Sunday 6 December 2015
মই তোমাৰ প্ৰেমত পৰিছো
মই তোমাৰ প্ৰেমত পৰিছো
মইতো প্ৰেমিক নাছিলো...
কিন্তু লিখিছিলো প্ৰেমৰ কবিতা...মোৰ হৃদয়তো মৰম ভালপোৱা নাই ।
বাস্তৱে জোকাইছে...
মই হেনু প্ৰেমিক হৈ গলো তোমাৰ প্ৰেমত পৰিছো ।
কি অদ্ভুত মই বাৰু প্ৰেমিক হব পাৰোঁ নে ????
পাৰোঁ নে তুমিয়ে কোৱাছোন !
যদি মই প্ৰেমিক তেন্তে কিয় মই তোমাৰ মৰম বিচাৰো ।
জুখিছো নিজকে প্ৰেমৰ মাপকাঠিৰে...
তোমাৰ প্ৰেমত পাৰিব পৰাকৈ মোৰ হৃদয়ত মৰম আছে নে বাৰু ?????
কবিতা ভাষাত যদি প্ৰেম নিগৰিলে প্ৰেমিক হয়...
হয় তেতিয়া মই প্ৰেমত পৰিছো...গভীৰভাবেই..তোমাৰ প্ৰেমত পৰিলো
তুমি নজনাকৈ ।
কিন্তু... মইতো প্ৰেমিক নাছিলো...
আছিলো মহাবিদ্যালয়ৰ শান্ত শিষ্ঠ মহা দুষ্ঠ ।
এতিয়া সূৰ্য্যাস্তৰ হেঙুলি আভাৰ বুলনিত
মনতে যুকিয়াইছো.
দিক্ বিদিক্ হেৰুওৱা কিছু ৰং বিৰং প্ৰতিচ্ছবি...
পূৰ্ণাংগ ৰূপ লোৱা প্ৰতিমূৰ্ত্তিৰ বুকুত মুৰ থৈ
ভাবিছিলোঁ...প্ৰেমত পৰিলো নেকি সঁচাকৈয়ে ।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment