Wednesday 4 March 2020

৯ম খণ্ড

৯ ম  খণ্ড 

কুউ কুউ কুউ ..............পূৱতি নিশা কুলিজনীৰ মাতত মোৰ টোপনি ভাঙিল ।অদুৰ পাহাৰৰ নামনিত এজনী কেতেকীয়ে গগন ভেদা চিঞৰ । হয়তু কেতেকীয়ে লগৰী বিছাৰী ফুৰিছে । মই মবাইলৰ বুটামটো পিটিকি সময় চালো । ৰাতিপুৱা ৪-৪৫ বাজিছে । মই বিছনাৰ পৰা নামি খিড়িকীখন খুলি বাহিৰলৈ চালো ।বাহিৰত পোহৰৰ আগমন ঘটিছে ।কুলিৰ মাত ৰিণিকি ৰিণিকি কাণত পৰা দিন ধৰি বুকুৰ উচপিচনিবোৰ ক্ৰমে বাঢ়ি আহিছে দিনকদিনে । ফা গুনে মেলানি কাহানিবাই মাগিলে, চ'তেও দুদিনৰ পাছতেই বিদায় ল'ব । তাৰপাছত ব'হাগ আহিব, ।দেই-পুৰি শেষ কৰি আনিছে মোক । তথাপিও ক'বও নোৱাৰো কাকো, দেখাবও নোৱাৰো কাকো বুকুৰ পুৰনিবোৰ, অসহায়বোৰ । ''বুকুত উমি উমি জ্বলিছে তোমাৰ নামৰ এটুকুৰা জীয়া জুই'' । ৰৈ ৰৈ বিনোৱা চৰাইৰ ৰাতিটো… এপল দুপল কৈ হাতত সাৰে ভৰিত সাৰে পাৰ হৈ যায় । দুচকুৰ পতাত আঁকি লোৱা সপোনৰ শৰালি জাক দোকমোকালিতে জাকি মাৰি আকাশত হেৰাই যায় । বহুদিনৰ পিছত গাওঁৰ ৰাতিপুৱাতো দেখা পাইছো ।ৰ্দজাখন খুলি বাহিৰলৈ উলাই আহিলো ।এজাক ৰিৱ ৰিৱ মলয়া বতাহ দেহমন শীতল কৰিছে ।এখোজ দুখোজকৈ গাওঁৰ মাজেৰ বৈ যোৱা সেই সৰু নৈখনৰ ফালে আগবাঢ়িলো ।আজি চিনাকী গাওঁখন অচিনাকী লাগিছে ।গাওঁৰ উদং পথাৰখনত এতিয়া ঘৰে আৱৰি ধৰিছে ।মই আহি আহি নৈ পাৰত থিয় হলোহি তেতিয়া পূৱ আকাশত বেলিটো ভুমুকি মাৰিছে ।হঠাতে উত্তৰফালে থকা পাহাৰটোলৈ চকু গল .পাহাৰটো আগৰ দৰে সেউজী নহয় .পাহাৰৰ বুকু উদং দুৰৈৰ পৰাই মাটি দেখা পাই ।এদল চোৰাং ব্যৱসায়ৰৰ হাতত সেউজী প্ৰকৃতিয়ে মৃত্যু ক্ষণ গণিছে ।গাওঁৰ মানুহবোৰ নিশ্চুপ ।আঃহ নিৰস শুকান বতাহ জাকে মোক বৰকৈ আমনি কৰিছে যেন কাণে কাণে কৱ বিছাৰিছে আমাক ধবংস কৰা ফল আৰু কিছুদিনৰ পাছতে ভুগিবি ।পাহাৰটো মনৰ কথাখিনি যেন মোৰ কাণে কাণে সুহুৰীয়া কৈ গল ।তেতিয়াও কেতেকীজনীয়ে চিঞৰীয়ে আছে ।কেতেকীজনী মাতে মোক বিষণ্ণ কৰি তুলিছে ।কেতেকীজনী দৰে নিজকে অকলশৰীয়া লাগিছে।মই আৰু ক্ষন্তেক সময়ৰ কাৰণেও ৰৈ থাকিৱ নোৱাৰিলো ।
     তেতিয়া বেলিটোৱে পূৱ আকাশত ঢল ফাত মেলিছে ।মই এখোজ দুখোজকৈ আহি ঘৰৰ বাৰি কাষ পলোহি ।হঠাতে এটা গন্ধ নাকত লাগিল ।এটা চিনাকী গন্ধ .কিহৰ গন্ধ হৱ পাৰে মনত পৰা নাই ।কথনা নে কেতেকীফুলৰ ।মনতো ভাল লাগি গল ।প্ৰকৃতিয়ে নিজৰ বৰণ সলাই ন’ কুঁহিপাত মেলিছে । চাৰিওফালে মাত্ৰ এক বুজাব নোৱাৰা শিহঁৰন ।। সকলোৱে মনত নতুন আশাৰ সপোন ঘৰ সাজিছে , কোনোবাই জীৱন সংগী বিচৰা, কাৰোবাৰ প্ৰিয়জনক লগপোৱাৰ আশা …….।। বিহুলৈ মাত্ৰ এদিন আছে । এই কেইদিন দেউতা ককাইদেউ ভাইতি ঘৰৰ কাম বাহিছে ।পাকঘৰত ৰসৰ গন্ধই আমোল মোলাই আছে । বিহুত সাঁজ নহলে নহয় আমাৰ । মায়ে চকুৱা , বৰা ধানৰ চাউল মিহলাই ৰসিও বনাইছে ছাগৈ । মোৰ জিভা পানী উলাইছে ।পিছে কওঁ কাক ন-বৌও কামত লাগি আছে মাক কলে চেকনিয়ে কুবাব পাৰে চেঃহ কি কৰো । বিহুৰ যোগাৰ প্ৰায় হৈছে , মাত্ৰ গৰু বিহুৰ দিনাৰ বাবে গৰু চাক কেইখন আৰু  পঘা কেইদাল বনাবলে বাকী আছিল দেউতাই বনাই আছে ।মই তাকে চাই আছো ।হঠাতে পদুলিফালৰ পৰা কোনোবাই মোক মাতিলে ঐ এটো দেৱ নহয়নে ।মই চালো সদা দেখোন ।আৰে সদা কত যাৱ ৰাতিপুৱাই পুৱাই ।আহ চাহ খাও ।
• নিচাদেউ গৰু পঘা বাতিছে ।তৰাজৰি দুডাল মান মোক দিবচোন ।
• নিবি বোপাই ।দেউতাই তাক কলে ।
• ঠিক আছে নিচাও ।দেৱ তোৰ যে খৱৰখাতি নাপাওঁ তই আমাক পাহৰিয়ে গলি বুলি ভাবিছিলো ।
• ধেত তেৰি তহঁতক পাহৰিম নে ।
• তই নাপাহৰৰ মই জানো ।নিচাদেউ এপাদেউ ঘৰত নাই নেকি মাত শুনা নাই যে ।
• আছে ও চাহ বনাই আছে ।
• ন-বৌ নাই নেকি বুঢ়ি মানুহজনীক চাহ বনাব লগাইছে যে।তেনেতে ন-বৌয়ে চাহৰ ঠালিখন লৈ উলাই আহিলে ।
• কোন ঔ এটো বহুত দিনৰ মুৰত এদিন আহি মোৰ বদনাম কৰিব আহিছে 
• অহ আপুনি শুনিলে মানে ।
• শুনি আছিলোতু । জানা ভাইটি তুমি নাই বুলি ইহঁতকেইতাক ছাঁটোকে দেখিবলৈ নোপোৱা ।
• ঐ দেৱ তই ন-বৌ কথা বিশ্বাস নকৰিবি ।
• নকৰো বাৰু ।তই এতিয়া চাহ খা ।পিতাই চাহ খা ঠাণ্ডা হৱ ।
• পঘাডাল বাতি শেষ কৰি লওঁ ।
আমি দুটায়ে অৰ তৰ কথা পাতি চাহ খোৱাত ব্যস্ত হলো ।কখা মাজতে মই তাক গধুলি আমাৰ ঘৰলৈ আহিৱ কলো ।ঠিক আছে আহিম বাৰু বুলি কৈ সি পিতাই পৰা তৰাজৰি দুডাল লৈ গল গৈ ।ময়ো উঠিলো । বাৰীলৈ সোমাই গ’লো। বাৰীৰ মাজেৰে পাৰহৈ যাওঁতে মোৰ চকু পৰিল জেতুকা জোপালৈ। বাৰীতে জেতুকা আছে অথচ লোৱা মানুহ নাই।ন-বৌক কৱ লাগিব আজি বহুত দিন হল জেতুকা নোলোৱা তামোল কেইজোপাত থকা কপৌ কেইজোপাও  সুন্দৰকৈ ফুলি উঠিছে।  মনটো বুজাব নোৱাৰা আনন্দৰ ভাব। সকলো মানুহৰ এনে হয় চাগে বসন্তৰ বতৰত। কাইলৈ গৰু বিহু । দিনটো ইফাল সিফালকৈ যেনে তেনে পাৰ কৰিলো ।
জুহালৰ কাষতে বহি গৰু চাককেইখন বনাই আছো। মায়েও পিঠাৰ খুলা আৰম্ভ কৰিছে। মাজে মাজে মোক দুই এখন খাবলৈ দি আছে। এনেকৈ খাই থকাতো মোৰ সৰুৰে পৰা অভ্যাস। ক’তবাৰ গালি খাইছো ।কেতিয়াবা দুই এধকা পিঠিত পৰিছিল তথাপি মোৰ লাজ নাই ,আচলতে এনেদৰে গৰমে গৰমে খোৱাৰ আমেজটো আৰু মা হাতৰে এচাৰি কুৱ খোৱা আমেজটোৱে বেলেগ ।অৱশ্যে তেতিয়া মই বহুত দুষ্টও আছিলো ।মা হাতৰ চেকনি কুৱ খাই যেতিয়া অন্তধ্যান হৈ বাৰীৰে কোনোবা এজোপা গছৰ উঠি চাই থাকো কোনে কোনে মোক বিচাৰী ব্যাকুল হয় ।সেই কথাবোৰে আজিও মোৰ মন সজীৱ কৰি ৰাখিছে । কামৰ মাজতে মায়ে সুধিলে –
• দেৱ অকনমান খাবি নেকি?
•  কি ,সাজ?
•  অ’  খাৱ যদি বৌয়েৰক আনি দিৱ ক ।
•  নেলাগে এতিয়া সদা আহিম বুলি কৈছে । সি আহিলে দুয়োটাই একেলগে খাম ।
•  হ’ব তেন্তে মই লৰালৰিকৈ পিঠাকেইটা বনাই লওঁ। ঠিক তেনেতে সদা আহিলে । এপাদেউ এপাদেউ বুলি চিঞৰী জুহাল পালেহি ।
• শনি তোৰ নাম লওঁতে আহি পালেহি ।বহুত জী থাকিবি ।
• এপা সাজ খাৱ আহিছো ।আমাৰ ন-ছোৱালী বৌ নাই নেকি ।
• আছো ও । মই এতিয়া ন-ছোৱালী নহয় অ ।ন-ছোৱালী কথা এতিয়া তোমালোকে চিন্তা কৰা ।
• : ঠিক আছে বাৰু এতিয়া সাজ উলিৱাক ।ঐ দেৱ বল বাহিৰতে বহোগৈ ইমান ধুনীয়া জোনাক ।
সি বাহিৰলৈ ওলাই আহিল। আকাশত জোনটো ডাঙৰকৈ ওলাইছে। আজি জোনৰ পোহৰ নেদেখা বহুত দিন হল । দুয়োটা চোতালত চকী দুখল পাৰি বহি কথা পাতিৱ আৰম্ভ কৰিলো ।  যথা সময়ত ভাত পানী খাই সি যাবলৈ ওলাল আৰু মোক কলে কালিলৈ টাউনত বিহু চাৱলৈ যাম ওলাবি । মই কলো ঠিক আছে বাৰু ।Hyderabad

No comments:

Post a Comment