আৰু নিলিখো প্ৰেমৰ কবিতা ।

আৰু নিলিখো প্ৰেমৰ কবিতা আৰু প্ৰেমৰ কবিতা নিলিখো কিয়নো প্ৰেমৰ কবিতা লিখিব পৰাকৈ মোৰ প্ৰেমৰ ভাষা নাই অন্তৰত । আছে মাথো এবুকুৰ দুখ । প্ৰেমৰ কবিতা লিখিবলৈ গোলাপৰ চিঞাহী লাগে আৰু চিঞাহীবোৰ থাকিল তোমাৰ হাতত । তোমাকো আৰু আমনি নকৰো, কবিতাও নিলিখো কবিতা হৈ নাহিবা মোৰ উঁঠলৈ তোমাৰ অভিমানি চৰাইজাকক উৰুৱাই নিদিবা মোৰ ভাৱনাৰ নিল আকাশলৈ । আৰু নিলিখো প্ৰেমৰ কবিতা ।।

No comments:

Post a Comment