Saturday 30 March 2024

তুমি যে মোৰ

মৰমৰ
তুমি কেনে আছা মই
নোসোধো । মোৰ অযুত
নিশা টোপনি ভাঙি নিৰবধি বৈ থকা মোৰ
মৰমবোৰে তোমাক কোশলে ৰাখিব
। এই যে এদিন তোমাক বিচাৰিছিলো আৰু বিছাৰি বাউল
কৰিছিলো সময় ।স্মৃতিয়ে আউল
লগাইছিল জীৱন ।দিনৰ পাছত
দিন ধৰি মই
ভাঙি পৰিছিলো তোমাৰ
কথা ভাবি ।তুমি কিয় তোমাৰ জীৱনলৈ আমন্তণ জনাব নোৱাৰা ।
মই ভাবিছিলো তোমাক লৈ এখন
সোণৰ সংসাৰ গঢ়িম । সপোন সপোন
হৈয়ে ৰল বাস্তৱ ই কোনো দিন
পৰিণত হব নোৱাৰে কাৰণ তোমাৰ
বুকুৰ মণিকোঠত মই সুগন্ধি এটি হৈ ফুলি ৰৱ
নোৱাৰিলো ।
জনা নাছিলো মাথো তোমাৰ
অবিহনে যে অচল হৈ যাব
পাৰে মোৰ জীৱনৰ গতি ।
সোৱঁৰণিয়ে বা ৰাখেনে নাৰাখে মোক তোমাৰ প্ৰত্যাহিক সপোন বোৰত ।
যদি সময় পোৱা এখন
চিঠিকে লিখিবা মোৰলৈ । মৰমৰ
তুলিকাৰে অনুভৱৰ স্কেচ আঁকিম ।
তুমি জানায় তোমাৰ
বগলি ঠেঙিয়া শব্দ সুগন্ধত মই উন্মাদ হৈ পৰো খন্তেক
ব্যস্ততা নেওচি দুটামান শব্দ
লিখিবা অন্তত আকাশ বতাহ
শূন্যতাক শ্ৰোতা কৰি পঢ়িম ।
ছোৱা জীৱনত কিমান ৰং থাকিব
লাগিছিল ,কিন্তু মোৰ জীৱনৰ ৰং হেৰাই গল । ৰঙৰ সৈতে মোৰ
মিতিৰালি নোহোৱা দৰে হৈছে ।
কাৰণ আজি দৰে মই
অপ্ৰেক্ষা কৰো স্মৃতি ,
স্মৃতি শলিতাই পুৰি পুৰি খাই মোৰ
মনৰ ৰং বোৰক । মোৰ মনৰ আকাশ ধুসৰ কৰে কুঁৱলিয়ে । মোৰ
ৰং সাগৰত তুমি গা ধুইছিলা ,
আলফুলে আজলি পাতি ধৰিম
বুলি ভাবিছিলো তোমাৰ বুকুৰ সোণ
হালধীয়া হেপাঁহ ।
আন্ধাৰে আৱৰে জীৱন , জোনৰ পোহৰে মোৰ গা পোৰে ।
আজিকালি কেনে লাগে যেতিয়া আবেলি হৈ আহে ??
মোৰ ভাল লাগে এতিয়া আন্ধাৰ
ৰাতি ,শীতল বতাহ ,মদৰ নিচা,
চিগাৰেটৰ ধোঁৱা আৰু স্মৃতি বগাই
আহিব পৰা এখন খোলা খিড়িকি । সঁচাকৈ --- কি উমাল আছিল সেই
অতীতৰ দিনবোৰ । মনত পৰিলে ,
আজি দুখ লাগে । কিয় বাৰু ভূল
কৰিলো তোমাক ভাল পাই ।
অচিনাকি মায়া জালত
বন্দী হলো যৰ পৰা মই কোনো দিন মুক্তি লাভ কৰিব নোৱাৰিম । যত
মই যান্ত্ৰণাত কক বকাই আছো ।
এৰা মইনো কোন আছিলো ???
এটা উদন্ত কলেজীয়া লৰা ।
তুমি জনাই দিছিলা যে তোমাৰ
বুকুৰ আলহীজন হব মা-দেউতাই পচন্দ কৰা ,যাৰ থাকিব প্ৰাচুয্য
ধনৰ পাহাৰ যত ামি বোৰ সৰু সৰু
গছ -বন ।
সিদিনা তোমাৰ ওচৰৰ
পৰা উভতি অহা পৰত মোৰ
কোনো আকাংশা ৰৈ থকা নাছিল । প্ৰতিক্ষা অন্ত পেলাই
ঘৰতে ব্যস্থ হৈ পৰিছিলো আৰু
আজি যাবলৈ ওলাইছো বহু
দুৰলৈ কিজানিবা তোমাক পাহৰিব
পাৰো । বাৰু যেই কি নহওঁক
তোমাৰ বিয়ালৈ নিমন্ত্ৰণ কৰিবা । ৰুপৰ কথা ৰাজকোঁৱৰ
দৰে অতীত আৰু ভবিষ্যতে তোমাক
নোৱাই ধোৱাই লৈ যাব । মই
ৰৈ থাকিম ,তেতুয়া চাগৈ ঘুৰিও
নাচাবা শুনিলও নুশুনা ভাও
ধৰিবা । আজি কালি মোক
দেখিলে ৰঙা গোলাপবোৰে জোকাই ,
বতাহে ফুৱাই ফুৱাই জ্বলাই দিব
খোজে একুৰা জুই ।
আকাশে পুতৌ কৰে ।গধুলি বিষন্ন
মনে ওলাই যাওঁ ৰাতি ৰাতি মদ খাওঁ ,চিগাৰেতৰ ধোঁৱা উৰুৱাও ।
ৰাতি মলয়া জাকে হিয়া ভেদ
কৰি যায় ।
মৰিবওতো নোৱাৰো ,দুখে মোক
ধুৱাই দুখে মোক নিচুকায় । ভাল
লাগে ,ভাবি আজি তোমাৰ ওঁঠৰ সেউজীয়া হাঁহিটো ,মোৰ দুখৰ
কবিতাতেই যেন
থাকে আঁউজি ওমলি । ভূল
নুবুজিবা সীৰে সীৰে থৈছো তোমাৰ
বণালী সোঁৱৰণী । চকু পতাত
আঁকি থৈছো তোমাৰ মূখৰ হাঁহি়টি ।

ফাগুনৰ এজাক আবতৰীয়া বৰষুণে ।

ফাগুনৰ প্ৰথম জাক বৰষণে যেতিয়া শুকান ধুলিয়ৰি পথাৰত  আঘাত হানে তেতিয়া এটা সুৱাস বিয়পাই । আপোনালোকে সেই সুৱাস কেতিয়াবা পাইছে নে? আজি বাৰুকৈয়ে মনত পেলাই দিলে সেই চিনাকী সুবাস কণ , এজাক আবতৰীয়া  বৰষুণে ।

Saturday 2 March 2024

১ম খণ্ড নষ্ট লৰা


মই তেতিয়া খেৰাজ খাত কলেজত ৷ সৰু ঠাইৰ ৷ নিজৰ ঠাইৰ পৰা ১৫ কিলোমিটাৰমান দুৰ হৱ । নিজৰ ঠাইত আছিলো হিৰো, খেৰাজ খাত কলেজত অবস্থা ……৷নতুন কলেজ ।নতুন ক্লাছ ।সেইদিনা প্ৰথম গৈছো ক্লাছলৈ । ক্লাছ এজনী বৰ ধুনীয়া ছোৱালী দেখিলো, দীঘল চুলি, ময়ুৰপক্ষীৰ দৰে চকু ৷ তাই ক্লাছ নকৰি মোৰ ফালে চাই আছে ৷ময়ো চাই আছো ৷লাহে লাহে ময়ো সেই চাৱনিৰ স্বাদ ল’ব বিচাৰিছিলো বহুত কাষৰ পৰা। হেৰাই যাবলৈ নিদিয়াকৈ সযতনে ৰাখিব বিচাৰিছিলো সেই চাৱনিৰ মাদকতা। সময়বোৰ বাগৰি গৈ থকাৰ দৰেই ময়ো সেই চাৱনিৰ বিশাল গহ্বৰত আৱদ্ধ হৈ পৰিছিলো আৰু আজিও তাৰ পৰা মুক্ত হ’ব পৰা নাই। কিয় নাজানো,মাথো অনুভৱ কৰিছো তাৰ মাদকতা । এদিন লাগিল তাই যেন মোৰ ফালে চাই চকুৰে কিবা এটা কৈছে ৷ লগৰ দুটামানৰ উপদেশ, দুটামানৰ উচতনিত এদিন ময়ো চকু টিপ এটা মাৰিয়ে দিলো ৷ লাগি গ’ল লেঠা !তাই মাৰি দিলে মিচিকি হাঁহি আৰু ক্লাছ শেষ হোৱা পিছত প্ৰচন্ড উকি মাৰি লগৰবোৰে আহি মোক এনেদৰে সাবট মাৰি ধৰিছে যেন মই মই world cup cricketত head tic ললো । ‘পতিলে, পতিলে !!’ ‘তামাম কিন্তু !!’ ‘আজি ভোগপুৰত পৰঠা খুৱাব লাগিব !!!’ (এটা কথা ভাবিয়ে ভাল লাগে তেতিয়া চেলিব্ৰেছন পৰঠা খায়ে কৰিব পৰা গৈছিল ৷)কিন্তু মই প্ৰেম কাহিনী বেয়া পাওঁ । love story প্ৰতেকটো কাহিনী এটা আনটোৰ সৈতে একে । হাঃ হাঃ হাঃ প্ৰেম চেম মোৰ চিন্তা বাহিৰত । মোৰ এটা চিন্তা হয় এটা লৰা বা এজনী ছোৱালীয়ে গোটেই জীৱন একে লগে কেনেকৈ অতিবাহিত কৰে । কথাবোৰ ভাবিয়েই ভয় লাগে । সেইয়ে মই সিদ্ধান্ত ললো প্ৰেম চেম মোৰ কাৰণে সম্ভৱ নহয় । বিয়া পাতি জীৱনটো ধংস নকৰো । love story বিলাক এনেকুৱা হয় কাৰোবাৰ শৈশৱ পৰা হয় । কাৰোবাৰ কলেজ, বিয়াঘৰত প্ৰথম দেখাতেই হৈ যায় । but I hate love story . প্ৰেম কাহিনী বেয়া পাওঁ মানে এটো নহয় যে প্ৰেম কৰাতো দুখী । সকলোৱে মনত এটা সপোন থাকে । কিন্তু মই এতিয়ালৈকে কোনো এটা যোৰি সুখী দেখা নাই সেইবাবেই প্ৰেম কাহিনীত মোৰ এলাৰ্জী । মোৰ এটা বস্তু ওপৰত প্ৰেম । কি হয় ? পিছত কম । মোৰ এটাই সপোন আছিল এটা কোম্পানীত কাম কৰিম ,বহুত টকা ঘটিম, দেশ বিদেশ ঘুৰিম জীৱনটো উপভোগ কৰিম । মোৰ জীৱন ধন্য । কিন্তু ঈশ্বৰৰ কৃপাত আজিলৈকে মনৰ পছন্দৰ চাকৰি পোৱা নাই । দুটা বেংকত মাত্ৰ পঁচিশ দিন চাকৰি কৰিলো । আজিলৈকে চাকৰি সলনি কৰিয়েই আছো । তথাপিও মোৰ জীৱন সুন্দৰ । যেতিয়া হাই স্কুলত পঢ়ি আছিলো লগৰবোৰে প্ৰেম প্ৰত্ৰ লিখিছিল ।তাৰে দুটামানৰ চিঠি প্ৰধান শিক্ষকৰ হাতত পৰিছিল ।আপোলনালোকে বুজি পাইছে প্ৰধান শিক্ষকৰ হাতত প্ৰেম প্ৰত্ৰ পৰিলে কি অ্ৱস্থা হয় ।তাৰে এখন চিঠি দুটামান উক্তি মনত পৰিছে । পথাৰৰ মাজে মাজে এন্দুৰৰ গাঁত আখৰৰ মাজে মাজে চিয়াঁহী দাগ । তুলখি তলে তলে মৃৰ্গ পহু চৰে আখৰৰ মাজে মাজে ভুল থাকিব পাৰে ।আৰু এটা উক্তি আছে বিচনা কাপোৰ ঠাক ঠাক মোৰ আখৰ দেখি নাহাঁহিবা ফাক ফাক ।আজি মনত পৰিলে বহুত হাঁহি উঠে । দুদিনমান দুয়ো দুয়ো চকুৱে চকুৱে চাই থাকোতেই গ’ল ৷ কথাটো সিমানতে ৰৈ গৈছে ৷ মোৰো লাহে লাহে আমনি লাগিব ধৰিলে ৷ মই তেতিয়ালৈকে জনা নাছিলো যে তাই মোৰ department ৰ বুলি ।১০ দিন গল ।তাৰপিছত গম পালো তাই মোৰ department ৰে বুলি । তেনেতে প্ৰেয়সীয়ে হাত জোকাৰি জোকাৰি কিবা এটা বুজালে ৷ কি বুজালে একো বুজি পোৱা নাই ৷ মোৰ লগৰতো মতে প্ৰেয়সীয়ে মোক কলেজ গেটৰ ফালে মাতিছে ৷ সি কথাটো কেনেকৈ বুজি পালে সিহে জানে কিন্তু গৈ দেখো সঁচাকৈয়ে প্ৰেয়সী ৰৈ আছে কলেজৰ মেইন গেটৰ ওচৰতে থকা প্ৰকান্ড আঁহত গছজোপাৰ তলত, লগত আৰু দুজনী ছোৱালী ৷মই আকৌ ঘৰৰ পৰা বাই চাইকেলে কলেজলৈ অহা যোৱা কৰো ।দেউতা খেতিয়ক মেছ ভাৰা কৰি থাকিৱ পৰা ক্ষমতা নাই । ক্ষমতা থাকিলেও ঘৰৰ পৰা অহা যোৱা কৰো কাৰন ঘৰত দেউতাক খেতি কামত সহায় কৰিৱ লাগে । মই ভয়ে ভয়ে আগুৱাই গ’লো ৷ লগৰ কিজনীক এৰি প্ৰেয়সীও আগবাঢ়ি আহিল মোৰ ফালে ৷দুয়ো মুখা—মুখি হ’লো ৷মই (ভয়ে ভয়ে) — হাই !!!প্ৰেয়সী (খিলখিলাই হাঁহি এটা মাৰি ) — কি হাই ?????? ভয় খাইছা নেকি ????মই কি কৰো কি নকৰোকৈ ক’লো — মোৰ নাম দেৱ ৷ প্ৰেয়সী — মই জানো ৷ মই — কেনেকৈ ??? প্ৰেয়সী — জানো আৰু ! মই আনকি তোমাৰ ঘৰ ক’ত, ৷ কেনেকৈ জানো নুসুধিবা ৷ (হাতখন আগবঢ়াই ) মোৰ নাম ৷ মই — অ ! প্ৰেয়সী — কি অঅঅঅঅঅঅঅঅঅ!৷ৰৱা অলপ । মই (উচপ খাই ) — কিয়???? — মোৰ অকৰাটো (গালখনত টেপা এটা মাৰি )! গ’ম পাবা ৷ মোৰ মুৰ ঘুৰাই গ’ল ৷ মই কেনেকৈ তাইৰ অকৰাটো হ’লো, তেতিয়া হ’লো নো ? মই ৰৱা গম পাবা ! তাৰ মানে কি ?? মাৰ খুৱাব নেকি ? তাইৰ লগৰ কেইজনী বাছত উঠিল । তাই কলে বলা এতিয়া মোক ঘৰত থৈ যাবা মোৰ চাইকেলত উঠিল ।আৰু মই পেডেল মাৰি মাৰি ৫২নং ঘাই পথে আগবাঢ়িলো ।এতিয়াহে ভাবিছো পেডেল মাৰি মাৰি গানটো কিয় মই নিলিখিলো । এটা সময়ত তাই ঘৰৰ ওচৰ পালোগৈ ৷তাই চাইকেলৰ পৰা নানামে এবাৰহে লাগিল লেথা ।মই তাই ঘৰলৈ যাৱ লাগে ।সেইদিনা বহুত আজুহাত দেখোৱাই তাই পৰা হাত হাৰিলো ।ঘৰ আহি পাই লগৰ বোৰক কথাটো ক’লো । লগৰবোৰে কলে তাই তোৰ প্ৰেমত পৰিছে । ধুই মই আৰু প্ৰেম, অসম্ভ ।ছোৱালী হাইৱে চলা বাছৰ দৰে এখন গলে এখন আহে ।অনিলে ক’লে — ঐ জধামুখ ছোৱালীক হাইৱে বাছৰ লগত তুলনা কৰিছ যে এটা কথা মনত ৰাখিবি হাইৱে চলা সকলো বাছত উঠিলে তই তোৰ ঘৰ নাপাও যিখন বাছত উঠিলে ঘৰ পাবি সেইখন বাছত উঠিবি এইখনে তোৰ সেই বাছ ৷সন্ধ্যা নৈ পাৰত মোক ট্ৰেইনিং দিলে — প্ৰেম বস্তুটো কি ? কি কি কথা পাতিব লাগিব, কি কি কৰিব লাগিব ইত্যাদি ইত্যাদি ৷পিছদিনা পথাৰত বোকা ৰোৱ দি গৰু হাল ঘাঁহনি এৰাল দি ঘৰলৈ আহিলো।সেইদিনা কলেজ নগলো, বহুত ভাগৰ লাগিছিল।পিছদিনা কলেজ পালোগৈ ।১০—৩০ ক্লাছ সময় মতেই পালোগৈ ৷ এটা সময়ত দেখিলো আহিছে, লগত আৰু দুজনী তাই আজি ১০—৩০ ক্লাছ নাপালেহি !মোক লগৰ দুজনীয়ে মাত দিলে তাই নামাতিলে৷ সিঁহতি ক্লাছ ৰুমলৈ সোমাই গল ।মই ক্লাছ খৰধৰকৈ কৈ সোমাই গ’লো ৷ডিপা্টমেন্টৰ হেড আহিছে ।ক্লাছ শেষ হোৱা পিছত প্ৰথম প্ৰশ্ন কালি কিয় কলেজ নাহিলা ?’ উত্তৰ দিব নাপালোৱে আকৌ ক’লে,‘মই তোমাক সুধিছো দেৱ ।মই মনতে ভাবিলো মই কলেজ আহো নাহো সেইতু মোৰ কথা তাত তোমাৰ কি আহে যায় মইহে জানো কিমান কষ্ঠ কৰিব লাগে এটা পৰিয়াল পোঁহপাল দিব । আছলতে তাইও নজনা নহয় ।এবোৰ কথা যেতিয়া লগৰকেইতাক কওঁ তেতিয়া সিহঁতে কই ‘ধুই,পাগল তাই স্মাৰ্ট ছোৱালী, আজিৰ দিনৰ মডাৰ্ন ছোৱালী ৷’ সেই কথাটোৰ মানে কি অনিলেহে জানিব ৷ (এতিয়াহে ভাবিছো, আগৰ দিনতো ‘আজিৰ দিনৰ মডাৰ্ন ছোৱালী’ আছিল ৷ সদায়ে থাকে ‘আজিৰ দিনৰ মডাৰ্ন’ কিবাকিবি ৷) দুয়ো ওচৰা—ওচৰিকৈ বহিছো ৷ সঁচা কথা কৈছো, অলপ ভালো লাগিছে, অলপ আচহুৱাও লাগিছে আৰু ভয় ভালকৈ লাগিছে ৷মই বাহিৰলৈ চাওঁ এবাৰ, এবাৰ তাইৰ মুখলৈ চাওঁ, মাজে মাজে অকৰাৰ দৰে হাঁহি এটা মাৰো ৷ ক্লাছ চলি আছে ৷ তাই একো নামতি বাহিৰলৈ চালে মাথো ৷ আকৌ চুপ—চাপ ৷ মইনো আৰু কি কৰিম, ময়ো চুপ—চাপ হৈ বহি আছো ৷ মই চুপ—চাপ থাকি আমনি পাঁও । প্ৰৱক্তা ওলাই যোৱা পিছত মই খিৰিকিখন খুলি বাহিৰলৈ চাই ক’লো আজি মেঘটো গোমা গোমা কৰিছে বৰষুন আহিব ৷’ একোবত তাই ক’লে —বৰষুন মোৰ বহুত ভাল লাগে । মোৰ এনে লাগিছিল যেন কোনোবাই মোৰ কানত চিঞৰি চিঞৰি কৈছে — পলা, সময় থাকোতেই পলা ৷ প্ৰথমবাৰৰ কাৰনে মই তাইৰ কথা বুজি পালো ৷ তাৰ পাছৰে পৰা দুয়োটাৰে পৰীক্ষা ওচৰ চাপি আহিল ৷ বৰ বেছি লগ ধৰা নহ’ল ৷ভাবৰ আদান প্ৰদান চলি থাকিল ৷ মাজতে অবশ্যে মাজে ময়ো তাই ঘৰলৈ গ’লো দুদিনমান তাইক কলেজৰ মুখত লগ কৰিবলৈ ৷সেই সময়তে লাহে লাহে বুজিলো, মই তাইৰ প্ৰেমত পৰিলো ৷ ডিগ্ৰী পৰীক্ষা আৰম্ভ হওঁ হওঁ ৷ তেতিয়াহে গম পালো প্ৰেম মানে কি ?? অথনীতিত ফেইল মৰাটো কনফাৰ্ম ৷ ৯—৩০ৰ ক্লাছ মোৰ অপেশ্বৰী মুখ খন চাই থাকোতে গ’ল ৷ এতিয়া ৰাতি চকুৰ পৰিকতি মাৰিব নোৱাৰা হ’লো ৷ পিৰিতি উৰি গ’ল । লগৰবোৰ ওলাইছে ভাম্যমান থিয়েতাৰ চাবলৈ, মই বহিছো পঢ়া টেবুলত ৷ চাৰি দিনৰ গেপ আছে ৷ বিৰাট টেনছন ৷টেনছনতে তাইলৈ ফোন ক’ৰ পৰা ওলাল ?? আগতে পৰীক্ষাটো দি ল’ওঁ নেকি ?’— মই অলপ খঙেৰেই ক’লো ৷কি বুজিলে, কি ভাবিলে নাজানো । পৰীক্ষা শেষ হ’ল ৷ বহু হিচাপ—নিকাচ কৰি বুজিলো এইবাৰলৈ নাকটো ৰখিবগৈ ৷কৰিলো ।টেক্সেচন এনেয়ে বুজা নাছিলো এতিয়া আৰু নুবুজা হ’লো তাই কথা শুনি ।মোৰ ৰিজাল্টৰ লগত তাই বিয়া কথা কেনেকৈ জৰিত হল । হে প্ৰভু, ক’ত ফছিলো ?? , বিয়াৰ কথা পৰীক্ষা শেষ হ’ল ৷ কেইবাদিনো তাইক লগ পোৱা নাই ৷ মনটো অকমান বেয়াও লাগি আছিল ৷ চাইকেলখন তাই ঘৰলৈ বুলি ওলালো ।মনে মনে বহি আছো সিহঁতৰ ঘৰৰ ডয়িংৰুমত ৷ সেইদিনাহে মই তাইৰ মুখখন ভালকৈ মন কৰিলো ৷ ধুনীয়া দেখোন ! মনে মনে বহি আছে ।কথা নাই বতৰা নাই তাই চকুপানী ওলাবলৈ ধৰিলে ৷ মোৰ কি কৰো, কি নকৰো অবস্থা ৷ কান্দিছে কিয় মই বুজা নাই ৷ এইকেইদিন লগ নোপোৱা কাৰনে কন্দা নাইতো ??? ধৰো নধৰোকৈ তাইৰ হাতখনতে ধৰিলো ৷ ‘মোক কোনেও বুজি নাপায় ৷ তুমিও নোপোৱা ৷’ মনতে ভাবিলো, ‘আনৰ কথা নাজানো মই কিন্তু নাপাওঁ, ঠিক কৈছা ৷’ দেৱ জানা কালি মই কি কৰিলো ?’ অলপ ভয়ে অলপ সন্দেহেৰে সুধিলো,‘কি কৰিলা ?’ ‘মই ঘৰত কৈ দিলো ?’ মোৰ মুখৰ পৰা প্ৰায় চিঞৰ এটাই ওলাল,‘কি কৈ দিলা ?’ ‘মোৰ বিয়াৰ কথা ৷’ ‘কিইইইইইইইইইইইইইইইইইইই ? বিয়া !! তোমাৰ ??’ ‘অ মই দেউতা—মাক ক’লো যে মই বিয়া পাতিলে নিজৰ মতে পাতিম ৷’ কোনোমতে জীৱটো শৰীৰৰ ভিতৰতে সোমাই থাকিল যেনিবা ৷ ‘তেতিয়া তেওঁলোকে কি ক’লে ?’ ‘সেইবোৰ বাদ দিয়া ৷ কেইদিনমান পাছত, মে মাহৰ কোনোবা এদিন, ঘৰ এৰি হায়দৰাবাদ পালোহি কম সন্ধানত ৷ ব্যস্ত হৈ পৰিলো ৷ কথা তল পৰিলে ৷ মাজে মাজে মনত পৰিলেও যোগাযোগৰ কোনো উপায় নাছিল ৷ কাৰন মই ফোন লোৱা নাছিলো ।পৰীক্ষাৰ ৰিজাল্ট ওলাল ৷ মই আশা কৰাৰ দৰেই বেয়া হ’ল ৷ কিন্তু পাছ কৰিলো যেনিবা ! তেতিয়া জুলাই মাহ ৷ ক লগ নাপোৱা ভালে মান দিন হ’ল ৷ ফোন এটা কিনিলো । মই ছিগাৰেট এটা জ্বলাই চিন্তা কৰিলো , য়ে দিয়া নম্বৰৰত ফোন লগোৱা উচিত হ’ব নে অনুচিত হ’ব ৷এবাৰ যদি মোৰ মনটোৱে মোক বুজাইছে মই প্ৰেমত পৰিছো গতিকে মই ফোন কৰা উচিত আনবাৰ ভাবো অনুচিত ৷ যিমানেই ভাবিছো সিমানেই মনটোত সিমানেই আউল লাগিছে ৷ মই আকৌ বাস্তবলৈ উভতি আহিলো ৷ মনতে ঠিৰাং কৰিলো কালিলৈ পূৱাই সিদ্ধান্ত ল’ম ফোন কৰিম নকৰিম ৷গোটেই ৰাতি টোপনি নাহিল ৷ কানত বাজি থাকিল,‘আই লাভ য়ু ৷’এক বেলেগ জীৱন আৰম্ভ হৈছে! কামৰ মাজত তাইলৈ মনত পেলাবলৈ আহৰিকে নোপোৱা হ’লো ৷ তথাপিও এদিন আবেলি তাইলৈ ফোন লগালো ৷দুদিন—দুৰাতি চিন্তা কৰাৰ পাছত পুৱাই ফোনটো লগালো হেল্ল, …….’৷ অকমান দেৰি কথা পাতিলো ৷ কথা পাতি থাকোতেই গম পালো মই সেইদিনা তালৈ ফোন কৰি কিমান ভাল কৰিলো ৷ ইমানদিন লগ পোৱা নাই কথা পতা নাছিলো ৷ লাহে লাহে আমাৰ প্ৰেমে দুৰান্ত ৰূপ গ’লেগৈ ৷ নক’লেও হ’ব দিনতো তিনি চাৰিবাৰমান কৰিছিলো ৷ ফলত তেতিয়াৰে পৰা লগত নিয়মীয়া যোগাযোগৰ সুবিধা এটা হ’ল ৷কেতিয়ানো আমাৰ সম্বন্ধ গভীৰ পৰা গভীৰ পালে গৈ ধৰিবই নোৱাৰিলো ৷ ‘‘সেইদিনা তাই সৈতে বহুত সময় কথা পাতিলো ৷ ভাল লাগিল ৷মাজতে তাইক বিয়া কথা সুধিলো । মই বিয়া নাম লোৱাৰ লগে লগে তাই মুখত হাঁহি ওলাল ৷ সঁচা কথা কৈছো এইজনীক মই কেতিয়াও বুজিব নোৱাৰিম ছাগৈ ৷ কি হ’ল নাজানো আকৌ আৰম্ভ হ’ল কান্দোন ৷ থোকা-থুকি মাতেৰে ক’লে, ‘‘তোমাক ক’ম ক’ম বুলি ক’ব পৰা নাছিলো ৷ দেউতা-মায়ে মোৰ কাৰনে ল’ৰা এটা পচন্ড কৰিছে ৷’’মই মনে মনে তেনে কথা এটাই হ’ব বুলি সাজু হৈ আছিলো ৷ ভাব-লেশ নোহোৱাকৈ সুধিলো, ‘‘মা-দেউতাৰ কথা বুজিলো বাৰু ৷ কিন্তু তুমি কি ভাবিছা, তুমি কি কৰিবা ?’’ ‘‘মই মাহঁতক ডাইৰেক্ট কৈ দিছো ৷ মোৰ এটা বুদ্ধু পচন্ড হৈছে আৰু মই বিয়া কৰালে তাকেই কৰাম ৷’’ ‘‘বুদ্ধু ? কোন বুদ্ধু ?’’ কান্দি কান্দি তাইৰ ক’লে, ‘‘কিয় লাগে কোন বুদ্ধু ? তুমিয়ো এটা ৰাম বুদ্ধু ৷’’ সঁচা কথা কৈছে তাই ৷ মই বুজি পোৱা নাই কোন এই বুদ্ধু ৷ মাজে মাজে দেখোন লাগে মোৰ কথাই কৈছে, তথাপিও ধৰিব পৰা নাই কৈছে নে নাই ৷ কথা সলনি কৰিবলৈ সুধিলো, ‘‘তোমাৰ ঘৰৰ পৰা যে পচন্ড কৰিছে তেখেতে কি কৰে ?’’ আশা কৰিছো বেকাৰ বুলি ক’ব ৷ উত্তৰ দিলে,.................. ’ মই মনে মনে থকা দেখি তাই মাত দিলে, ‘‘অই কি হ’ল ? একেবাৰে চুপ হৈ গ’লা যে ? কি চিন্তা কৰিছা নো ?’’ ‘‘নাই মানে ভাবিছো তুমি কি কৰিবা নো ?’’ তাই হাঁহি এটা মাৰি ক’লে, ‘‘তুমি কোৱাচোন বাৰু মই কি চিন্তা কৰিছো ?’’ মোৰ মুখৰ পৰা ওলাই গ’ল, ‘‘তুমি তাৰ লগতে বিয়াত বহিবা ৷’’ কথাখিনি শেষ হয় মানে মোৰ চকু দুটাৰ পৰা ক’ব নোৱাৰাকৈ দেখোন চকুপানী ওলাই আহিল ৷ ‘‘আৰে বুদ্ধু ! তুমি আকৌ কান্দিছা নেকি ? মোৰ বিয়া হ’লে তুমি বেয়া পাবা নেকি ?’’ ‘‘সেইবোৰ বাদ দিয়া ৷ তুমি তাৰ লগত বিয়াত সঁচাকে বহিবা নেকি ?’’ ‘‘এতিয়াও ভবা নাই অ’ ৷ মোৰ মন বুদ্ধু এটাৰ সৈতেহে বিয়া হোৱাৰ ৷’’ মই মনে মনে বহি ৰ’লো ৷ তাই অনৰ্গল কিবা কিবি কৈ গ’ল ৷ মোৰ কানত একো নোসোমালে ৷মনতে ভাবিলো আজিৰ পৰা আৰু ৰ কথা নাভাবো ৷ যিমানেই ভাবিছো তাইৰ কথা নাভাবো সিমানেই দেখোন তাইৰ কথাকে মনত পৰিব ধৰিছে ৷ কেনেকৈ লগ পালো, কেনেকৈ কথা পাতিছিলো, তাই কেনেকৈ পগলামী কৰিছিল…….. মোৰ এতিয়া মনত নাই কোনজন কৈছিল, কিন্তু মোৰ কানত সোমাল, ‘‘তুমি তাইৰ খুব ভাল বন্ধু, আমি জানো ৷ তাই অনবৰতে তোমাৰ কথাকে কৈ থাকে ৷ তাইৰ বিয়াৰো বয়স হৈ আহিছে ৷ আমি তাইৰ কাৰনে এটা ল’ৰা পচন্ড কৰিছো ৷ ব্যৱসাই কৰে ৷ কিন্তু তাই হেনো কোনোবা বুদ্ধু এটাকহে বিয়া কৰাব ৷ বৰকৈ কোৱাত কৈছে তুমি যদি ব্যৱসাই কৰা ল’ৰাটো ভাল ল’ৰা বুলি কৈ দিয়া তাই হেনো বুদ্ধুটোক বিয়া নকৰাই ব্যৱসায়টোক কৰাব ৷ তোমাক সৈ কাৰনেই ফোন কৰিছো ৷ মই জানো তুমি তাইক ব্যৱসাই ল’ৰাজনকে বিয়া কৰাবলৈ ক’বা ৷’’মোৰ কান-চকু-মস্তিস্ক এইবোৰে ইতিমধ্যে কাম কৰিবলৈ বন্ধ কৰি দিছে ৷ মই কি শুনিছো, ক’ত আছো একো বুজি নোপোৱা হৈ গৈছো ৷ তথাপিও মোৰ মুখৰ পৰা ওলাল, ‘‘মই নো কি ক’ম ? মই ব্যৱসাই কৰাজনক লগ পোৱা নাই, দেখা নাই ৷ কেনেকৈ নো কওঁ সেইজন ভাল হ’ব বুলি ৷’’ দেউতাকে ওলোটাই প্ৰশ্ন কৰিলে, ‘‘মাজনীয়ে যে কৈ থাকে বুদ্ধু বু,লি তাক লগ পাইছা নেকি ? চিনি পোৱা নেকি ?’’ ‘‘খুড়া মই তেওঁকো চিনি নাপাওঁ ৷’’ ‘‘তোমাৰ মতে ব্যৱসাই আৰু বুদ্ধুজনৰ মাজত কোনজন ভাল হ’ব ৷’’ মই নাজানো কিয় মই বুদ্ধুজন ভাল হ’ব বুলি কৈ নিদিলো ৷ মোৰ মুখেৰে ওলাল, ‘‘ব্যৱসাই ভাল হ’ব ছাগৈ ৷ নৈশ বাছখনে গতি লবলৈ আৰম্ভ কৰিছে ।বাছখনৰ অচিনাকি ।অচিনাকি যাত্ৰিসকলৰ মাজত মোৰ নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছো । অকলশৰীয়া মুহুত্তবোৰে মোক বৰকৈ আমনি কৰে । কলেজিয়া দিনৰ সেই প্ৰাণৰ চঞ্চল ছবিবোৰ । সেই কলেজিয়া জীৱনৰ ৰঙীন সুমধুৰ স্মৃতিবোৰ । এই স্মৃতিবোৰৰ মাজত এখন ছবিয়ে বৰকৈ আমনি কৰি থাকে যিখন মই মচিব খোজিও মচিব পৰা নাই ।যি প্ৰথম চিনাকীতে মোৰ হৃদয়খন চুৰ কৰিছিল মোৰ অজানিতে ।তাই কম মৰম কৰিছিল নে মোৰ নিসংগতা দুৰ কৰিছিল ।এদিন তাই মোক সুধিছিল দেৱ তুমি মোক কিয় এভইড কৰিছা । তেতিয়া মই কৈছিলো – মই কৱ নোৱাৰো মই নজনাকৈয়ে কেতিয়াবা ......। জানা প্ৰেয়সী কিছুমান কথা আছে যিবোৰ কথা কাকো কৱ নোৱাৰো । গণিতৰ ভাষাত কৱলৈ গলে সেইবোৰ কাৰোবাক কলে যেন মই ৰিক্ত হৈ যাম । তাই কৈছিল তোমাক কৱলৈ জোৰ নকৰো দেৱ । কিন্ত্তু এটা কথা মনত ৰাখিবা কেতিয়াবা সেইবোৰ কাৰোবাক কলে বহুত সকাহ পাৱ পাৰি । ধেত পাগলী তহৰ সানিধ্যয়ে মোক বহুত সকাহ দিয়ে ।যদি কেতিয়াবা কৱ মন যায় তোমাকে কম বাৰু । তাই চিঞৰি কোৱা দৰে সুধিলে সচানে ।মই সুধিলো কথাটো এতিয়া কলে শুনিবা নেকি ।কিন্ত্ত মোক খং নকৰো বুলি কোৱা ।আৰু কাকো নকও বুলি কোৱা । ঃ নকও । কোৱা আকৌ । ঃ মই কথা এটা ভাবি পোৱা নাই ছোৱালীবোৰে লৰাই কিবা এটা কথা কম বুলি কলে , শুনিবলৈ কিয় উত্ৰাৱল হৈ থাকে বাৰু .। যিকি নহওক আজি কথাটো নকও দেই । মোৰ কথা শুনি তাই খংত তিঙিৰি তুলা হল যেন চয়ং মা কালি সম্খুত । মই আৰু ৰৈ নাথাকিলো । বেচেৰিয়ে ভাবিছিলে ছাগৈ মই তোমাক ভাল পাও বুলি কম ।আৰু মই ভৱা কথাটোও মিচা নাছিল । কাজিয়া কৰি কৰি তিনিবছৰ কোনটো আঙুলী ফাকেৰে সৰকিলে গমকে নাপালো । তিনিবছৰৰ ডেঞ্জাৰাছ প্ৰেম ।এতিয়াও সেই তিনিবছৰৰ ডেঞ্জাৰাছ প্ৰেমে খুলি খুলি খাই কিয় বাৰু মই কৈ নিদিলো মই তোমাক ভাল পাও বুলি ।এতিয়া খা বাপ্পেকে বৰলা ভাত ।হৃষ্ট-পুষ্ট দুষ্ট লৰাটোক যে তিনিটা বছৰতে এক্কেবাৰে পানীকেচুৱা কৰি পেলাইছিল ভাবকছোন সেইগৰাকীৰ মহিমা তেন্তে কম হ'ব নে...। সচা দেই জীৱন জীৱন বৰ অনুপম ।আচলতে মোৰ প্ৰেয়সী এজনী প্ৰেম ৰোগৰ ডাক্তৰনী ।এই যে ডাক্তৰে দৰৱ দিলে কয় দুচামুচ আহাৰৰ আগত...মোৰো অৱস্থা ঠিক তেনেকুৱাই । দুচামুচ কেয়াৰ আহাৰৰ আগত... দুচামোচ চিন্তা লগৰ লগত যাম বুলি কলে , দুচামোচ মিছ ইউ কলেজৰ পৰা ঘৰলৈ আহোতে । আৰু দুচামোচ মৰমৰ কথাটো কম কম বুলি ভাবি থাকোতে গল ।আছলতে বেমাৰতো কত হৈছিল তাই গম পোৱা নাছিল ।মইও নকলো ।আছলতে মোৰ বেমাৰটো হৈ অসমৰ নিবনুৱা ।পৰীক্ষা শেষ হল এতিয়াতো কিবা এটা কৰিব । গ্ৰেজুৱেত হম ।কৰ্ম সন্ধানত হাইদৰাবাদ ৰাওনা হলো ।হাইদৰাবাদত থাকোতে কোনোবা এদিন কোনোবা ৰাৱনে আহি প্ৰেয়সীক হৰণ কৰি লৈ গৈছিল... নে প্ৰেয়সীয়ে নিজেই পূৰণ হৈছিল ক'ব নোৱাৰো । হাইদৰাবাদৰ কাহিনী কম নেকি মে মাহৰ কোনোবা এটা পুৱা গুৱাহাটী পালোহী হাইদৰাবাদ যোৱা অভিপ্ৰায়ে । বতৰটো বৰ ভাল নহয় এজাক কিনকিনিয়া বৰষুণ । বাছৰ পৰা নামিয়ে বৰষুণত তিতি তিতিয়ে ষ্টেচনৰ ফালে আগবা়ঢ়িলো ।ৰেলখন যাবলৈ আৰু আধাঘণ্টা বাকী আছে ।মানুহবোৰে নিজৰ নিজৰ আসন বিচৰাত ব্যস্ত হৈ আছে । বৰষুণজাক ক্ৰমাণয়ে ডাঙৰ হৈ আহিছে ।ৰেলখনেও গতি লবলৈ আৰম্ভ কৰিছে ।ৰেলৰ গতি লগতে যেন মোৰো জীৱনৰ গতি লবলৈ আৰম্ভ কৰিছে ।মোৰ ভাৱনাবোৰেও ৰোলৰ ডবাবোৰৰ দৰে লানিপাতি দৌৰিব ধৰিছে ।ৰেলখন কেতিয়াবা অৰণ্য মাজেৰে কেতিয়াবা চহৰৰ মাজেৰে আগবাঢ়ি গৈ আছে ।আৰু মই চিপচিপ বৰষুণজাকৰ মাদকতা উপভোগ কৰিছো । বৰষুণ এৰিলে , বেলিটোৱে আকাশৰ ডাৱৰ মাজেৰে ভুমুকি মাৰি এবাৰ পৃথিৱীলৈ চাইছে।ৰেলখনৰ গতি ক্ৰমাণয়ে কমি আহিছে ।হয়তো কোনোবা ষ্টেচন পাৱ সময় হৈছে ।হয় বঙাইগাওঁ ৰেল জংচনত ৰেলখন ৰল । বিভিন্ন খাদ্য সামগ্ৰী বেপাৰীবোৰে খাদ্য সম্ভাৰ লৈ দৌৰা দৌৰি কৰিছে এটা ডবা পৰা আনটো ডবালৈ ।তেনেতে মই বঢ়ি থকা কম্পাৰতমেণ্টটোলৈ মোৰ দেউতা সমবয়সীয়া এজন বৃদ্ধ তেওঁ পৰিবাৰৰ সৈতে মোৰ কাষৰ আসনত বঢ়িলেহি । তেওঁ হাতত দুখন বাতৰি কাকত এখন অসমীয়া আনখন ইংৰাজী ।ডিঙিত এখন ফুলাম গামোচা । দেখাত তেওঁক বহুত চিন্তাৱিত লাগিছে যেন কোনোবাই ৰেল যাত্ৰা সুবিধা সেৰুৱাব ।তেনেতে মই সুধিলো খুড়া আপোনাৰ কোনোবা আহিব আছে নেকি তেওঁ কলে মোৰ ছোৱালীজনী অহা নাই কিনো কৰি থাকে । মই কলো আহিব চিন্তা নকৰিব ট্ৰেইন এৰিবলৈ এতিয়াও ১০ মিনিত আছে । ঠিক ৫ মিনিত পাছত এজনী ছোৱালী মোৰ কম্পাটমেণ্টলৈ সোমাই আহিল পিঠিত এটা প্ৰকাণ্ড বেগ ।বয়সত মোৰ সমবয়সীয়াই হৱ । পাথ্যক হয় যদি এক দুইবছৰৰ হৱ । তাই আহি নিদিষ্ঠ আসনত বহিলেহি ।পঁ পঁ কৈ ৰেল খনে যাত্ৰা সংকেত দিলে । তেনেতে দেউতা বয়সৰ মানুহজনে কলে মাজনী তই ইমান সময় কত আছিলি ও মই চিন্তাতে পৰিছিলো । তহঁতি আৰু যে চিপচ আৰু চকলেতৰ পিছতে পৰি থাক । দুৰণিবতিয়া ৰেলৰ যাত্ৰা । দুৰণিবতিয়া ৰেলৰ যাত্ৰা এটা বেলেগ আমেজ আছে ।আপোনি এই আমেজ প্লেনত নাপাই ।প্লেনত আপোনি একেখন আসনত বঢ়িয়ে থাকিব লাগিব ।আপোনাৰ কোনো বিকল্প নাথাকে ।কিন্ত্ত ৰেলৰ যাত্ৰাত আপোনাৰ ইচ্ছামতে আপুনি গোটেই ৰেলখন ঘুৰিব পাৰিৱ । ইচ্ছামতে আপোনাৰ খোৱা বস্তু লৱ পাৰে মুঠতে এটা আমেজ ভৰা যাত্ৰা ।মোৰ এই আমেজ ভৰা যাত্ৰাত এজনী পৰী আগমন ঘটিছিল । চালে চাই থাকিব মন যোৱা । পৰীজনী ছোৱা আশাৰে সেই দেউতা বয়সৰ খুড়াজনৰ লগত কথা পাতিবলৈ ধৰিলো ।কথা মাজতে খোড়াজনে প্ৰতিদিন বাতৰিখনৰ প্ৰথম পৃষ্ঠাত এটা বাতৰি শিৰোণামা দেখালে থলুৱা বস্ত্ৰ শিল্প ধবংসৰ প্ৰতিবাদত শুৱালকুছিত জ্বলালে ২৫ লাখ টকাৰ নকল সুতাৰ কাপোৰ । ভাইটি এই বাতৰিটো ওপৰত তোমাৰ মন্তব্য কি । পৰী ছাবলৈ আহি মৰিলো বাপ্পেকে ।তক্ষণাত ইমান ডাঙৰ শিৰোণামা ওপৰত কেনেকৈ মন্তব্য কৰো বাৰু ।তথাপিও বাতৰি কাকতখন হাতত ললো । ওপৰৰ আসনৰ পৰা পৰীয়ে মোৰলৈ চালে আৰু এটা ৰহস্যপুণ হাঁহি মাৰিলে যেন মই কোনোবা ছোৱালীলৈ ছাঁওতে উজতি খাই গাঁতত পৰিলো ।কথকি আজি তই বাঘৰ হাতত পৰিলিহি । তথাপিও কিবা এটা কৈ পৰীজনী আগত মূখখন বছাব লাগিৱ ।হওঁক নহওঁক আৰম্ভ কৰি দিলো মোৰ লোকছাৰ । মই সঠিক ভাৱে কৱ নোৱাৰিম খোড়া । মোৰ মতে প্ৰতিবাদকাৰীয়ে ঠিকে কৰিছে ।তেওঁলোকক ধবংস কৰিবলৈ লোৱাসকলক এটা শিক্ষা দিছে ।অসমৰ শিল্প উদ্যোগটো ৰক্ষা কৰিছে এচাম ডেকা –গাভৰু নিয়োগৰ বাট মুকলি কৰি ৰাখিছে । আজিকালিটো অসম চৰকাৰে নিয়োগৰ ব্যৱস্থা কৰিবই নোৱাৰে ।যি এটা নিয়োগৰ বাট মুকলি কৰে তাতো পুঁজিপতিসকলে ধনৰে হাত কৰি আমাৰ দৰে হালোৱা সজুৱাবোৰক পঠিয়াই দিয়ে গোলামী কৰিব । এই আমোলা বিষয়াবোৰক আমাৰ সমাজৰ এচামে বেয়া কৰিছে ।তেওঁলোকে প্ৰতিবাদ কৰিছে কৰক তাত মোৰ আপত্তি নাই ।আপত্তি কেৱল ২৫ লাখ টকা অগ্নিত জাপি দিয়াটো ।যদি অগ্নিত জাপি নিদি দুখিয়া সমাজত বিলাই দিলে হয় বহুত উপকৃত হলহতেঁন ।আৰু আমাৰো দোষ আছে । চাহিদা অনুপাতে আমি যোগান ধৰিৱ পৰা নাই। কথাৰ মাজতে ওপৰলৈ চালো দেখিলো পৰীজনীয়ে মোৰ কথা একান্তমনে শুনি আছে । মনটো ভাল লাগি গল । কিন্তু কি হৱ উপাই নাই খোড়াপৰা পলাৱ বিছাৰিছো নহলে মোৰ মগজু অপাৰেচন কৰিব । খোড়া মই অলপ ৰেষ্টৰুমৰ পৰা আঁহো তাৰপিছত আকৌ কথা পাতিম । যোৱা যোৱা ।মই তিনিঘণ্টামান মোৰ চিটলৈ নগলো । মই ৰ্দজা কাষত থিয় হৈ বৰষুণজাক উপভোগ কৰি আছো । হঠাতে কাৰোবা মাত শুনিলো । চাৱ আকৌ বাহিৰলৈ ওলাই পৰিৱ । ঘুৰি চাই দেখো সেই পৰীজনী ।অ তুমি ।নাই এনেই আৰু বৰষুণজাক ভাল লাগিছে । মানে আপুনি বৰষুণ ভাল পাই মানে। মানে ৰোমাণ্টিক ।আপুনি কথাপাতি বৰ ভাল পাই যেন পাইছো । কিয় সুধিলা । এনেই সুধিলো । আপোনাৰ নাম । দেৱ । তোমাৰ নাম । প্ৰিয়া ধুনীয়া নাম । বেয়া নাপাই যদি অকণমান ৰৈ দিব নেকি ।মানে মই ৱাথৰুম ......... মই দৰ্জা খনৰে বাহিৰলৈ চালো বৰষুণজাক কমিছিল। ঠাঁণ্ডা ঠাঁণ্ডা ভাৱ এটা আহি আছিল। তাই বাথৰুমৰপৰা উলাই আহি বেচিনত হাত ধুলে আৰু কলে আপুনি দেখোন ৱাথৰুম আঁহো বুলি কৈ আকৌ চিটলৈ ওভতি নগল । দেউতালৈ ভয় খালে আৰু কিবা কিবি সুধে বুলি । নাই নাই ভয় খোৱা নাই । বৰষুণজাক ভাল লগা কাৰণে ৰৈ গলো । মোৰো বৰষুণ ভাল লাগে । ঔ হয় নেকি ।আঁহা তেনে উপভোগ কৰা । মোৰ ভয় লাগে প্রেমত পৰিব, কাৰন এলকহলতকৈ প্রেমে হেনো অতি সোনকালে হত্যা কৰে এজন নিৰীহলোকক ।সেই কাৰণে কলেজত প্ৰেয়সী কাৰণ বুদ্ধু আছিলো । তথাপিও লুকাই লুকাই চাইছো তাই মায়াসনা মুখখনিলৈ । পঢ়ি চাব পৰা হলে তাই মনৰ কথাবোৰ । মই ভবা দৰে তায়ো ভাবিছে নেকি ।এতিয়া দেখোন বৰষুণজাক... মৰমৰ সাগৰ হব ধৰিছে ।মোৰ বুকুত তাই অনুভৱে বেৰি ধৰিছে । নিজকে সুখী বুলি কৃএিমতাৰ মুখা পিন্ধাজনে কি বুজিব হৃদয়ৰ সেউজীয়া ভাষা, বুজিম জানো ভালপোৱা কি । সময় নহয়,যি উৰি যাৱ মন বননিৰ পৰা. ... কাৰোবাৰ সুখে আবৰা ৷ বুকুৰ কোণত কোনোবাই এতিয়াও জুমি চা‍য় আছে ৷কোনোবাই গোপনে কাৰোবাৰ প্ৰেমত মগন হয় ৷ভাল লাগিল হয় যেতিয়া যেতিয়া মইও আকাশখনৰ এটা ক্ষুদ্ৰ অংশ কাৰোবাৰ বাবে ......। আমাৰ দেউতা লগত কথা পাতি আমনি পালে নহয় । নাই নাই বেয়া পোৱা নাই । বেয়া নাইপোৱা যদি ইমান সময় কিয় চিটলৈ যোৱা নাই । তাৰপিছত আমি বহুত কথা পাতিলো ।তাই নিজৰ চিটলৈ গলগৈ মই দৰ্জা ওছৰতে ৰৈ গলো । জীৱনত প্ৰথমবাৰ কোনোবা অচিনাকী ছোৱালীৰ লগত ইমান কথা পাতিছিলো। ছোৱালীজনী ভাল আছিল। ভেম চেম একো নাছিল।মই নিজকে বিশ্বাস কৰিব পৰা নাছিলো । মই বৰ ভাগ্যৱান।শান্তিত এঘূমুতি মাৰিব পাৰো যেতিয়াই মন যায় তেতিয়াই ভৰ দুপৰীয়া বা দুভাগ ৰাতি নহয়তো বা পুৱতি নিশা কাৰোঁ ফোন নাহে । কিন্তু কেতিয়াবা ভাগ্যখন সলনি কৰিব মন যায় ।ক্ষণিক সময়ৰ বাবে বুকুৰ কোনোবাখিনিত উশাহ বন্ধ হৈ গভীৰ ব্যাকুলতাৰে নিশ্বাসত ওলাই যায় তপ্ত হুমুনিয়াহ আৰু বহু সময়লৈ মনৰ মাজত খোদিত হৈ ৰৈ যায় এখন ছবি৷কি এয়াই প্ৰেম ভালপোৱা নেকি । প্ৰেমৰ অৰ্থ কি উপলব্ধি কৰিব নোৱাৰো প্ৰেমক কেনেকৈ অনুভৱ কৰিম ।মনত আজি এজাক বহাগৰ বা লাগিছে । মনত এটা কবিতা গুণ গুণনি । বহাগৰ বতাহ লগাৰে পৰা । মন ৰাইজাই কৰিছে জানা । অচিনা আবেগতে । তোমাৰ মৰমতে । মাঘ ফাগুণ চ'তৰে পৰা তুমি জানো উমান পাইছা । মোৰ মনৰে কথা । মই অধিৰ আজি তোমাক বিচাৰি । বিহু তলিত তোমাক বিচাৰি । মন উতলা ফাগুনৰ পৰা । জিৰি জিৰি মলয়া জাক লগাৰে পৰা । মন উগুল থুগুল লাগি আছিল জানা । পলাশ ৰঙা গোলাপ ৰঙা আৰু ৰাঙলী মদাৰ । আকাশ ৰাঙলী কৰিছিল জানা । কুউ কুউ বুলি কুলি মাত শুনাৰেপৰা । মন উগুল থুগুল লাগিছিল জানা । মন আজি উৰণীয়া । বহাগৰে বা লগা । আৰু কৱ নোৱাৰি ।সমস্থ মগজুৱে বতাহত উৰি গল ।নিজৰ চিটলৈ আহি ৰাতিসাঁজ খাই শুই পৰিলো ।প্ৰথমদিনা ইমানতে শেষ । আকৈ লগ পাম । এটি উজ্জল ৰাতিপুৱা ।সূয্য পোহৰত বনত,গছৰ পাতত ওলমি থকা নিয়ঁৰৰ টোপালবোৰ মুকুতা দৰে জিলিকি উঠিছে ।তেতিয়া পশ্চিম আকাশত এচপৰা শুকুলা ডাৱৰে পূৱা সুয্য পোহৰ পৰি কবি সাহিত্যিকৰ বণনা অতিত ৰং ধাৰণ কৰিছে ।যেন ৰঙৰ মেলাহে পাতিছে । মই দাঁত মাঁজি মাঁজি বহিৰৰ ফালে চাই আছ । মোৰ চকুত ওলমি আছে এটা বিনিদ্ৰ ৰজনী ।মই আহি দৰ্জা ওছৰত থিয় হলোহি। তেতিয়া পূৱ আকাশত বেলিটিয়ে তলবলীয়া ৰঙা হৈ আকাশত ভুমুকি মাৰিছে ।সূয্য নবীন কিৰণে মাধুৰী খেলী সুবিশাল বৃক্ষক সাৱটি ধৰিছে ।বসন্ত নিমল শীতল বতাহে দেহটো শীতল কৰি গল । এচেৰেঙা ৰদ পৰি ৰেল লাইনৰ কাষৰ ঘাঁহনিবোৰৰ নিয়ঁৰৰ টোপাল মুকুতা দৰে জ্বলি উঠিছে । কি মনোমোহা দৃশ্য ।যেন চাইথাকিলে চাই থাকিব মন ।সেয়ে চাগৈ কবি, ঋষি-মুনি সকলে প্ৰকৃতি ৰুপত মুগদ্ধ হয় ।এই প্ৰাকৃতিক ৰুপত মুগদ্ধ হৈ যাৱ মন যায় ক্ষন্তেক সময়ৰ বাবে । মোৰো চাগৈ কবি ঋষি হোৱা ইচছা জন্মিছে ।হাঃ হাঃ হাঃ মই বাৰু কবি, ঋষি-মুনি হৱ পাৰোনে । পৰীক্ষাত কেনেকৈ উতিন্ন হওঁ তাৰ ঠিকনা নাই।অৱশ্যে কবি, ঋষি-মুনি নহৈ মষিমু হৱ পাৰো ।মষিমু কিয় হম ।মোৰ জীৱনটোক লৈ বহুত সপোন আছে । আৰু এয়াই মোৰ সপোনৰ যাত্ৰা কিছুপৰ পাছত যেন মোৰ তন্দ্ৰা ভাঙিল । প্ৰাকৃতিক সৌন্দয্য মায়া পৰিত্যাগ কৰিলো ।হঠা্তে পিছ ফালৰ পৰা কোনোবাই মাতিলে। ঘুৰি চাই দেখো প্ৰিয়া মোৰ পিছত ৰৈ আছে । Good morning . Good morning . আপোনা দেউতাই চাহ খাৱলৈ মাতিছে । মোক ! ওম আপোনাক । বলা চাহ একাপ মোৰ বৰ প্ৰয়োজন । এটো সময়ত ঘৰত মায়ে এবাতি ৰঙা চাহ দিয়ে । মই লাজ নকৰাকৈ কথাষাৰ কৈ দিলো ।কিয় লাজ কৰিম নিজৰ অৱস্থা বিষয়ে কবলৈ । সেই বাতি চাহ খাইয়ে গৈছিলো বাৰিষা পথাৰত হাল বাবলৈ । সেই পথাৰতে মা হাতত প্ৰাণ পাই উঠিছিল আঘোণৰ সোণগুটি । ভাইটি কালি তুমি মোৰ কথাত আমনি পালা ।আমাৰ এই কৈ আছে । নাই খো়ড়া ।আপোনাৰ কথাত আমনি পাই যোৱা নাছিলো । তেতিয়া হলে । আছলতে মই নামনি অসমৰ পৰিবেশতো চাই আহিছিলো ।কোনো কাহানি এইফালে আহি পোৱা নাছিলোতো । তুমি আকৈ বেয়া পালা বুলি আমাৰ মাজনীয়ে গালি দি আছে ।মইনো কি বেয়াপোৱা কথাতো কৈছিলো । নাইকোৱা । পিছে আপুনি মোৰ লগত কথা পাতি আমনি নাপালেই হল । তুমি হাইদৰাবাদত কি কৰিৱ আহিছা । নাজনো কি কাম পাওঁ ।মোৰ কলেজী বন্ধু এজন তাতে থাকে সি মাতি পঠালে ।গুছি আহিছো দেখা যাওক জীৱনে কোনফালে গতি কৰে ।সি কি কৰে ময়ো নাজানো । অ হয় নেকি । তুমি চৰকাৰী চাকৰী নিবিছাৰী হাইদৰাবাদ আহিলা যে । খোড়া মই সঁচাটো কওঁনে মিচাটো কওঁ । সঁচাটোকে কোৱা । সঁচা কথাটো হল বহুত চৰকাৰী চাকৰী সক্ষাতকাৰ দিলো কিন্তু যোগ্যতা থাকিও চাকৰী নাপালো । চাকৰী নাপালো । ভাঙি পৰিছিলো । ভাবিছিলো হাতত অস্ত্ৰ তুলি লওঁ নেকি । কেতিয়াবা ভাবিছিলো আত্মহত্যা কৰো নেকি ।কিন্তু মোক মা দেউতা উজ্জ্বল মুখখনে ৰক্ষা কৰিলে ।তেওঁলোকে কৈছিল আন্ধাৰ যিমানে গভীৰ হৈ আহিব পোহৰলৈ আৰু বেছি সময় নাই । ঠিক কথা কৈছা ।প্ৰতেকৰে বিপৰিত কিবা এটা থাকিলেহে সেই বস্তু মুল্য থাকে ।তেওঁলোকৰ আশাবোৰ ৰ্পুণ কৰা ।মোৰো আশীবাদ তোমাৰ লগত থাকিব। ধন্যবাদ খুড়া । চাহ খোৱা ঠাণ্ডা হৱ । চাহ কাপত চুমাদি বাহিৰলৈ চালো ৰেলখন আহি খড়গপুৰ ষ্টেচন পালেহি ।এটা দুগন্ধময় পৰিৱেশ ।কাউৰীবোৰে ডাষ্টৱীনৰ পৰা খাদ্য সংগ্ৰহ কৰিছে ।এটা অপৰিচিত পৰিবেশ । চাহ চানাৱালা মুৰত টুকুৰী লৈ দৌৰা কৰিছে । ঠিক সেই সময়তে দেখা পালো এখন চকা লগা পিৰাত বহি এজনে ডবাটো চফা কৰি আছে।লক্ষ্য কৰিলো তেওঁ ভৰি দুখন নাই । চফা কৰি হোৱাত তেওঁ ডিঙিত থকা কাপোৰখন মেলি ধৰিলে ।যোনে যিমান পাৰে দিলে ।জীৱনটো এনেকুৱা এটা যাত্ৰা হয় কোনে জানে কোনে বুজিব।সকলোৰে এটা আকাশ চুৱা সপোন থাকে । এওঁলোকে যদি জীয়াই থকা ইমান ডাঙৰ সপোন ৰচনা কৰিৱ পাৰে আমি এটা পৰিপুৰ্ণ শৰীৰৰে কিয় নোৱাৰিম । কিবা কাৰণত কিবা কামত বিফল হলো বুলিয়ে কিয় সতাশ হৈ পৰো ।আছলতে আমি জীৱনটো জাপন কৰিবই শিকা নাই নেকি বাৰু । জীৱন সমাবেশ...................জীৱনত বহুত সময়ত বহু জনৰ সানিধ্য লাভ কৰা যায় । তেওঁলোকৰ জীৱন কাহিনী শুনি মোৰ অনুভৱ হৈছিল জীৱনতো এখন গতিশীল নাটকৰ দৰে য'ত সমাবেশ ঘতিছে সুখ দুখ শান্তি অশান্তি । কোনোবাই যদি চকুলো টুকি টুকি জীৱনটো পাৰ কৰিছে আৰু কোনোবাই কাৰোবা চকুলো মুচি দিছে ,কোনোবাই হাঁহি হাঁহি যান্ত্ৰণাবোৰ জয় কৰি জীৱনৰ জয়গান গাইছে ।যেতিয়া আমি নিৰাশাত ডুবি যাওঁ সেই সময়ত পাহৰি যাওঁ জীৱনটো যে সংগ্ৰামৰ স্থল বুলি ।জীৱন মানে কি নাজানো , জীৱনৰ সংজ্ঞা ডাঙৰ হোৱাৰে পৰা বিচাৰি ফুৰিছো ,কিন্তু মনে বিছাৰী ফুৰা উত্তৰ পোৱা নাই। মোৰ মতে জীৱনৰ সংজ্ঞা ৰামধেনু .........জীৱনটো যুঁজৰ ঠাই যুঁজ কৰি থাকা ইতিবাচক চিন্তাৰে দেখিবা এদিন তুমিও জয় হবা যুঁজাৰু জীৱনে কেতিয়াও হাৰ নামানে । জীৱনতোক উপভোগ কৰিব শিকা এটা গানৰ দৰে,, দুখবোৰ প্ৰাণ কৰা নীলকণঠ দৰে ,সুখ বিলোৱা অমৃতৰ দৰে .,তেতিয়া জীৱন হৈ পৰিব ৰামধেনু দৰে । ৰেল খনে পঁ পঁ কৰি পুণৰ যাত্ৰা আৰম্ভ কৰিলে । মই আকৌ মোৰ সহযাত্ৰ পৰিয়ালটো লগত কথা পতাত ব্যস্থ্য হলো । খুড়াই আৰম্ভ কৰিলে next update পঢ়িব আপুনি যদি পঢ়ি ভাল পাইছে • কি হে ডেকা লৰা ।ইমান নিৰৱে কি ভাবি আছা । • ষ্টেচনৰ পৰিবেশটো চাই আছিলো । • মিচা কৈছা তুমি কিবা এটা ভাবি আছা ।? কোৱা লাজ নকৰিবা কোৱা মই তোমাৰ দেউতা নিচিনা ।কথাবোৰ খুলি কৱ পৰাটোও এটা কলা ।(কিয় বাৰু খুড়াই মোৰ মনোজগতত খোজ দিব খোজিছে মই বুজিব পৰা নাই। কি কওঁ ভাবি পোৱা নাই ।) • আপুনি ঠিক অনুমান কৰিছে খোড়া ।মোৰ মনত এটা কথাই বছৰ বছৰ ধৰি পাকঘুৰণি খাই আছে ।আমি নিবনুৱা নে নিষ্কৰ্মাৰ । • দুয়োটা ।আমাৰ সকলো থাকিও আমি নিজেই একো নকৰো কেৱল চৰকাৰী চাকৰি এটা আশাত বহি থাকো ।তেওঁক নিৰ্স্কমা বোলে ।আৰু নিবনুৱা সেইজন যিজনৰ কিবা এটা কাম কৰা ৰ্দুবাৰ হেপাঁহ আছে কিন্তু কৰিব কাৰণে কোনো সুবিধা নাই ।অসমৰ নিবনুৱাসকল এটা কাৰণেই নিবনুৱা যে তেওঁলোকে শিক্ষা-দীক্ষা গ্রহণ কৰি চৰকাৰী চাকৰি এটা লাভ কৰিব পৰা নাই।কিন্তু বনুৱা কেনেকৈ হৱ পাৰি কথাতো ভাবি নাচাই।জানা ভাইটি আমি আমাৰ পৰিবেশ সলনি কৰিব হল । অসমৰ গাঁৱে ভূঞে, নগৰে-চহৰে বহু স্ব-নির্ভৰশীল পদ্ধতিৰে উপার্জন কৰিব পৰা পথ সুচল হৈ পৰি আছে। সেই সুবিধা আমি গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে সক্ষম নোহোৱাৰ কাৰণ বহুত আছে । উদাহৰণস্বৰুপে, আমাৰ ঘৰত সকলো ধৰণৰ খেতি উপযোগী যথেষ্ট মাটি আছে।যত খেতি কৰিলে মাহিলি ৩০ পৰা ৪০ হাজাৰমান টকা উৰ্পাজন হৱ । খেতি কৰিবৰ কাৰণে গৰুও আছে । কিন্ত মোৰ সৰু লৰাটো বিশ্ববিদ্যালয়ৰ ডিগ্রীধাৰী হোৱাৰ বাবে কৃষিত আত্মনিয়োগ নকৰি চৰকাৰী চাকৰিৰ অনুসন্ধানত জীৱন অতিবাহিত কৰিছে ।এইটো অকল আমাৰ ঘৰৰে সমস্যা নহয় অসমৰ প্ৰত্যেক ঘৰৰে সমস্যা । ফলত বহুজনৰ চাকৰি কৰিবৰ বাবে বয়সৰ সময় সীমাও উকলি গৈছে। ইয়াৰ বাবে আমাৰ শিক্ষা ব্যৱস্থা দায়ী । অসমীয়া সমাজৰ পৰা এনে অনেক উদাহৰণ দাঙি ধৰিব পাৰি। এতিয়া তুমি কি কোৱা নিবনুৱা নে নিষ্কৰ্মাৰ । • তাৰমানে এতিয়া আপোনাৰ মতে মহাবিদ্যালয় বিশ্ববিদ্যালয়বোৰ নিষ্কৰ্মাৰ উঁপাদন কৰা কাৰখানা ।মোৰ কথা শুনি সকলো সহযাত্ৰীয়ে জোৰকৈ হাঁহিলে । • নহয় নেকি । • কথাতো সিমান সত্যও নহয় । • কিয় • খুড়া আপোনাৰ সৰু লৰাই খেতিত কামত হাত দিয়া হলে আপুনি নিশ্বয় সুখী হল হেতেন ।কিন্তু সি মানসিক অশান্তিত ভুগিল হেঁতেন । • কেনেকৈ। • আমাৰ সমাজত এনে কিছুমান মানুহ আছে যি আমাক নিষ্কৰ্মাৰ কৰি ৰাখে ।আপোনাৰ লৰাই খেতি কৰা হলে কলেহেতেন তই খেতি কৰিবলৈকে ইমানখিনি ডিগ্ৰী ললি নেকি ।তেতিয়া তাৰ হাতত কোনো উত্তৰ নাথাকিব । আছলতে আমাৰ চিন্তাধাৰা সলনি কৰিব হল । পশ্চিমীয়া দেশসমূহৰ দৰে আমাৰ ৰাজ্যত কর্ম সংস্কৃতিৰ মনোভাৱ গঢ়ি উঠা নাই ।অসমীয়া মানুহৰ সামাজিক দৃষ্টিভংগী সলনি কৰিব লাগিব। যিকোনো শ্রমৰ মৰ্য্যদা দিবলৈ শিকিব লাগিব।নহলে আমি অসমীয়া হৈ নাথাকিম নিষ্কৰ্মাৰ হৈ পৰিম । • বাৰু এতিয়া তুমি কোৱাচোন তুমি নিবনুৱা নে নিষ্কৰ্মাৰ । • মই নিবনুৱা বা নিষ্কৰ্মাৰ ।কোনো এটাই নহয় ।কাৰণ মই চৰকাৰী চাকৰী আশাত পঢ়া নাছিলো । • তেতিয়া হলে । অন্য এজন যাত্ৰীয়ে মোক প্ৰশ্ন কৰিলে । • এই কাৰণে পঢ়িলো মোৰ জীৱনৰ লগতে আন দহজনক কেনেকৈ আগুৱাই নিৱ পাৰো । • কেনেকৈ । • সেইটো এতিয়া নকওঁ ।যদি কেতিয়াবা লগ পাওঁ তেতিয়া কম । কথাতো কৈ শেষ কৰিছিলোহে ঠিক সেই সময়তে হাতচাপৰি বজাই তিনিগৰাকী মহিলা উপস্থিত হল ।একো একোজনী হতঙা হতং মহিলা ।মূখলৈ চালো দাঁড়ী আছে । হাতৰ আঙুলি কেপত দহ টকীয়া নোট ।সকলোৰে পৰা পইচা বিচাৰিছে ।আৰু যিজনে দিয়া নাই তেওঁ মান সন্মান লুটিছে ।খুৰাই আমাৰ আটাই হৈ ৫০টকা দিলে ।জীৱনত প্ৰথম দেখিছো দাঁড়ী থকা মহিলা । অৰ্ধনাৰী-অৰ্ধপুৰুষে। কোৱা শুনিছিলো মহাভাৰতত এনেকোনা এটি চৰিত্ৰ কথা । যাৰ নাম আছিল শিখণ্ডী ।যেন প্ৰকৃতিৰ বিস্ময় আৰু নিয়তিৰ নিৰ্মম উপহাস। নাৰীয়ে ব্যৱহাৰ কৰা পোছাক, লিপষ্টিক, গহনা আদি পিন্ধি থাকে। নিজকে কন্যা ৰুপত সজাই ৰাখে ।এওঁলোকৰ বিষয়ে জানিবলৈ ত্ৰিব্য আকাংশা উপজিল ।কথাষাৰ খুড়াক সুধিলো ।খুড়াই কলে এওঁলোকক (Hermaphrodite) হিজৰা বুলি কই ।পুৰুষ দেখিলে চঞ্চল হৈ উঠে সিহঁতৰ দেহ মন । হিজৰা সকলৰ মাজত না পুৰুষৰ পূর্ণ বৈশিষ্ট্য দেখা পোৱা যায়, না মহিলা সকলৰ ।হিজৰা হ'ল বুলিয়েই নাহাঁহিবা সিহঁতক।মহাভাৰতত শিখণ্ডীৰ বাবেই সম্ভৱ হৈছিল কুৰুক্ষেত্ৰত পাণ্ডৱৰ মহাবিজয় ।এওঁলোকৰ বৈবাহিক জীৱন মাত্ৰ ২৪ ঘণ্টা ।এয়া এক পৌৰাণিক কাহিনী।বাস্থৱত কি মই নাজানো ।মই আৰু খুড়াক জোৰ নকৰিলো ।খিড়ীকিৰে বাহিৰলৈ চালো ৰেলখন দূৰন্ত গতিত আগবাঢ়িছে ।শিলৰ টকলা পাহাৰবোৰ পিছলৈ দৌৰিছে । আমাৰ আৰু কথা পতা নহল মহাভাৰতৰ শিখণ্ডীয়ে আমাৰ কথা ইতি পেলালে ।মই ওপৰৰ ৰ্বাথলৈ উঠিলো ।।মই ওপৰৰ ৰ্বাথলৈ উঠিলো । মোৰ বিপৰিতে বাৰ্থটোত প্ৰিয়া । তাই মোৰলৈ চাই মিচিকিয়া হাঁহিলে ।ময়ো এটা মিচিকিয়া হাঁহিৰে তাইক উত্তৰ দিলো ।তাই হাতৰ ইংগিতেৰে সুধিলে কি হল কথা পাতি আমনি পালো নেকি ।মই মোৰ মুৰটো জকাৰি ইংগিতেৰে কলো নাইপোৱা বুলি । খন্তেক সময় জীৰণি লৈছিলোহে খুড়াই জীয়েকক মাতিলে মাজনী চিল্কা হ্রদ পালোহি । হাইস্কুলীয়া জীৱনতে শুনা চিনাকী নামটো । চিল্কা হ্রদৰ নামটো শুনি ময়ো নামি আহিলো । মই আহি দৰ্জা কাষ পালোহি ।ৰেল খন আহি চিল্কা হ্রদৰ উপকূল পালেহি ।কি নির্মল নীল আকাশ দুৰ দিগন্ত পৰা দিগন্তলৈ । কি সুন্দৰ পৰিবেশ ভাষাৰে বুজাৱ নোৱাৰি ।পাহাৰৰ কাষে কাষে ৰেল আলিবাট আৰু ৰেল আলিবাটো চিল্কা হ্রদৰ পাৰে পাৰে ।জীৱনত কেতিয়াও ভবা নাছিলো যে এদিন চিল্কা হ্রদ দেখা পাম ।ৰুপোৱালী পানীত সমস্ত নীল আকাশ সৰি পৰা যেন লাগিছিল । সূয্য পোহৰে পানীত চুম্বন কৰিছে । যেন এতিয়াই এখন ইন্দ্রধনু আকাশত ভাঁহি উঠিব ।অচিনা পখীজাকে আকাশত উৰি আছে ।হয়তো হাতৰ আঙুলিবোৰ থমকি ৰৈছে সুন্দয্য পৰিভাষাত ।ভাৰতৰ বৃহত্তম উপকূলৱর্তী লবণযুক্ত চিল্কা হ্রদ । এই হ্রদ ঊড়িষ্যা পুৰী, খুৰদা, আৰু গঞ্জাম জিলাত অবস্থিত । পাখীৰ বৃহত্তম ঠিকানা। প্রায় ১৬০ বিধ প্রজাতিৰ পৰিভ্ৰমী পখী ইয়ালৈ আহে । • কেনেকোৱা লাগিছে পৰিৱেশতো • কবিতা কবিতা লাগিছে । • ৱাউ ৰোমাণ্টিক ।মানে গালফেণ্ড আছে । • পৰিৱেশতো ভাল লাগিলে কাৰণে অলপ ৰোমাণ্টিক হলো আৰু ।সেই বুলিয়ে যে গালফেণ্ড থাকিব কি কথা আছে । • মানে নাই । • নাই । তোমাৰ বয়ফেণ্ড আছে । • নাই ।মোৰ দেউতা দৰে দেউতা থাকিলে বয়ফেণ্ডে পাতিবলৈ সাহস নাই। • দেউতাই ভাল পোৱা ধৰণে লৰা এটা চাই ললে হয় । • সেইতো খুউৱ কমেই হয় ।কালি পৰা লক্ষ্য কৰিছো তোমাৰ লগত বহুত কথা পাতিছে ।দেউতা খুউৱ কমেই কথা পাতে । • তুমি হাইদৰাবাদত কিবা কৰানে নে । • NIFT ত ফেশ্বন ডিজাইন কৰিব আহিছো ।দাদা নবৌও হাইদৰাবাদতে থাকে । • অহ । • কেতিয়াবা কেতিয়াবা লগ পাম চাগৈ । • নিশ্চয় । • মানে মোক এতিয়া যাৱ কৈছে । • নাই নাই ।যিদি পৰিবেশতো ভাল পাইছা ৰোৱা । • নালাগে হৱ দিয়ক দেৰি হলে দেউতাই বিছাৰি আহিৱ । • ঠিক আছে যোৱা । তাই মোৰ কাষৰ গলগৈ ।এনে লাগিছিল যেন মই অকশৰীয়া হৈ পৰিছো ।অনুভৱ কৰিছিলো অভিমানী বেদনাবোৰৰ বুকুত প্ৰচণ্ড খুন্দা । সিদিনা তাইক বেছ ধুনীয়া লাগিছিল ।তাই গুলপী ওঠঁৰ হাঁহিটিয়ে জীপাল কৰি দিছিল মোৰ হৃদয়খন ।ৰেলখনে চিল্কা হ্ৰদৰ উপকূল পাৰ হল ।মই আকৌ নিজৰ আসনলৈ উভতি আহিলো ।খুড়াই লগতে অন্য যাত্ৰীকেইজনেও আকৌ একাপ একাপ চাহ ললে ।খুড়াই মোৰলৈ চাহ একাপ আগবঢ়াই কলে । ডেকা লৰা আকৌ কথা পাতো বহা । • হয় নেকি । ঠিক আছে । • অসম বন্ধ ওপৰত তোমাৰ ধাৰণা কি । • মোৰ মতে অসম বন্ধ অসমৰ সংগঠনৰ কাৰণে সংস্কৃতি হৈ পৰিছে ।চৰকাৰে কাৰোবা কিবা এটা কথা নামানিলে হৈ গল অসম বন্ধ ।সমস্যাটো কত কাৰো বিশ্লেষণ কৰিব সময় নাই ।আমি অসমীয়াসকল অতি আৱেগিক। • এৰাহ আমি অসমীয়াসকল অতি আৱেগিক। আৱেগ থকা ভাল। পিছে অত্যধিক আৱেগত যেতিয়া যুক্তি হেৰাই যায়, ভাল-বেয়া, শুদ্ধ-অশুদ্ধ বিচাৰ কৰাৰ ক্ষমতা নোহোৱা হয়, তেতিয়া আমাৰ সেই আৱেগৰ সুবিধা লয় এচাম সুবিধাবাদী ৰাজনৈতিক, অৰাজনৈতিক নেতা-পালিনেতাই।এতিয়া আমি ভাবিব হল আমাৰ ভুল কত হল । নহলে আমাৰ অস্তিত্ব নাথাকিব ।বড়ো,ৰাভা,মিচিং,তিৱা,কাৰ্বি,আহোম,কোচ-ৰাজবংশী,চুতীয়া,লালুং সকলোৱে সুকীয়া পৰিচয় বিচাৰি উদ্বাউল হৈ পৰিছে। আমি সুকীয়া সুকীয়া পৰিচয় বিচাৰী থকা সুযোগ গ্ৰহণ কৰিছে চতুৰ ক্ষমতালুভী সকলে ।তুমি কি কোৱা ।(খুড়াই আমাৰ লগত থকা সহযাত্ৰীজনক সুধিলে ।তেওঁ কলে ) • প্ৰাইভেট কোম্পানি এটাত মোৰ চাকৰি। ন বজাৰ আগতেই অফিচ পাবগৈ লাগে এনেধৰনৰ কোম্পানিত চাকৰি কৰা মানেই ব্যক্তি স্বাতন্ত্য পৰিহাৰ কৰি কোম্পানিৰ ওচৰত বিক্ৰি হৈ যোৱাৰ সমান। অৱশ্যে ইয়াৰ বিনিময়ত পোৱা লোভনীয় দৰ্মহা ঘৰ গাড়ী আদিয়ে ইয়াৰ ব্যস্ততাক পাহৰাই ৰাখে। মোৰ এইবোৰৰ বিষয়ে চিন্তা কৰিব সময়ে নাপাও খুড়া । মই এটা কথা আপোনাক কৱ পাৰো আজি বিশ্বায়নৰ যুগত কাম নকৰি চিঞৰী বাখৰি থাকিলে এদিন আমি নিশেষ হৈ যাম ।মাত্ৰ অসমীয়া নামৰ জাতি এটা আছিল বুলি কিতাপে পত্ৰই পঢ়িবলৈ পাব আমাৰ নাতি নাতিনীয়ে । মই মোৰ সহযাত্ৰীজনৰ কথা শুনি বিচূৰ্তি খালো । বিচূৰ্তি নাখাম কিয় পৃথিৱী ১০০ টা মুখ্য ভাষা ভিতৰত ৬৫ নং থকা এটা জাতি এটা জাতি এখিলা বুৰঞ্জী পাত হৱ । ইয়াৰ মুখ্য কাৰণ কি হৱ পাৰে ।এই কথাষাৰে মোৰ মগজু গভীৰতাত ঘূৰ্ণি বতাহ সৃষ্টি কৰিছে । ঘূৰ্ণি বতাহজাকে আমাক ভাঙি টুকুৰা টুকুৰ কৰিলে বড়ো,ৰাভা,মিচিং,তিৱা,কাৰ্বি,আহোম,কোচ-ৰাজবংশী,চুতীয়া,লালুং কচাৰী ।আমি কিয় বুজি পোৱা নাই যে স্বাধীনতা প্ৰথম চৰ্ত স্ব-নিভৰশীলতা । আনৰ ওপৰত নিৰ্ভৰ কৰিব থাকিৱ লাগিলে সেই স্বাধীনতা মূল্য কত ।কি বিচাৰিছে ইহঁতে আৰু আমাৰ চৰকাৰখনে! এইবোৰ কথা আমি বহু সময়ত বুজিও নুবুজো আৰু নুবুজাকৈয়ে কেতিয়াবা বহু কথা বুজি পাওঁ ৷কলা গুৰু বিষ্ণু ৰাভা গীতটোলৈ মনত পৰিছে জাগ জাগ জাগ কৃষক শক্তি দল বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল । জাগ জাগ জাগ তোৰ বাহুতেই লুকাই আছে অসীম শক্তি বল । অ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল। .... ...........বিপ্লৱী কিতাপ পঢ়িলে জানো বিপ্লৱী হৱ পাৰি ।যদি অন্তৰে নকই ।সেই মই মুখাপিন্ধা সংগ্ৰামী হৱ নোখোলো ।সংগ্ৰামী নেতা প্ৰতিখোজতে একো একোটা প্ৰলোভন । প্ৰলোভনত নিজক বছাই ৰখাতো কঠিন ।সেয়ে আজি মোৰ চিঞঁৰি চিঞঁৰি অসমীয়া পাহুৱাল ডেকাক কৱ খোজো কৰ্ম যোগে আন্দোলন কৰা ।নিজক বছোৱা দৰিদ্ৰতা পৰা ।কথাবোৰ ভাবিয়ে ভাল লাগিছিলহে খুড়াই আকৌ আৰম্ভ কৰিলে ..... • ভাৰত স্বাধীন প্ৰায় দুটাদশকলৈক অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনে অন্য ৰাজ্য লগত ফেৰ মাৰিব পৰা আছিল । কিন্তু সত্তৰ দশকৰ সেউজ বিপ্লৱৰ পিছৰ পৰা অসমৰ অৰ্থনীতি ভাঙি থান বান হল ।পাঞ্জাৱ হাৰিয়ানা অন্ধপ্ৰদেশ আদি ৰাজ্যবোৰে উন্নতি যখলাত বগাই গল ।অসমত নদী বান্ধ নাই বাবে ছমাহ খেতি কৰি ছমাহ বহি থাকিব লাগে । প্ৰতি বছৰে অসমলৈ বানপানী আহে কাৰোবাৰ বাবে আলাউদ্দিনৰ চাকিটো হৈ । বানপানী আহিলে যে অসমলৈ কেৱল দুৰ্যোগ আহে তেনে নহয়, দুৰ্নিবাৰ গতিৰে দুৰ্নীতিৰ বৰষুণো আহে ।বানপানী থকা কেইদিন কি বিৰোধী দল, কি বেচৰকাৰী সংগঠন সকলোৱে ৰাজনৈতিক মুনাফা লভাৰ্থে বান সমস্যা তথা দুৰ্নীতিৰ সমস্যাক লৈ সৰৱ হৈ উঠে ৷ কিন্তু বানপানী নোহোৱা হোৱাৰ লগে লগেই সেই সকল কত অন্তধ্যান হৈ যায় । • তেওঁলোকে মনত ৰাখিব লাগে অসমৰ সমস্যা সমাধান কৰিবলৈহে মন্ত্ৰী-বিধায়ক জনসাধাৰনে নিৰ্বাচিত কৰে।জনসাধাৰনে ধনেৰে দৰমহা দি পুহি ৰাখিছে। তেওঁলোকক জনসাধাৰণে বিশেষ দায়িত্ব দি জনসাধাৰণৰ সেৱা কৰিবলৈ পঠাইছে।কিন্তু শাসনৰ গাদিত বহি মদগৰ্বী হৈ জনসাধাৰণক শাসন কৰিবলৈ যোৱাতো নিশ্চয় বাঞ্চনীয় নহয় । • আৰু আন্দোলনকাৰীসকলেও মনত ৰখা উচিত যে তেওঁলোকে জনসাধাৰণৰ সেৱা কৰিবলৈহে দৃঢ়তাৰে ওলাই আহিছে। বুজাবুজিৰে সমস্যা সমাধান বাট মুকলি কৰিব লাগে ।গোপনে বুজাবুজিৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰাতো মই নিবিছাৰো । • দুইপক্ষই এটা কথা মনত ৰখা উচিত যে জনসাধাৰণে দেশখন কাকোৱে ঠিকাত দিয়া নাই! যদি পৰা দেশৰ উন্নতি কৰা, নোৱাৰিলে একো নকৰিবা, কিন্তু মিচা আশা দি জনসাধাৰনৰ সপোনবোৰ ধ্বংস নকৰিবা । জনসাধাৰনৰ সপোন ধবংস হলে দেশে আগোৱাই যাৱ নোৱাৰে । • কেতিয়াবা কেতিয়াবা আকৌ যিবিলাক সমস্যাৰ সমাধান বিচাৰি আন্দোলন কৰে, আন্দোলন আন্দোলন হৈয়ে থাকি যায় ।সমস্যা হৈয়ে ৰৈ যায় ।আন্দোলনৰ গইনা লৈ কোনো কোনোৱে ব্যক্তিগতভাৱে উন্নতি পথত অভাৱনীয় ভাৱে উন্নতি যখলা বগাই যায়; এতিয়া এনে লাগে যেল আন্দোলন কৰাটোও একমাত্ৰ জীৱিকাৰ পথ ।নহলে জানো ছাত্ৰ নহলেও ‘ছাত্ৰৰ নেতা’ হৱ আহে , যিজনে বিদ্যালয় মহাবিদ্যালয় এৰি সাংসাৰিক জীৱনত ভৰি দিলে । খেতি পথাৰত নাঙলৰ মুঠিত হাত লগাই পোৱা নাই, কিন্তু ‘কৃষকৰ নেতা’ শ্ৰমিক নহলেও শ্ৰমিকৰ নেতা’, যদি নেতৃত্ৰয়ে কৰিব নাজানা সৰ্বসাধাৰণৰ ‘সৰ্বহাৰাৰ নেতা’ হবলৈ আহে কিয় । নে জনসাধাৰণক আভুৱা ভাৰি লুটি-পুটি খাই নিজৰ নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ । খুড়াই মোৰ চকুলৈ চাই কলে ডেকা লৰা আজিলৈ ইমানতে সামৰো দিয়া ।কিয় কথা সুৰ সলনি কৰিছিল মই বুজি নাপালো ।কিন্তু মইও আপত্তি নকৰিলো ।হয়তো তেওঁ মোৰ চকুত খং দেখিছিল ।ৰেলখনে ঝক ঝক পঁ পঁ কৈ দুৰন্ত গতিৰে আগবাঢ়ি গৈ আছে ।খিড়িকীয়ে বাহিৰলৈ চালো ।সোণোৱালী ধাননী পথাৰ । ধাননী মাজে মাজে ওখ ওখ তালগছবোৰ ।দুৰ দুৰণিলৈকে মানুহৰ দেখা নাপালো ।যত মানুহৰ ঘৰ দেখিছো থুপাথুপিকৈ সৰু ডাঙৰ বহুত ঘৰ ।মই খুৰাক সুধিলো এতিয়া আমি কত পালোহি ।তেওঁ কলে অন্ধপ্ৰদেশ পালোহি ।ঠায়ে ঠায়ে দেখা পাইছো ফুলৰ খেতি, কপাহৰ খেতি, কুঁহিয়া খেতি, কলৰ খেতি ।মুঠতে অন্ধপ্ৰদেশত সেউজ বিপ্লৱে বাৰুকৈয়ে শিপালে ।পথাৰৰ ৰং সেউজীয়া , হালধীয়া, বগা ,ৰঙা সকলো ৰঙেৰে ৰঙিল ।সেউজ বিপ্লৱে সঁচাকৈ অন্ধপ্ৰদেশবাসীক ফাকুৰ সানিলে । হাইদৰাবাদ পামগৈ আৰু সময় ৰাতিপুৱা ।চেকেণ্ডাবাদ জংচন । মে মাহৰ গৰম ।সকলো যাত্ৰী ৰেলৰ পৰা নামিছে । মই খুৰা আৰু প্ৰিয়াও ৰেলৰ পৰা নামিলো ।মই প্ৰিয়াক এৰি যাব খুজিও ৰৈ গ’লো । চাওঁ-নাচাওঁকৈ উভতি চালো প্ৰিয়ালৈ। সেই একেই স্নিগ্ধ, শান্ত সমাহিত পোহৰ পোহৰ লগা চিনাকি মুখ। অবাক হৈ ক’ব নোৱাৰাকৈয়ে থৰ লাগি চাই ৰলো প্ৰিয়া মুখলৈ। পাতল ওঁঠ দুটাত মিচিকিয়া হাঁহিটো লাগি আছে। উজ্জ্বল দুচকুত কৌতুকৰ তিৰবিৰণি । অসম্ভৱ ধুনীয়া তাইৰ চকু দুটা। মোৰ কৱ মন গৈছিল “তোমাৰ দুচকুৰ নীলাখিনিত মোৰ সদায়ে ডুবি থাকিবৰ মন যায় প্ৰিয়া। তুমি কাজল সানিবা চকুত। মোৰ ভাল লাগে। তোমাৰ ওঁঠযুৰি আৰু মোহনীয়া । আনে তোমাক ৰৈ ৰৈ চাওঁক সেয়া মোৰ সহ্য নহৱ কজানি। তুমি মোৰ। তোমাক তেনেকৈ ৰৈ ৰৈ তধা লাগি চোৱাৰ অধিকাৰ অকল মোৰহে । ওঁঠত পাতল গুলপীয়া ৰঙৰ লিপষ্টিক।আজি দুদিন বিনিদ্ৰ ৰজনীয়ে তাই চকুৰ তলৰখিনি অলপ কলা পৰিছে!প্ৰিয়া ৰুপ দেখি খালি হৈ গৈছে মগজু ভিতৰখন। বুকুৰ ভিতৰতহে যেন পাতল ঘূৰ্ণী বতাহ এজাকে বা-মাৰলি তুলিছে! অজানিতে মূৰটো জোকাৰি দিলো। মন আৰু মগজুৰ মাজত সংযোগ ঘটাব পৰা নাই মই ।হয়তু এয়াই প্ৰেম ।খুৰাই বেগ কেইটা নমাই আছে ।ময়ো খুড়াক সহায় কৰিলো ।ষ্টেচনৰ পৰা বাহিৰলৈ ওলালো । বিচিত্ৰ এই মানব জীৱন| যিটো বিচাৰোঁ সেইটো নাপাওঁ আৰু যিখিনি পাওঁ সেইখিনিক লৈ কেতিয়াও সন্তুষ্ট নহওঁ| নোপোৱাখিনিৰ বাবে হাহাকাৰ কৰোঁ; পোৱাখিনি ধৰি ৰাখিব নোৱাৰোঁ| ।লগৰ জন মোক নিবলৈ ৰৈ আছেহি । মই তাৰ গাড়ীত উঠিলো । সি গাড়ী চলিবলৈ আৰম্ভ কৰিলে| হাতখন জোকাৰি বিদায় ললোঁ প্ৰিয়া আৰু খুড়া পৰা । চাওঁতে চাওঁতে নেদেখা হৈ গ’লো লাহে লাহে মই ওলাই আহিলোঁ ষ্টেচনৰ পৰা | কিবা খালি খালি যেন মনটো| এনে লাগিল যেন প্ৰিয়াই মোক কিবা ক’বলৈ থাকি গ’ল| সকলোৰে অলক্ষিতে তেওঁ যেন কঢ়িয়াই লৈ গৈছে অলপ বিষাদ অলপ ৰিক্ততা!প্ৰিয়াই কৈছিল খুড়াই হেনু মোক লগ পায় বহুত দিনৰ মূৰত প্ৰাণখুলি হাঁহিছে | নহ’লেতো দৈনন্দিৰ জীৱনৰ যিখন ৰুটিন তাত উশাহ ল’বলৈকো আহৰি নাথাকে! লগৰজনৰ ৰুম পালোহি । বাথৰুমত সোমালো ।বাথৰুমত সোমাই বহিছোহে আগলৈ হামুখি খাই পৰিলো কাৰণ ৰেলৰ সেই ঝক ঝক জোকাৰণিয়ে এতিয়াও মোৰ লগ এৰা নাই । যেনে তেনে কামফেৰা কৰিলো আৰু । গা পা ধুই ওলাই আহিলো ।সি মৰ কাৰণে অসমীয়া খোৱা যোগাৰ কৰিলে ।আৰু সি মোক খোৱাই বোৱাই শুবলৈ দিলে ।বিষেশ কথা পতা নহল ।কিন্তু মই শান্তিত শুৱ নোৱাৰিলো সেই ৰেলৰ জোকাৰণি ,খুড়া আৰু প্ৰিয়া কথাবোৰে আমনি কৰি থাকিল ।আবেলি ৫ মান বজাত টোপনি পৰা সাৰ পালো । • ঐ তই উঠিলিয়ে যে টোপনি পুৰ হল জানো । • ওম ।ইয়াত বহুত গৰম দেই । • ওম গৰম হয় আৰু । বল এতিয়া ঘুৰি আহো । • ৰ মই মূখ হাত ধুই লওঁ । • ঠিক আছে তই গা পা ধুই আজৰি হৈ ল ।মই চাহ খাবলৈ মিঠাই লৈ আহো ।তই আকৌ আমাৰ অসমৰ দৰে পানী ব্যৱহাৰ নকৰিবি ।ইয়াত পানী কিনিব লাগিব প্ৰয়োজন সাপেক্ষে । • ঠিক আছে তই যা । সি গলগৈ । চাল্লা অসমত এই গেলা গৰম হোৱা হলে পুখুৰিতে ডুব মাৰি থাকিলো হয় ।ইয়াত এতিয়া এচলো পানীয়ে গা ধুব লাগিব। মই ৰ্বাথৰুত সোমালো ।ঠাণ্ডাপানী গাত ধালি দিয়াত মনটো ভাল লাগি গল ।হাইদৰাবাদত নিজকে বিক্ৰী কৰিৱ আহিছো ।নাজানো কিমান দামত বিক্ৰী হম ।দিপ আহিলে ।সি মোক চিঞৰীলে • ঐ দেৱ তই এতিয়ালৈকে হাতী গা ধুইয়ে আছ পানী শেষ কৰিলি ছাগৈ ।ওলা আৰু চাহ খাওঁ ।এতিয়া আৰু ওলাই নাযাও । • ধেততেৰি ইয়াত ইমান গৰম পানী ঢালিয়ে থাকিব মন । • থ আৰু পানী শেষ হৱ । • ওলাইছো ঐ ।মই বাথৰুমৰ পৰা ওলালো ।সি চাহ ৰেডি কৰিলে ।দয়োটাই চাহ খাবলৈ বহিলো ।দুয়ো চাহৰ কাপত সোহা মাৰিলো ।সি ইণ্টাৰভিউ কথা আৰম্ভ কৰিলে । • কালিলৈ ইণ্টাৰভিউত কি কৰিবি । • কি কৰিম আৰু মূখত যি আহে তাকে কম আৰু । • ধেততেৰি তই কলেজৰ সময় বুলি নাভাবি আকৌ ।অলপ গম্ভীৰ হ ।হাইস্কুলৰ ৰচনা বুলি নাভাবি না ।অকমান চিৰিয়াচ হ । তাৰ কথা শুনি তাহানি হাইস্কুলীয়াদিনত লিখা ৰচনাবিলাকলৈ মনত পৰিছে ।তেতিয়া দিনত অসমীয়াত ৰচনা মানেই ধৰ্মসিংহ ডেকাদেৱৰ ৰচনা বিচিত্ৰাখনেই সাৰথি ৷ সেইখন মেলি লৈ উৰাই-ঘুৰাই মুখস্থ কৰি লওঁ ৷ এইকেইখন ৰচনা মুখস্থ কৰাৰ কাৰণ হৈছে প্ৰত্যেক পৰীক্ষাতে এইকেইখনেই আহে ৷ মুখস্থও হৈ যায় ভাল কৈ ৷ পাছে ইমান দীঘল হৈ যায় যে লিখোতে লিখোতে মোৰ হাতৰ বিষ উঠি যায় ৷ চাৰ-বাইদেউসকলে কয়, ‘‘ৰচনাখন কিন্তু ৪/৫ পৃষ্ঠাৰ হ’ব লাগিব’’ ৷ কেতিয়াবা হাতৰ বিষ বেছি হ’লে মই ৰচনাৰ পৰা ১০/১২টা মান লাইন বাদ দি দিওঁ ৷ কিন্তু হাতৰ আখৰবোৰ ডাঙৰ ডাঙৰ কৰি দিওঁ যাতে চাৰ-বাইদেৱে কোৱাৰ দৰে ‘‘ৰচনাখন কিন্তু ৪/৫ পৃষ্ঠাৰ’’ হৈ থাকে ৷এবাৰ আকৌ ডিগ্ৰীত পঢ়ি থাকোতে কি লিখিছিলো জানে এটা দীঘল প্ৰশ্ন উত্তৰত ছুটি প্ৰশ্নটো উত্তৰ সোমাই আছিল । মই এলেহুৱাই লিখি দিলো ৩নং প্ৰশ্ন উত্তৰৰ ৪নং পেৰগ্ৰাফত চাওক ।এই ধাৰণৈটো কৰ পৰা আহিছিল জানেনে মই তেতিয়া মডেল পঢ়িব লৈছো তাত কিছুমান প্ৰশ্ন উত্তৰ তেনেকৈ লিখিছিল সেই কাৰণে মই এলেহুৱাই লিখি দিছিলো । আপুনি জানেনে এখন ৰচনাই মোক জীৱনত জোলোকে জোলোকে পানী খুৱাইছিল ৷ সেইখন হল ‘‘জীৱনৰ লক্ষ’’ ৷ এই লক্ষ্যবিহীন লৰাটোৱে কি ‘‘জীৱনৰ লক্ষ বিষয়ে ৰচনা লিখিম বাৰু । ‘‘লক্ষ্যবিহীন জীৱন, কান্ডৰীবিহীন নাৱৰ দৰে’’ ৷এইখিনিলৈ ঠিকেই আছে ৷ কিন্তু ‘‘জীৱনৰ লক্ষ’’ মানে ‘‘মোৰ জীৱনৰ লক্ষ’’ ৷ সেই লক্ষ্যৰ কথা আনে কেনেকৈ লেখি দিব ? কেতিয়াবা ভাবো ডাক্তৰ হম কেতিয়াবা আকৌ ইঞ্জীনীয়াৰ হম বুলি ।মই পঢ়া টেবুল বহি চিন্তা কৰিবলৈ ধৰো, ‘‘মোৰ জীৱনৰ লক্ষ্যনো কি আচলতে ?’’তেতিয়া মোৰ বয়স ১৪ বা ১৫ বছৰ ৷১৪ -১৫ বছৰীয়া লৰা মন উৰি ফুৰে ।ধুনীয়া ছোৱালী দেখিলে প্ৰেমত পৰিব মন যায় ।হাইস্কুলত পঢ়ি থাকোতে এবাৰ বাই চাইকেলৰ পম খুলি ধুনীয়া ছোৱালীজনী ঘৰত সোমাইছিলো তাইক ছোৱা আশাৰে । তেতিয়া ভাবিছিলো তাই মন পোৱাতো মোৰ জীৱনৰ লক্ষ্য আছিল ।ভাবি নাপাওঁ কি নো মোৰ জীৱনৰ লক্ষ্য ৷সৰুতে ভাবিছিলো মই ডাঙৰ হৈ ডাঙৰ কোম্পানীত কাম কৰিম ৷ কাৰণ কোম্পানীত কাম কৰিলে মই ভাৰতৰ বিভিন্ন প্ৰান্তত ঘুৰি ফুৰিব পাৰিম ।কিন্তু ইমানবোৰ কথা এখন ৰচনাত কেনেকৈ লেখিম ?হাতৰ বিষ উঠি যাব দেখোন ! আৰু হাতৰ বিষ হলে ভলিবল খেলিব নোৱাৰি সেই কাৰণে ‘‘জীৱনৰ লক্ষ বিষয়ে ৰচনা কথা পাহৰি পেলাইছিলো । তেনেহ’লে কি কৰা ভাল হ’ব বাৰু ?৷ সমাধানো পাই গ’লো ৷ জীৱনৰ লক্ষ্য বাদ দি ৷ বাকীবোৰ ভালকৈ মুখস্থ কৰিলো ভাটৌটো দৰে ৷ এতিয়া আকৌ দিপে মোক জীৱনক চিৰিয়াছ হৱ কয় । ঠিক বন্ধু জীৱনত প্ৰথম আনৰ কথা শুনিম বুলি ঠিক কৰিছো । কিন্তু ইণ্টাৰভিউত কি কৰো মই নাজানো ।ইণ্টাৰভিউ কথা পিছলৈ কম আজিলৈ আহো । ৰাতিপুৱা সোনকালে শুই উঠিলো ।৯ বজাত সাক্ষাতকাৰ আছে এবিডছ নামৰ ঠাইখনত ।দিপে মোক ঠাইখনলৈ কেনেকৈ যাৱ লাগিৱ তাৰ এটা বৰ্ণনা দিললে ।তিনিখনমান চিটি বাছ সলনি কৰিৱ লাগিৱ ।খাই বৈ দুয়োটা ওলালো ।বেলিটোৱে খাঁও খাঁও ৰ্মূতি ধৰি আকাশত বিৰাজমান হৈছে ।দুয়ো বাছ ৰখা ঠাইলৈ আগবাঢ়িলো ।১০ এইচ নম্বৰৰ বাছখনত উঠিলো চেকেণ্ডাবাদলৈ বুলি ।চেকেণ্ডাবাদৰ আকৌ এখন বাছৰে যাৱ লাগিব ।বাছৰ কণডাক্তৰজনে তেলেগু ভাষাত সুধিলে মিৰো ইক্কাডিকি ৱেল্লালি নে কিবা এটা বুলি সুধিলে আৰু ।দিপে কলে চেকেণ্ডাবাদ ।তেতিয়াহে বুজিলো কত যাম সুধিছে । কণডাক্তৰজনে কলে পাডি ৰুপায়ালু ।দিপে ২০ টকা দিলে ।আৰু টিকত দুটা ললে ।মানে এটা টিকতত ১০ টকা । ১১ মান বজাত সেই বিষেশ কোম্পানী কায্যালয়ত উপস্থিত হলোগৈ ।দিপ বাহিৰত মোৰ কাৰণে অপেক্ষা কৰিলে ।মই ভিতৰলৈ সোমাই গলো ।স্বাগতম কোঠাত থকাজনে সুধিলে • yes whom you want to meet? • I have come for interview জনাই নজনাই ইংৰাজী কৈ দিছো ।অসমীয়া মাধ্যমত পঢ়া লৰাই কি ইংৰাজী কম ।কোনোবাই ইংৰাজী কলে টিউৱ লাইটৰ দৰে দেৰিকৈ বুজি পাওঁ । • Oh . your name ? • Dev . তেওঁ মোক বহিৱ কৈ কাঁচৰ ৰ্দজাখন ঠেলি ভিতৰলৈ সোমাই গল ।মই অলপ ভালকৈয়ে স্নায়বিক(nervous) হৈছো ।ডিঙিটো শুকাই গৈছে ।কাণ দুখনত কোনোবাই জুই লগাই দিয়া দৰে অনুভৱ হৈছে ।এবাৰ কাণ দুখন চুই চালো ।তেনতে receptionist জনে মোক ভিতৰলৈ লৈ গল ।ভিতৰত দুজনী ছোৱালী চকা লগা চকীত বহি আছে মোৰ সাক্ষাতকাৰ লবলৈ ।এইবাৰ কাণ দুখনে জুই বাহিৰ হোৱা যেন লাগিল ।মই may i come in বুলি সুধিলো । • Yes please .take your seat মোক তেওঁলোকৰ সন্মুখত থকা চকীত বহিবলৈ ইংগিত দিলে ।মই চকীত বহিলো • Your good name ? • Dev duwarah . • Do you have any work experience ? • Yes I have . • What kind of experience please explain . ( এইবাৰহে মৰিলো কেনেকৈ বৰ্ণনা কৰো মই যে পথাৰত হালবাউ ধান খেতি কৰো দেউতা লগত ।মনত যি আহে তাক কলো ) • Tell me about yourself . এইটো বোলে সাক্ষ৩তকাৰৰ উমৈহতিয়া প্ৰশ্ন দিপে মোক কৈছিল ।সেৰৌ জীৱনৰ লক্ষ্য কি নাজানো ।এতিয়া নিজৰ বিষয়ে কি কম বাৰু ।তথাপিও চেষ্টা কৰিলো ।বোলে কথাতে কয় নহয় চেষ্টা অসাধ্য একো নাই ।মন্তফাকি সাৰোগত কৰি মোৰ বিষয়ে পাতনি মেলিলো । • OK SWAMI YOUR DOCUMENT . কথাষাৰ শুনি মই আচৰিত ।মোৰ কথাত ইমান মুগদ্ধ হলনে ।এই ষোল্লষী গাভৰুৱে মোক স্বামীবৰণ কৰিব ওলাল ।মই সেমেনা সেমেনকৈ তেওঁ মুখলৈ চালো । • SHOW ME YOUR DOCUMENT . ঐ এইবাৰহে বুজিলো মানে মোৰ কাগজ পত্ৰ খুজিছে ।ময়ো যে সেনৰ এজাত SHOW ME শব্দটো স্বামী বুলি শুনিৱ লাগেনে ।মোৰ কাগজ পত্ৰবোৰ দেখোৱালো ।তাৰপিছত মোক কলে দুদিন পিছত তোমাক ফোন কৰি জনাম তুমি আমাৰ কোম্পানী কাৰণে যোগ্য হয়নে নহয় , তুমি এতিয়া যাৱ পাৰা । মই তেওঁলোকক ধন্যবাদ জনাই ওলাই আহিলো । বাহিৰত দিপ উতকণ্ঠাত ৰৈ আছে মোৰ সাক্ষাতকাৰৰ ফলাফল শুনিবলৈ ।মই ওলাই অহা দেখি দিপে দৌৰি আহি মোক সুধিলে • ঐ কেনেকুৱা হল INTERVIEW • নাজানো কেনেকুৱা হল দুদিন পাছত ফোন কৰি জনাম বুলি কৈছে । • কি সুধিলে INTERVIEW ত । • কি সুধিব আৰু Do you have any work experience ? Tell me about yourself . • তই কি ক’লি । • মই । মই কলো যে মোৰ ঘৰ অসমৰ এখন সেউজী গাওঁত ।ঘৰত মা দেউতা ককাইদেউ বাইদেউ আৰু ভাইটি আছে ।মই দেউতাক ধানখেতিত সহায় কৰো ।খেতি বাতি মাজেৰে কলেজ পঢ়িছিলো ।আজৰি সময়ত লগৰ লৰা লগত আমাৰ গাওঁৰৰ মাজেৰে বৈ যোৱা নদীখনৰ পাৰত বহি আড্ডা কৰিছিলো ।কলেজ পাছ কৰা পিছতমা দেউতাই সদায় কই বোপাই কলেজ পাছ কৰিলি এতিয়া নিজৰ ভৰিত থিয় দিৱ হল গতিকে কিবা এটা কৰ ।এই কথাষাৰ শুনি শুনি আমনি পাই ওলাই আহিলো ৰ্কম সন্ধানত ।মা-দেউতাক এৰি অহা দিনা অনুভৱ কৰিছো নিজৰ ভৰিখন কত ।মোৰ হাবিয়াস উপন্যাস পঢ়া ।মোৰ নিজৰ কথা ইমানে । • মই জানিছিলোৱে তই এনেকুৱা কিবা কিবি বকিবি বুলি ।সেই কাৰণে দুদিন পিছত ফোন কৰিম কৈছে ।ইয়াৰ অৰ্থ তোৰ INTERVIEW বেয়া । • ঐ দিপ INTERVIEW বেয়া হল ..হল আৰু দে । তই এটা কাম কৰিবি মোৰ কাৰণে । • কি কাম । • তই খং নকৰো বুলি ক প্ৰথমে । • ঠিক আছে ক । • তই মোক ইয়াৰে গাঁও এখনত হালোৱা সমোৱাই দে ।গাঁওত কোনে জানিব মই ইয়াত কি কৰিছো ।মোৰ কথা শুনি তাৰ খঙে চুলি আগ পালেগৈ ।ৰক্ষা টুপি পিন্ধি আছিল কাৰণে খংটো যেনিবা মোৰ ওচৰলৈ আহিব নোৱাৰিলে । আছলতে কি জানে সি মোৰ কথাবোৰ বুজি পাই ।মই যে জীৱনটোক নিজৰ মতে উপভোগ কৰিৱ খোজো । দুয়োটা আহি ৰুম পালোহি ।ৰাষ্টাত সি মোক বহুত কথা কলে । নাই নাই লাভ নাই আৰু তোক কৈ । ধেত তেৰি জীৱনত কিবা এটা কৰিৱ আহিছ অলপ গভীৰভাবে ল না ।পিছৰতোৰ INTERVIEWত এনেকোৱা কৰিলে তই ঘৰলৈ যাবিগৈ ।আৰে তোৰ প্ৰতিভা আছে কিয় নিজকে নষ্ট কৰিছ ইত্যাদি ইত্যাদি কি কি কলে কিন্তু মোৰ কাণত নোসোমাল । সকলো গৈছে নিজৰ নিজৰ কামত ব্যস্ত । আৰু মই পৰি ৰৈছোঁ অকলে নীৰৱে ।মোৰ ছাগৈ বৰ বেয়া দিন চলি আছে । দিনত হাইদৰাবাদৰ গেলা গৰম, গধূলি বাহিৰ ওলোৱাটো বন্ধ কৰিলে এজাক বৰষুণে । কিনকিন বৰষুণ। বাহিৰলৈ ওলাই গ’লোঁ। বৰষুণজাক কমিছিল। কিন্তু নাকত এটা চিনাকি লাগিছে কিহৰ গন্ধ মনত পেলাব পৰা নাই । এনেকুৱা গন্ধ কেতিয়া পাওঁ মনত পেলাইছো । অ মনত পৰিছে এনেকুৱা গন্ধ বছৰৰ প্ৰথম জাক বৰষুণে যেতিয়া শুকান ধুলি তিয়াই তেতিয়া এই গন্ধ পাওঁ ।লৰালিত এনেকুৱা বৰষুণত কম তিতিছিলো নে ।বৰষুণত চোতালত জঁপিয়াই জঁপিয়াই গা ধুইছিলো ।বৰষুণত তিতা কাৰণে মা পৰা চেকণি কোৱ খাইছিলো ।আৰু দেউতাই মা বাধা দি বিচনা তলত লুকুৱাই ৰাখিল । মায়ে বিচনা তলত লুকাই থকা বুলি জানিও নজনা ভাও ধৰি বিচাৰি ফুৰিছিল । বৰষুনৰ দিনবোৰ,সেই এৰি অহা শৈশৱৰ দিনবোৰ ।উন্মুক্ত আকাশৰ তলতবৰষুনত তিতি কত যে খেলা ।কাগজৰ নাওঁ সাজি • ঐ দেৱ কি ভাবি আছ ।আঁহ চাহ খাও । ইমান ভাবিব লগা একো হোৱা নাই ।মই আছো নহয় । এটা INTERVIEWহে বেয়া হৈছে । • ধেত মই INTERVIEW কথা ভাবি ধকা নাই । • তেতিয়া হলে কি ভাবি আছ । ওঁম গম পাইছো কলেজৰ সেই বুদ্ধুৱনীলৈ মনত পৰিছে । • তয়োযে আৰু ।দিলি নহয় মনত পেলাই । • অ মানে তই তাইকো পাহৰি পেলাইছিলি । • নহয় অ মা লৈ মনত পৰিছে ।আগতে মাহঁতক এৰি ইমান দুৰ অহা নাই যে । • এহ ৰ চৱ ঠিক হৈ যাৱ প্ৰথমে কিবা কাম এটাত সোমাই ল। এতিয়া ক তোৰ বুদ্ধুৱনী কেনে আছে ।তহঁত দুটা কথাবোৰ আগবঢ়িছে নাই হাঁ । • কি কথা . • ৱা এতিয়া মইহে কৱ লাগিব কি কথা ।তহঁতৰ প্ৰেমৰ কথা আকৌ । • ধেত মই আৰু প্ৰেম ।তাই মোৰ ভাল বান্ধৱী তাতকৈ বেছি একো নহয় । • ওম বেছি একো নহয় । ভাল বান্ধৱীয়ে পিছলৈ লেলা মঞ্জনুৰ দৰে প্ৰেমিক হয় । • ওম বেতা তই সলিতো এতিয়া মোকো তোৰ শাৰীলৈ নিৱ খুজিছ ।অহা দুদিনমান আগত তোৰ লেলাক লগ পাইছিলো ।খালি কথা পাতিৱহে সময় নাপালো লগত দেউতাক আছিল । • মোক কৈছিল । • ৱাউ সেতু কথাও কৈছে । কিৰিং কিৰিং কিৰিং তাৰ মবাইল বাজিলে । :Hello বাণী কোৱা । তুমি কিয় তেনেকৈ ভাবিছা ।ভুল নুবুজিবাছোন please . sorry .মই তোমাক উলোত পালতকৈ কথা কৈ খং তুলি চাইছিলো ও এতিয়া sorry কৈছোতো । please মাফ কৰি দিয়া। এই খিনিলৈকে শুনিলো ।ফোনতো সি বাহিৰলৈ ওলাই গল । ৰাতি ১ বাজিল , বৰষুণ দি আছে । টোপনি যোৱা নাই । দিনৰ এটি সৰু কথাক লৈ দুয়োৰে মাজত মাত বুল নাই । কিন্তু কিমান সময় আৰু এনেকৈ । শেষত সি নোৱাৰিলে । মোবাইলত মেছেজটো লিখি পথাই দিলে । অলপ সময়তে মেছেজটো চালে । মানে তাইওঁ সাৰে আছে । দুয়োটাই মছেজত ভাল জমিছে ছাগে ।কিমাননো আৰু মছেজ কৰিব আঙুলি বিষ হল ছাগৈ ।এবাৰ ফোনকে লগালে । আৰম্ভ সঁচাকৈয়ে প্ৰতিটো সময়ত তোমাৰ মৰম বোৰে মোক কন্দোৱাই আছে । • আয়ৈ দেহি লৰাটো কান্দি কান্দি অৱস্থা নাইকিয়া হৈছে । • আৰে তই টোপনি যোৱাই নাই মানে । • আৰে ভাই তোৰ প্ৰেম জনমে জনমে হৈছে আৰু চা মোৰ প্ৰেম নজমেহে নজমে ।তই বাহিৰলৈ গৈ আ ৰা ম কৰি কথা পাতগৈ ।মোক টোপনি যাৱ দে ।

Thursday 1 October 2020

জীৱন সঁচাকৈয়ে বৰ অনুপম ।।

এফালে সৰি পৰা ,
জীৱনৰ এখিলা ৰঙীন পাত
আনফালে নতুনকৈ পূখা মেলি এটি কুঁহিপাত
জীৱনৰ এক আনামী সপোন | 
জীৱন সঁচাকৈয়ে বৰ অনুপম ।।

Thursday 27 August 2020

ভালপোৱা এক মিঠা বেদনা

জানা মোৰ প্ৰিয়া আজি প্ৰতি পলতে মোৰ অনুভৱ হৈছে ।
প্ৰেম ভাল পোৱা এক মিঠা  বেদনা ।  
কঠিন শিলত নিপুন শিল্পীয়ে  খুদিত কৰা আখৰ দৰেই । 
হাজাৰ বতাহ ধুমুহা বৰষুণে ও মচিৱ নোৱাৰে ।মাত্ৰ সামান্য ক্ষীয়তি কৰে । 
প্ৰেম আৰু বেদনাৰ মাজত মাত্ৰ প্ৰতিশ্ৰুতি থাকে দুয়ো দুয়ো লগত থকা ।
 বৰষুণ দিলে একে লগে তিতা ,ধুমুহা আহিলে হাতে হাত ধৰি থকা উৰে জীৱন ।

তোমাৰ চিঠি।

আজি বহুদিন মূৰত তুমি দিয়া চিঠিখন পঢ়ি আছিলোঁ ৷
 ভালেই লাগিছিল মনটো ৷ 
মনেতে বহু কথা,ছবি, মাত, সুৰ, ঘটনা দুচকুৰ মানসপটত জিলিকি উঠিল ৷
আস স্মৃতি কি যে মোক্ষম আঘাত…!
বুকুৰ কোনোবা এটা কোণত বিষাব ধৰিছে ।
সময় বৰ নিষ্ঠুৰ !!
সচাঁকৈয়ে সময় বৰ নিষ্ঠুৰ...!!
সময়ৰ নিষ্ঠুৰতা আজি মই মূহুৰ্তে মূহুৰ্তে উপলব্ধি কৰিছো ।
 জোনাক নিশা নীৰৱে আকাশৰ তলত বহি আকৌ এবাৰ মনত পেলালো তোমাক । 
কেনে আছা ? 
জোনাক নিশা তোমাৰ বুকুত মুৰ গুজি হৃদয়ৰ বাতৰি বিনিময় কৰাৰ সপোন, সপোন হৈয়ে ৰল... তুমি বুজি পোৱা নাছিলা অনুভৱৰ কন্ঠ ।

Wednesday 27 May 2020

মোক কন্দোৱাই তুমি শুই যোৱা ।
এটো তোমাৰ অভ্যাস ।
তুমিতো স্বভাৱ বিৰোধী হৱ  নোৱাৰা ।
যিদিনা মই চিৰদিনৰ কাৰণে শুই যাম
সেইদিনা তোমাৰ টোপনি ওপৰত ঘৃণা উপজিৱ ।