Thursday 27 August 2020

ভালপোৱা এক মিঠা বেদনা

জানা মোৰ প্ৰিয়া আজি প্ৰতি পলতে মোৰ অনুভৱ হৈছে ।
প্ৰেম ভাল পোৱা এক মিঠা  বেদনা ।  
কঠিন শিলত নিপুন শিল্পীয়ে  খুদিত কৰা আখৰ দৰেই । 
হাজাৰ বতাহ ধুমুহা বৰষুণে ও মচিৱ নোৱাৰে ।মাত্ৰ সামান্য ক্ষীয়তি কৰে । 
প্ৰেম আৰু বেদনাৰ মাজত মাত্ৰ প্ৰতিশ্ৰুতি থাকে দুয়ো দুয়ো লগত থকা ।
 বৰষুণ দিলে একে লগে তিতা ,ধুমুহা আহিলে হাতে হাত ধৰি থকা উৰে জীৱন ।

তোমাৰ চিঠি।

আজি বহুদিন মূৰত তুমি দিয়া চিঠিখন পঢ়ি আছিলোঁ ৷
 ভালেই লাগিছিল মনটো ৷ 
মনেতে বহু কথা,ছবি, মাত, সুৰ, ঘটনা দুচকুৰ মানসপটত জিলিকি উঠিল ৷
আস স্মৃতি কি যে মোক্ষম আঘাত…!
বুকুৰ কোনোবা এটা কোণত বিষাব ধৰিছে ।
সময় বৰ নিষ্ঠুৰ !!
সচাঁকৈয়ে সময় বৰ নিষ্ঠুৰ...!!
সময়ৰ নিষ্ঠুৰতা আজি মই মূহুৰ্তে মূহুৰ্তে উপলব্ধি কৰিছো ।
 জোনাক নিশা নীৰৱে আকাশৰ তলত বহি আকৌ এবাৰ মনত পেলালো তোমাক । 
কেনে আছা ? 
জোনাক নিশা তোমাৰ বুকুত মুৰ গুজি হৃদয়ৰ বাতৰি বিনিময় কৰাৰ সপোন, সপোন হৈয়ে ৰল... তুমি বুজি পোৱা নাছিলা অনুভৱৰ কন্ঠ ।