধুইয়ে আছ পানী শেষ কৰিলি ছাগৈ ।ওলা আৰু চাহ খাওঁ ।এতিয়া আৰু ওলাই নাযাও ।
• ধেততেৰি ইয়াত ইমান গৰম পানী ঢালিয়ে থাকিব মন । 
• থ আৰু পানী শেষ হৱ ।
• ওলাইছো ঐ ।মই বাথৰুমৰ পৰা ওলালো ।সি চাহ ৰেডি কৰিলে ।দয়োটাই চাহ খাবলৈ  বহিলো ।দুয়ো চাহৰ কাপত সোহা মাৰিলো ।সি ইণ্টাৰভিউ কথা আৰম্ভ কৰিলে ।
• কালিলৈ ইণ্টাৰভিউত কি কৰিবি ।
• কি কৰিম আৰু মূখত যি আহে তাকে কম আৰু ।
• ধেততেৰি তই কলেজৰ সময় বুলি নাভাবি আকৌ ।অলপ গম্ভীৰ হ ।হাইস্কুলৰ ৰচনা বুলি নাভাবি না ।অকমান চিৰিয়াচ হ । 
তাৰ কথা শুনি তাহানি হাইস্কুলীয়াদিনত লিখা ৰচনাবিলাকলৈ মনত পৰিছে ।তেতিয়া দিনত অসমীয়াত ৰচনা মানেই ধৰ্মসিংহ ডেকাদেৱৰ ৰচনা বিচিত্ৰাখনেই সাৰথি ৷ সেইখন মেলি লৈ উৰাই-ঘুৰাই মুখস্থ কৰি লওঁ ৷ এইকেইখন ৰচনা মুখস্থ কৰাৰ কাৰণ হৈছে প্ৰত্যেক পৰীক্ষাতে এইকেইখনেই আহে ৷ মুখস্থও হৈ যায় ভাল কৈ ৷ পাছে ইমান দীঘল হৈ যায় যে লিখোতে লিখোতে মোৰ হাতৰ বিষ উঠি যায় ৷ চাৰ-বাইদেউসকলে কয়, ‘‘ৰচনাখন কিন্তু ৪/৫ পৃষ্ঠাৰ হ’ব লাগিব’’ ৷ কেতিয়াবা হাতৰ বিষ বেছি হ’লে মই ৰচনাৰ পৰা ১০/১২টা মান লাইন বাদ দি দিওঁ ৷ কিন্তু হাতৰ আখৰবোৰ ডাঙৰ ডাঙৰ কৰি দিওঁ যাতে চাৰ-বাইদেৱে কোৱাৰ দৰে ‘‘ৰচনাখন কিন্তু ৪/৫ পৃষ্ঠাৰ’’ হৈ থাকে ৷এবাৰ আকৌ ডিগ্ৰীত পঢ়ি থাকোতে কি লিখিছিলো জানে এটা দীঘল প্ৰশ্ন উত্তৰত ছুটি প্ৰশ্নটো উত্তৰ সোমাই আছিল । মই এলেহুৱাই লিখি দিলো ৩নং প্ৰশ্ন উত্তৰৰ ৪নং পেৰগ্ৰাফত চাওক ।এই ধাৰণৈটো কৰ পৰা আহিছিল জানেনে মই তেতিয়া মডেল পঢ়িব লৈছো তাত কিছুমান প্ৰশ্ন উত্তৰ তেনেকৈ লিখিছিল সেই কাৰণে মই এলেহুৱাই লিখি দিছিলো । আপুনি জানেনে এখন ৰচনাই মোক জীৱনত জোলোকে জোলোকে পানী খুৱাইছিল ৷ সেইখন হল ‘‘জীৱনৰ লক্ষ’’ ৷ এই লক্ষ্যবিহীন লৰাটোৱে  কি ‘‘জীৱনৰ লক্ষ বিষয়ে ৰচনা লিখিম বাৰু ।
 ‘‘লক্ষ্যবিহীন জীৱন, কান্ডৰীবিহীন নাৱৰ দৰে’’ ৷এইখিনিলৈ ঠিকেই আছে ৷ কিন্তু ‘‘জীৱনৰ লক্ষ’’ মানে ‘‘মোৰ জীৱনৰ লক্ষ’’ ৷ সেই লক্ষ্যৰ কথা আনে কেনেকৈ লেখি দিব ? কেতিয়াবা ভাবো ডাক্তৰ হম কেতিয়াবা আকৌ ইঞ্জীনীয়াৰ হম বুলি ।মই পঢ়া টেবুল বহি চিন্তা কৰিবলৈ ধৰো, ‘‘মোৰ জীৱনৰ লক্ষ্যনো কি আচলতে ?’’তেতিয়া মোৰ বয়স  ১৪ বা ১৫ বছৰ ৷১৪ -১৫ বছৰীয়া লৰা মন উৰি ফুৰে ।ধুনীয়া ছোৱালী দেখিলে প্ৰেমত পৰিব মন যায় ।হাইস্কুলত পঢ়ি থাকোতে এবাৰ বাই চাইকেলৰ পম খুলি ধুনীয়া ছোৱালীজনী ঘৰত সোমাইছিলো তাইক ছোৱা আশাৰে । তেতিয়া ভাবিছিলো তাই মন পোৱাতো মোৰ জীৱনৰ লক্ষ্য আছিল ।ভাবি নাপাওঁ কি নো মোৰ জীৱনৰ লক্ষ্য ৷সৰুতে ভাবিছিলো মই ডাঙৰ হৈ ডাঙৰ কোম্পানীত কাম কৰিম ৷ কাৰণ কোম্পানীত কাম কৰিলে মই ভাৰতৰ বিভিন্ন প্ৰান্তত ঘুৰি ফুৰিব পাৰিম ।কিন্তু ইমানবোৰ কথা এখন ৰচনাত কেনেকৈ লেখিম ?হাতৰ বিষ উঠি যাব দেখোন ! আৰু হাতৰ বিষ হলে ভলিবল খেলিব নোৱাৰি সেই কাৰণে ‘‘জীৱনৰ লক্ষ বিষয়ে ৰচনা কথা পাহৰি পেলাইছিলো ।
তেনেহ’লে কি কৰা ভাল হ’ব বাৰু ?৷ সমাধানো পাই গ’লো ৷ জীৱনৰ লক্ষ্য বাদ দি ৷ বাকীবোৰ ভালকৈ মুখস্থ কৰিলো ভাটৌটো দৰে ৷ এতিয়া আকৌ দিপে মোক জীৱনক চিৰিয়াছ হৱ কয় । ঠিক বন্ধু  জীৱনত প্ৰথম আনৰ কথা শুনিম বুলি ঠিক কৰিছো । কিন্তু ইণ্টাৰভিউত কি কৰো মই নাজানো ।ইণ্টাৰভিউ কথা পিছলৈ কম আজিলৈ আহো ।

ৰাতিপুৱা সোনকালে শুই  উঠিলো ।৯ বজাত সাক্ষাতকাৰ আছে এবিডছ নামৰ ঠাইখনত ।দিপে মোক ঠাইখনলৈ কেনেকৈ যাৱ লাগিৱ তাৰ এটা বৰ্ণনা দিললে ।তিনিখনমান চিটি বাছ সলনি কৰিৱ লাগিৱ ।খাই  বৈ দুয়োটা ওলালো ।বেলিটোৱে খাঁও খাঁও ৰ্মূতি ধৰি আকাশত বিৰাজমান হৈছে ।দুয়ো বাছ ৰখা ঠাইলৈ আগবাঢ়িলো ।১০ এইচ নম্বৰৰ বাছখনত উঠিলো চেকেণ্ডাবাদলৈ বুলি ।চেকেণ্ডাবাদৰ আকৌ এখন বাছৰে যাৱ লাগিব ।বাছৰ কণডাক্তৰজনে তেলেগু ভাষাত সুধিলে মিৰো ইক্কাডিকি ৱেল্লালি নে কিবা এটা বুলি সুধিলে আৰু ।দিপে কলে চেকেণ্ডাবাদ ।তেতিয়াহে বুজিলো কত যাম সুধিছে । কণডাক্তৰজনে কলে পাডি ৰুপায়ালু ।দিপে ২০ টকা দিলে ।আৰু টিকত দুটা ললে ।মানে এটা টিকতত ১০ টকা ।
   ১১ মান বজাত সেই বিষেশ কোম্পানী কায্যালয়ত উপস্থিত হলোগৈ ।দিপ বাহিৰত মোৰ কাৰণে অপেক্ষা কৰিলে ।মই ভিতৰলৈ সোমাই গলো ।স্বাগতম কোঠাত থকাজনে সুধিলে 
• yes whom you want to meet?  
• I have come for interview জনাই নজনাই ইংৰাজী কৈ দিছো ।অসমীয়া মাধ্যমত পঢ়া লৰাই কি ইংৰাজী কম ।কোনোবাই ইংৰাজী কলে টিউৱ লাইটৰ দৰে দেৰিকৈ বুজি পাওঁ ।
• Oh . your name ?
• Dev . তেওঁ মোক বহিৱ কৈ কাঁচৰ ৰ্দজাখন ঠেলি ভিতৰলৈ সোমাই গল ।মই অলপ ভালকৈয়ে স্নায়বিক(nervous) হৈছো ।ডিঙিটো শুকাই গৈছে ।কাণ দুখনত কোনোবাই জুই লগাই দিয়া দৰে অনুভৱ হৈছে ।এবাৰ কাণ দুখন চুই চালো ।তেনতে receptionist জনে মোক ভিতৰলৈ লৈ গল ।ভিতৰত দুজনী ছোৱালী চকা লগা চকীত বহি আছে মোৰ সাক্ষাতকাৰ লবলৈ ।এইবাৰ কাণ দুখনে জুই বাহিৰ হোৱা যেন লাগিল ।মই may i come in বুলি সুধিলো ।
• Yes please .take your seat মোক তেওঁলোকৰ সন্মুখত থকা চকীত বহিবলৈ ইংগিত দিলে ।মই চকীত বহিলো 
• Your good name ?
• Dev duwarah .
• Do you have any work experience ?
• Yes I have .
• What kind of experience please explain . ( এইবাৰহে মৰিলো কেনেকৈ বৰ্ণনা কৰো মই যে পথাৰত হালবাউ ধান খেতি কৰো দেউতা লগত ।মনত যি আহে তাক কলো ) 
• Tell me about yourself . এইটো বোলে সাক্ষ৩তকাৰৰ উমৈহতিয়া প্ৰশ্ন দিপে মোক কৈছিল ।সেৰৌ জীৱনৰ লক্ষ্য কি নাজানো ।এতিয়া নিজৰ বিষয়ে কি কম বাৰু ।তথাপিও চেষ্টা কৰিলো ।বোলে কথাতে কয় নহয় চেষ্টা অসাধ্য একো নাই ।মন্তফাকি সাৰোগত কৰি মোৰ বিষয়ে পাতনি মেলিলো ।
• OK  SWAMI YOUR DOCUMENT . কথাষাৰ শুনি মই আচৰিত ।মোৰ কথাত ইমান মুগদ্ধ হলনে ।এই ষোল্লষী গাভৰুৱে মোক স্বামীবৰণ কৰিব ওলাল ।মই সেমেনা সেমেনকৈ তেওঁ মুখলৈ চালো ।
• SHOW ME YOUR DOCUMENT . ঐ এইবাৰহে বুজিলো মানে মোৰ কাগজ পত্ৰ খুজিছে ।ময়ো  যে সেনৰ এজাত SHOW ME শব্দটো স্বামী বুলি শুনিৱ লাগেনে ।মোৰ কাগজ পত্ৰবোৰ দেখোৱালো ।তাৰপিছত মোক কলে দুদিন পিছত তোমাক ফোন কৰি জনাম তুমি আমাৰ কোম্পানী কাৰণে যোগ্য হয়নে নহয় , তুমি এতিয়া যাৱ পাৰা ।
মই তেওঁলোকক ধন্যবাদ জনাই ওলাই আহিলো । বাহিৰত দিপ উতকণ্ঠাত ৰৈ আছে মোৰ সাক্ষাতকাৰৰ ফলাফল শুনিবলৈ ।মই ওলাই অহা দেখি দিপে দৌৰি আহি মোক সুধিলে 
• ঐ কেনেকুৱা হল INTERVIEW 
• নাজানো কেনেকুৱা হল দুদিন পাছত ফোন কৰি জনাম বুলি কৈছে ।
• কি সুধিলে INTERVIEW ত ।
• কি সুধিব আৰু Do you have any work experience ? Tell me about yourself .
• তই কি ক’লি ।
• মই । মই কলো যে মোৰ ঘৰ অসমৰ এখন সেউজী গাওঁত ।ঘৰত মা দেউতা ককাইদেউ বাইদেউ আৰু ভাইটি আছে ।মই দেউতাক ধানখেতিত সহায় কৰো ।খেতি বাতি মাজেৰে কলেজ পঢ়িছিলো ।আজৰি সময়ত লগৰ লৰা লগত আমাৰ গাওঁৰৰ মাজেৰে বৈ যোৱা নদীখনৰ পাৰত বহি আড্ডা কৰিছিলো ।কলেজ পাছ কৰা পিছতমা দেউতাই সদায় কই বোপাই কলেজ পাছ কৰিলি এতিয়া নিজৰ ভৰিত থিয় দিৱ হল গতিকে কিবা এটা কৰ ।এই কথাষাৰ শুনি শুনি আমনি পাই ওলাই আহিলো ৰ্কম সন্ধানত ।মা-দেউতাক এৰি অহা দিনা অনুভৱ কৰিছো নিজৰ ভৰিখন কত ।মোৰ হাবিয়াস উপন্যাস পঢ়া ।মোৰ নিজৰ কথা ইমানে ।
• মই জানিছিলোৱে তই এনেকুৱা কিবা কিবি বকিবি বুলি ।সেই কাৰণে দুদিন পিছত ফোন কৰিম কৈছে ।ইয়াৰ অৰ্থ তোৰ INTERVIEW বেয়া ।
• ঐ দিপ INTERVIEW বেয়া হল ..হল আৰু দে । তই এটা কাম কৰিবি মোৰ কাৰণে ।
• কি কাম ।
• তই খং নকৰো বুলি ক প্ৰথমে ।
• ঠিক আছে ক ।
• তই মোক ইয়াৰে গাঁও এখনত হালোৱা সমোৱাই দে ।গাঁওত কোনে জানিব মই ইয়াত কি কৰিছো ।মোৰ কথা শুনি তাৰ খঙে চুলি আগ পালেগৈ ।ৰক্ষা টুপি পিন্ধি আছিল কাৰণে খংটো যেনিবা মোৰ ওচৰলৈ আহিব নোৱাৰিলে । আছলতে কি জানে সি মোৰ কথাবোৰ বুজি পাই ।মই যে জীৱনটোক নিজৰ মতে উপভোগ কৰিৱ খোজো ।
চাকৰি পালো নে  নাই পিছত কম আজিলৈ আহো ।😜😜😝.  
দুয়োটা আহি ৰুম পালোহি ।ৰাষ্টাত সি মোক বহুত কথা কলে । নাই নাই লাভ নাই আৰু তোক কৈ । ধেত তেৰি জীৱনত কিবা এটা কৰিৱ আহিছ অলপ গভীৰভাবে ল না ।পিছৰতোৰ INTERVIEWত এনেকোৱা কৰিলে তই ঘৰলৈ যাবিগৈ ।আৰে তোৰ প্ৰতিভা আছে কিয় নিজকে নষ্ট কৰিছ ইত্যাদি ইত্যাদি কি কি কলে কিন্তু মোৰ কাণত নোসোমাল । 

       সকলো গৈছে নিজৰ নিজৰ কামত ব্যস্ত । আৰু মই পৰি ৰৈছোঁ অকলে নীৰৱে ।মোৰ ছাগৈ বৰ বেয়া দিন চলি আছে । দিনত হাইদৰাবাদৰ গেলা গৰম, গধূলি বাহিৰ ওলোৱাটো বন্ধ কৰিলে এজাক বৰষুণে । কিনকিন বৰষুণ। বাহিৰলৈ ওলাই গ’লোঁ। বৰষুণজাক কমিছিল। কিন্তু নাকত এটা চিনাকি লাগিছে কিহৰ গন্ধ মনত পেলাব পৰা নাই । এনেকুৱা গন্ধ কেতিয়া পাওঁ মনত পেলাইছো । অ মনত পৰিছে এনেকুৱা গন্ধ বছৰৰ প্ৰথম জাক বৰষুণে যেতিয়া শুকান ধুলি তিয়াই তেতিয়া এই গন্ধ পাওঁ ।লৰালিত এনেকুৱা বৰষুণত কম তিতিছিলো নে ।বৰষুণত চোতালত জঁপিয়াই জঁপিয়াই গা ধুইছিলো ।বৰষুণত তিতা কাৰণে মা পৰা চেকণি কোৱ খাইছিলো ।আৰু দেউতাই মাক বাধা দি বিচনা তলত লুকুৱাই ৰাখিল । মায়ে বিচনা তলত লুকাই থকা বুলি জানিও নজনা ভাও ধৰি বিচাৰি ফুৰিছিল । বৰষুনৰ দিনবোৰ,সেই এৰি অহা শৈশৱৰ দিনবোৰ ।উন্মুক্ত আকাশৰ তলতবৰষুনত তিতি কত যে খেলা ।কাগজৰ নাওঁ সাজি
• ঐ দেৱ কি ভাবি আছ ।আঁহ চাহ খাও । ইমান ভাবিব লগা একো হোৱা নাই ।মই আছো নহয় । এটা INTERVIEWহে বেয়া হৈছে ।
• ধেত মই INTERVIEW কথা ভাবি থকা নাই ।
• তেতিয়া হলে কি ভাবি আছ । ওঁম গম পাইছো কলেজৰ সেই বুদ্ধুৱনীলৈ মনত পৰিছে ।
• তয়োযে আৰু ।দিলি নহয় মনত পেলাই ।
• অ মানে তই তাইকো পাহৰি পেলাইছিলি ।
• নহয় অ মা লৈ মনত পৰিছে ।আগতে মাহঁতক এৰি ইমান দুৰ অহা নাই যে ।
• এহ ৰ চৱ ঠিক হৈ যাৱ প্ৰথমে কিবা কাম এটাত সোমাই ল। এতিয়া ক তোৰ বুদ্ধুৱনী কেনে আছে ।তহঁত দুটা কথাবোৰ আগবঢ়িছে নাই হাঁ ।
• কি কথা . 
• ৱা এতিয়া মইহে কৱ লাগিব কি কথা ।তহঁতৰ প্ৰেমৰ কথা আকৌ ।
• ধেত মই আৰু প্ৰেম ।তাই মোৰ ভাল বান্ধৱী তাতকৈ বেছি একো নহয় ।
• ওম বেছি একো নহয় । ভাল বান্ধৱীয়ে পিছলৈ লেলা মঞ্জনুৰ দৰে প্ৰেমিক হয় ।
• ওম বেতা তই সলিতো এতিয়া মোকো তোৰ শাৰীলৈ নিৱ খুজিছ ।অহা দুদিনমান আগত তোৰ লেলাক লগ পাইছিলো ।খালি কথা পাতিৱহে সময় নাপালো লগত দেউতাক আছিল ।
• মোক কৈছিল ।
• ৱাউ সেতু কথাও কৈছে । কিৰিং কিৰিং কিৰিং তাৰ মবাইল বাজিলে ।
:Hello  বাণী কোৱা । তুমি কিয় তেনেকৈ ভাবিছা ।ভুল নুবুজিবাছোন please . sorry  .মই তোমাক উলোত পালতকৈ কথা কৈ খং তুলি চাইছিলো ও এতিয়া sorry কৈছোতো । please মাফ কৰি দিয়া। এই খিনিলৈকে শুনিলো ।ফোনতো লৈ সি বাহিৰলৈ ওলাই গল । 

    ৰাতি ১ বাজিল , বৰষুণ দি আছে । টোপনি যোৱা নাই । দিনৰ এটি সৰু কথাক লৈ দুয়োৰে মাজত মাত বুল নাই । কিন্তু কিমান সময় আৰু এনেকৈ । শেষত সি নোৱাৰিলে । মোবাইলত মেছেজটো লিখি পথাই দিলে । অলপ সময়তে মেছেজটো চালে । মানে তাইওঁ সাৰে আছে । দুয়োটাই মছেজত ভাল জমিছে ছাগে ।কিমাননো আৰু মছেজ কৰিব আঙুলি বিষ হল ছাগৈ ।এবাৰ ফোনকে লগালে । আৰম্ভ সঁচাকৈয়ে প্ৰতিটো সময়ত তোমাৰ মৰম বোৰে মোক কন্দোৱাই আছে । 
• আয়ৈ দেহি লৰাটো কান্দি কান্দি অৱস্থা নাইকিয়া হৈছে ।
• আৰে তই টোপনি যোৱাই নাই মানে ।
• আৰে ভাই তোৰ প্ৰেম জনমে জনমে হৈছে আৰু চা মোৰ প্ৰেম নজমেহে নজমে ।তই বাহিৰলৈ গৈ আ ৰা ম কৰি কথা পাতগৈ ।মোক টোপনি যাৱ দে ।😴😴😴😌😔

Thursday 2 January 2020

৭ম খণ্ড

৭ম খণ্ড
মই মোৰ সহযাত্ৰীজনৰ কথা শুনি বিচূৰ্তি খালো । বিচূৰ্তি নাখাম কিয় পৃথিৱী ১০০ টা মুখ্য ভাষা ভিতৰত ৬৫ নং থকা এটা জাতি এটা জাতি এখিলা বুৰঞ্জী পাত হৱ । ইয়াৰ মুখ্য কাৰণ কি হৱ পাৰে ।এই কথাষাৰে মোৰ মগজু গভীৰতাত ঘূৰ্ণি বতাহ সৃষ্টি কৰিছে । ঘূৰ্ণি বতাহজাকে আমাক ভাঙি টুকুৰা টুকুৰ কৰিলে বড়ো,ৰাভা,মিচিং,তিৱা,কাৰ্বি,আহোম,কোচ-ৰাজবংশী,চুতীয়া,লালুং কচাৰী ।আমি কিয় বুজি পোৱা নাই যে স্বাধীনতা প্ৰথম চৰ্ত স্ব-নিভৰশীলতা । আনৰ ওপৰত নিৰ্ভৰ কৰিব থাকিৱ লাগিলে সেই স্বাধীনতা মূল্য কত ।কি বিচাৰিছে ইহঁতে আৰু আমাৰ চৰকাৰখনে! এইবোৰ কথা আমি বহু সময়ত বুজিও নুবুজো আৰু নুবুজাকৈয়ে কেতিয়াবা বহু কথা বুজি পাওঁ ৷কলা গুৰু বিষ্ণু ৰাভা গীতটোলৈ মনত পৰিছে
জাগ জাগ জাগ কৃষক শক্তি দল
বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল ।
জাগ জাগ জাগ তোৰ বাহুতেই লুকাই আছে অসীম শক্তি বল ।
অ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল। ....
...........বিপ্লৱী কিতাপ পঢ়িলে জানো বিপ্লৱী হৱ পাৰি ।যদি অন্তৰে নকই ।সেই মই মুখাপিন্ধা সংগ্ৰামী হৱ নোখোজোঁ ।সংগ্ৰামী নেতা প্ৰতিখোজতে একো একোটা প্ৰলোভন । প্ৰলোভনত নিজক বছাই ৰখাতো কঠিন ।সেয়ে আজি মোৰ চিঞঁৰি চিঞঁৰি অসমীয়া পাহুৱাল ডেকাক কৱ খোজো কৰ্ম যোগে আন্দোলন কৰা ।নিজক বছোৱা দৰিদ্ৰতা পৰা ।কথাবোৰ ভাবিয়ে ভাল লাগিছিলহে খুড়াই আকৌ আৰম্ভ কৰিলে .....
• ভাৰত স্বাধীন প্ৰায় দুটাদশকলৈক অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনে অন্য ৰাজ্য লগত ফেৰ মাৰিব পৰা আছিল । কিন্তু সত্তৰ দশকৰ সেউজ বিপ্লৱৰ পিছৰ পৰা অসমৰ অৰ্থনীতি ভাঙি থান বান হল ।পাঞ্জাৱ হাৰিয়ানা অন্ধপ্ৰদেশ আদি ৰাজ্যবোৰে উন্নতি যখলাত বগাই গল ।অসমত নদী বান্ধ নাই বাবে ছমাহ খেতি কৰি ছমাহ বহি থাকিব লাগে । প্ৰতি বছৰে অসমলৈ বানপানী আহে কাৰোবাৰ বাবে আলাউদ্দিনৰ চাকিটো হৈ । বানপানী আহিলে যে অসমলৈ কেৱল দুৰ্যোগ আহে তেনে নহয়, দুৰ্নিবাৰ গতিৰে দুৰ্নীতিৰ বৰষুণো আহে ।বানপানী থকা কেইদিন কি বিৰোধী দল, কি বেচৰকাৰী সংগঠন সকলোৱে ৰাজনৈতিক মুনাফা লভাৰ্থে বান সমস্যা তথা দুৰ্নীতিৰ সমস্যাক লৈ সৰৱ হৈ উঠে ৷ কিন্তু বানপানী নোহোৱা হোৱাৰ লগে লগেই সেই সকল কত অন্তধ্যান হৈ যায় । 
• তেওঁলোকে মনত ৰাখিব লাগে অসমৰ সমস্যা সমাধান কৰিবলৈহে মন্ত্ৰী-বিধায়ক জনসাধাৰনে নিৰ্বাচিত কৰে।জনসাধাৰনে ধনেৰে দৰমহা দি পুহি ৰাখিছে। তেওঁলোকক জনসাধাৰণে বিশেষ দায়িত্ব দি জনসাধাৰণৰ সেৱা কৰিবলৈ পঠাইছে।কিন্তু শাসনৰ গাদিত বহি মদগৰ্বী হৈ জনসাধাৰণক শাসন কৰিবলৈ যোৱাতো নিশ্চয় বাঞ্চনীয় নহয় ।
• আৰু আন্দোলনকাৰীসকলেও মনত ৰখা উচিত যে তেওঁলোকে জনসাধাৰণৰ সেৱা কৰিবলৈহে দৃঢ়তাৰে ওলাই আহিছে। বুজাবুজিৰে সমস্যা সমাধান বাট মুকলি কৰিব লাগে ।গোপনে বুজাবুজিৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰাতো মই নিবিছাৰো ।
• দুইপক্ষই এটা কথা মনত ৰখা উচিত যে জনসাধাৰণে দেশখন কাকোৱে ঠিকাত দিয়া নাই! যদি পৰা দেশৰ উন্নতি কৰা, নোৱাৰিলে একো নকৰিবা, কিন্তু মিচা আশা দি জনসাধাৰনৰ সপোনবোৰ ধ্বংস নকৰিবা । জনসাধাৰনৰ সপোন ধবংস হলে দেশে আগোৱাই যাৱ নোৱাৰে ।
• কেতিয়াবা কেতিয়াবা আকৌ যিবিলাক সমস্যাৰ সমাধান বিচাৰি আন্দোলন কৰে, আন্দোলন আন্দোলন হৈয়ে থাকি যায় ।সমস্যা হৈয়ে ৰৈ যায় ।আন্দোলনৰ গইনা লৈ কোনো কোনোৱে ব্যক্তিগতভাৱে উন্নতি পথত অভাৱনীয় ভাৱে উন্নতি যখলা বগাই যায়; এতিয়া এনে লাগে যেন আন্দোলন কৰাটোও একমাত্ৰ জীৱিকাৰ পথ ।নহলে জানো ছাত্ৰ নহলেও ‘ছাত্ৰৰ নেতা’ হৱ আহে , যিজনে বিদ্যালয় মহাবিদ্যালয় এৰি সাংসাৰিক জীৱনত ভৰি দিলে । খেতি পথাৰত নাঙলৰ মুঠিত হাত লগাই পোৱা নাই, কিন্তু ‘কৃষকৰ নেতা’ শ্ৰমিক  নহলেও শ্ৰমিকৰ নেতা’, যদি  নেতৃত্ৰয়ে কৰিব নাজানা সৰ্বসাধাৰণৰ ‘সৰ্বহাৰাৰ নেতা’ হবলৈ আহে কিয় । নে জনসাধাৰণক আভুৱা ভাৰি লুটি-পুটি খাই নিজৰ নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ ।
খুড়াই মোৰ চকুলৈ চাই কলে ডেকা লৰা আজিলৈ ইমানতে সামৰো দিয়া ।কিয় কথা সুৰ সলনি কৰিছিল মই বুজি নাপালো ।কিন্তু মইও আপত্তি নকৰিলো ।হয়তো তেওঁ মোৰ চকুত খং দেখিছিল ।ৰেলখনে ঝক ঝক পঁ পঁ কৈ দুৰন্ত গতিৰে আগবাঢ়ি গৈ আছে ।খিড়িকীয়ে বাহিৰলৈ চালো ।সোণোৱালী ধাননী পথাৰ । ধাননী মাজে মাজে ওখ ওখ তালগছবোৰ ।দুৰ দুৰণিলৈকে মানুহৰ ঘৰ দেখা নাপালো ।যত মানুহৰ ঘৰ দেখিছো থুপাথুপিকৈ সৰু ডাঙৰ বহুত ঘৰ ।ম6ই খুৰাক সুধিলো এতিয়া আমি কত পালোহি ।তেওঁ কলে অন্ধপ্ৰদেশ পালোহি ।ঠায়ে ঠায়ে দেখা পাইছো ফুলৰ খেতি, কপাহৰ খেতি, কুঁহিয়া খেতি, কলৰ খেতি ।মুঠতে অন্ধপ্ৰদেশত সেউজ বিপ্লৱে বাৰুকৈয়ে শিপালে ।পথাৰৰ ৰং সেউজীয়া , হালধীয়া, বগা ,ৰঙা সকলো ৰঙেৰে ৰঙিল ।সেউজ বিপ্লৱে সঁচাকৈ অন্ধপ্ৰদেশবাসীক ফাকুৰ সানিলে । হাইদৰাবাদ পামগৈ আৰু