৩য় খণ্ড
মে মাহৰ কোনোবা এটা পুৱা গুৱাহাটী পালোহী হাইদৰাবাদ যোৱা অভিপ্ৰায়ে । বতৰটো বৰ ভাল নহয় এজাক কিনকিনিয়া বৰষুণ । বাছৰ পৰা নামিয়ে বৰষুণত তিতি তিতিয়ে ষ্টেচনৰ ফালে আগবা়ঢ়িলো ।ৰেলখন যাবলৈ আৰু আধাঘণ্টা বাকী আছে ।মানুহবোৰে নিজৰ নিজৰ আসন বিচৰাত ব্যস্ত হৈ আছে । বৰষুণজাক ক্ৰমাণয়ে ডাঙৰ হৈ আহিছে ।ৰেলখনেও গতি লবলৈ আৰম্ভ কৰিছে ।ৰেলৰ গতি লগতে যেন মোৰো জীৱনৰ গতি লবলৈ আৰম্ভ কৰিছে ।মোৰ ভাৱনাবোৰেও ৰোলৰ ডবাবোৰৰ দৰে লানিপাতি দৌৰিব ধৰিছে ।ৰেলখন কেতিয়াবা অৰণ্য মাজেৰে কেতিয়াবা চহৰৰ মাজেৰে আগবাঢ়ি গৈ আছে ।আৰু মই চিপচিপ বৰষুণজাকৰ মাদকতা উপভোগ কৰিছো ।
বৰষুণ এৰিলে , বেলিটোৱে আকাশৰ ডাৱৰ মাজেৰে ভুমুকি মাৰি এবাৰ পৃথিৱীলৈ চাইছে।ৰেলখনৰ গতি ক্ৰমাণয়ে কমি আহিছে ।হয়তো কোনোবা ষ্টেচন পাৱ সময় হৈছে ।হয় বঙাইগাওঁ ৰেল জংচনত ৰেলখন ৰল । বিভিন্ন খাদ্য সামগ্ৰী বেপাৰীবোৰে খাদ্য সম্ভাৰ লৈ দৌৰা দৌৰি কৰিছে এটা ডবা পৰা আনটো ডবালৈ ।তেনেতে মই বঢ়ি থকা কম্পাৰতমেণ্টটোলৈ মোৰ দেউতা সমবয়সীয়া এজন বৃদ্ধ তেওঁ পৰিবাৰৰ সৈতে মোৰ কাষৰ আসনত বঢ়িলেহি । তেওঁ হাতত দুখন বাতৰি কাকত এখন অসমীয়া আনখন ইংৰাজী ।ডিঙিত এখন ফুলাম গামোচা । দেখাত তেওঁক বহুত চিন্তাৱিত লাগিছে যেন কোনোবাই ৰেল যাত্ৰা সুবিধা সেৰুৱাব ।তেনেতে মই সুধিলো খুড়া আপোনাৰ কোনোবা আহিব আছে নেকি তেওঁ কলে মোৰ ছোৱালীজনী অহা নাই কিনো কৰি থাকে । মই কলো আহিব চিন্তা নকৰিব ট্ৰেইন এৰিবলৈ এতিয়াও ১০ মিনিত আছে । ঠিক ৫ মিনিত পাছত এজনী ছোৱালী মোৰ কম্পাটমেণ্টলৈ সোমাই আহিল পিঠিত এটা প্ৰকাণ্ড বেগ ।বয়সত মোৰ সমবয়সীয়াই হৱ । পাথ্যক হয় যদি এক দুইবছৰৰ হৱ । তাই আহি নিদিষ্ঠ আসনত বহিলেহি ।পঁ পঁ কৈ ৰেল খনে যাত্ৰা সংকেত দিলে । তেনেতে দেউতা বয়সৰ মানুহজনে কলে মাজনী তই ইমান সময় কত আছিলি ও মই চিন্তাতে পৰিছিলো । তহঁতি আৰু যে চিপচ আৰু চকলেতৰ পিছতে পৰি থাক । দুৰণিবতিয়া ৰেলৰ যাত্ৰা । দুৰণিবতিয়া ৰেলৰ যাত্ৰা এটা বেলেগ আমেজ আছে ।আপোনি এই আমেজ প্লেনত নাপাই ।প্লেনত আপোনি একেখন আসনত বঢ়িয়ে থাকিব লাগিব ।আপোনাৰ কোনো বিকল্প নাথাকে ।কিন্ত্ত ৰেলৰ যাত্ৰাত আপোনাৰ ইচ্ছামতে আপুনি গোটেই ৰেলখন ঘুৰিব পাৰিৱ । ইচ্ছামতে আপোনাৰ খোৱা বস্তু লৱ পাৰে মুঠতে এটা আমেজ ভৰা যাত্ৰা ।মোৰ এই আমেজ ভৰা যাত্ৰাত এজনী পৰী আগমন ঘটিছিল । চালে চাই থাকিব মন যোৱা । পৰীজনী ছোৱা আশাৰে সেই দেউতা বয়সৰ খুড়াজনৰ লগত কথা পাতিবলৈ ধৰিলো ।কথা মাজতে খোড়াজনে প্ৰতিদিন বাতৰিখনৰ প্ৰথম পৃষ্ঠাত এটা বাতৰি শিৰোণামা দেখালে থলুৱা বস্ত্ৰ শিল্প ধবংসৰ প্ৰতিবাদত শুৱালকুছিত জ্বলালে ২৫ লাখ টকাৰ নকল সুতাৰ কাপোৰ । ভাইটি এই বাতৰিটো ওপৰত তোমাৰ মন্তব্য কি । পৰী ছাবলৈ আহি মৰিলো বাপ্পেকে ।তক্ষণাত ইমান ডাঙৰ শিৰোণামা ওপৰত কেনেকৈ মন্তব্য কৰো বাৰু ।তথাপিও বাতৰি কাকতখন হাতত ললো । ওপৰৰ আসনৰ পৰা পৰীয়ে মোৰলৈ চালে আৰু এটা ৰহস্যপুণ হাঁহি মাৰিলে যেন মই কোনোবা ছোৱালীলৈ ছাঁওতে উজতি খাই গাঁতত পৰিলো ।কথকি আজি তই বাঘৰ হাতত পৰিলিহি । তথাপিও কিবা এটা কৈ পৰীজনী আগত মূখখন বছাব লাগিৱ ।হওঁক নহওঁক আৰম্ভ কৰি দিলো মোৰ লোকছাৰ । মই সঠিক ভাৱে কৱ নোৱাৰিম খোড়া । মোৰ মতে প্ৰতিবাদকাৰীয়ে ঠিকে কৰিছে ।তেওঁলোকক ধবংস কৰিবলৈ লোৱাসকলক এটা শিক্ষা দিছে ।অসমৰ শিল্প উদ্যোগটো ৰক্ষা কৰিছে এচাম ডেকা –গাভৰু নিয়োগৰ বাট মুকলি কৰি ৰাখিছে । আজিকালিটো অসম চৰকাৰে নিয়োগৰ ব্যৱস্থা কৰিবই নোৱাৰে ।যি এটা নিয়োগৰ বাট মুকলি কৰে তাতো পুঁজিপতিসকলে ধনৰে হাত কৰি আমাৰ দৰে হালোৱা সজুৱাবোৰক পঠিয়াই দিয়ে গোলামী কৰিব । এই আমোলা বিষয়াবোৰক আমাৰ সমাজৰ এচামে বেয়া কৰিছে ।তেওঁলোকে প্ৰতিবাদ কৰিছে কৰক তাত মোৰ আপত্তি নাই ।আপত্তি কেৱল ২৫ লাখ টকা অগ্নিত জাপি দিয়াটো ।যদি অগ্নিত জাপি নিদি দুখিয়া সমাজত বিলাই দিলে হয় বহুত উপকৃত হলহতেঁন ।আৰু আমাৰো দোষ আছে । চাহিদা অনুপাতে আমি যোগান ধৰিৱ পৰা নাই। কথাৰ মাজতে ওপৰলৈ চালো দেখিলো পৰীজনীয়ে মোৰ কথা একান্তমনে শুনি আছে । মনটো ভাল লাগি গল । কিন্তু কি হৱ উপাই নাই খোড়াপৰা পলাৱ বিছাৰিছো নহলে মোৰ মগজু অপাৰেচন কৰিব । খোড়া মই অলপ ৰেষ্টৰুমৰ পৰা আঁহো তাৰপিছত আকৌ কথা পাতিম । যোৱা যোৱা ।মই তিনিঘণ্টামান মোৰ চিটলৈ নগলো । মই ৰ্দজা কাষত থিয় হৈ বৰষুণজাক উপভোগ কৰি আছো । হঠাতে কাৰোবা মাত শুনিলো । চাৱ আকৌ বাহিৰলৈ ওলাই পৰিৱ । ঘুৰি চাই দেখো সেই পৰীজনী ।অ তুমি ।নাই এনেই আৰু বৰষুণজাক ভাল লাগিছে ।
:মানে আপুনি বৰষুণ ভাল পাই মানে। মানে ৰোমাণ্টিক ।আপুনি কথাপাতি বৰ ভাল পাই যেন পাইছো ।
:কিয় সুধিলা ।
::এনেই সুধিলো । আপোনাৰ নাম ।
:দেৱ । তোমাৰ নাম ।
:প্ৰিয়া
:ধুনীয়া নাম ।
:বেয়া নাপাই যদি অকণমান ৰৈ দিব নেকি ।মানে মই ৱাথৰুম .........
মই দৰ্জা খনৰে বাহিৰলৈ চালো বৰষুণজাক কমিছিল। ঠাঁণ্ডা ঠাঁণ্ডা ভাৱ এটা আহি আছিল। তাই বাথৰুমৰপৰা উলাই আহি বেচিনত হাত ধুলে আৰু কলে আপুনি দেখোন ৱাথৰুম আঁহো বুলি কৈ আকৌ চিটলৈ ওভতি নগল । দেউতালৈ ভয় খালে আৰু কিবা কিবি সুধে বুলি ।
নাই নাই ভয় খোৱা নাই । বৰষুণজাক ভাল লগা কাৰণে ৰৈ গলো ।
মোৰো বৰষুণ ভাল লাগে ।
ঔ হয় নেকি ।আঁহা তেনে উপভোগ কৰা ।
মোৰ ভয় লাগে প্রেমত পৰিব, কাৰন এলকহলতকৈ প্রেমে হেনো অতি সোনকালে হত্যা কৰে এজন নিৰীহলোকক ।সেই কাৰণে কলেজত প্ৰেয়সী কাৰণ বুদ্ধু আছিলো । তথাপিও লুকাই লুকাই চাইছো তাই মায়াসনা মুখখনিলৈ । পঢ়ি চাব পৰা হলে তাই মনৰ কথাবোৰ । মই ভবা দৰে তায়ো ভাবিছে নেকি ।এতিয়া দেখোন বৰষুণজাক... মৰমৰ সাগৰ হব ধৰিছে ।মোৰ বুকুত তাই অনুভৱে বেৰি ধৰিছে । নিজকে সুখী বুলি কৃএিমতাৰ মুখা পিন্ধাজনে কি বুজিব হৃদয়ৰ সেউজীয়া ভাষা, বুজিম জানো ভালপোৱা কি । সময় নহয়,যি উৰি যাৱ মন বননিৰ পৰা. ... কাৰোবাৰ সুখে আবৰা ৷ বুকুৰ কোণত কোনোবাই এতিয়াও জুমি চায় আছে ৷কোনোবাই গোপনে কাৰোবাৰ প্ৰেমত মগন হয় ৷ভাল লাগিল হয় যেতিয়া যেতিয়া মইও আকাশখনৰ এটা ক্ষুদ্ৰ অংশ কাৰোবাৰ বাবে ......।
আমাৰ দেউতা লগত কথা পাতি আমনি পালে নহয় ।
নাই নাই বেয়া পোৱা নাই ।
বেয়া নাইপোৱা যদি ইমান সময় কিয় চিটলৈ যোৱা নাই ।
তাৰপিছত আমি বহুত কথা পাতিলো ।তাই নিজৰ চিটলৈ গলগৈ মই দৰ্জা ওছৰতে ৰৈ গলো । জীৱনত প্ৰথমবাৰ কোনোবা অচিনাকী ছোৱালীৰ লগত ইমান কথা পাতিছিলো। ছোৱালীজনী ভাল আছিল। ভেম চেম একো নাছিল।মই নিজকে বিশ্বাস কৰিব পৰা নাছিলো ।
মই বৰ ভাগ্যৱান।শান্তিত এঘূমুতি মাৰিব পাৰো যেতিয়াই মন যায় তেতিয়াই ভৰ দুপৰীয়া বা দুভাগ ৰাতি নহয়তো বা পুৱতি নিশা কাৰোঁ ফোন নাহে । কিন্তু কেতিয়াবা ভাগ্যখন সলনি কৰিব মন যায় ।ক্ষণিক সময়ৰ বাবে বুকুৰ কোনোবাখিনিত উশাহ বন্ধ হৈ গভীৰ ব্যাকুলতাৰে নিশ্বাসত ওলাই যায় তপ্ত হুমুনিয়াহ আৰু বহু সময়লৈ মনৰ মাজত খোদিত হৈ ৰৈ যায় এখন ছবি৷কি এয়াই প্ৰেম ভালপোৱা নেকি । প্ৰেমৰ অৰ্থ কি উপলব্ধি কৰিব নোৱাৰো প্ৰেমক কেনেকৈ অনুভৱ কৰিম ।মনত আজি এজাক বহাগৰ বা লাগিছে । মনত এটা কবিতা গুণ গুণনি ।
বহাগৰ বতাহ লগাৰে পৰা ।
মন ৰাইজাই কৰিছে জানা ।
অচিনা আবেগতে ।
তোমাৰ মৰমতে ।
মাঘ ফাগুণ চ'তৰে পৰা তুমি জানো উমান পাইছা ।
মোৰ মনৰে কথা ।
মই অধিৰ আজি তোমাক বিচাৰি ।
বিহু তলিত তোমাক বিচাৰি ।
মন উতলা ফাগুনৰ পৰা ।
জিৰি জিৰি মলয়া জাক লগাৰে পৰা ।
মন উগুল থুগুল লাগি আছিল জানা ।
পলাশ ৰঙা গোলাপ ৰঙা আৰু ৰাঙলী মদাৰ ।
আকাশ ৰাঙলী কৰিছিল জানা ।
কুউ কুউ বুলি কুলি মাত শুনাৰেপৰা ।
মন উগুল থুগুল লাগিছিল জানা ।
মন আজি উৰণীয়া ।
বহাগৰে বা লগা । আৰু কৱ নোৱাৰি ।সমস্থ মগজুৱে বতাহত উৰি গল ।নিজৰ চিটলৈ আহি ৰাতিসাঁজ খাই শুই পৰিলো ।প্ৰথমদিনা ইমানতে শেষ । আকৈ লগ পাম ।