Sunday 6 December 2015
অলপ ভালপোৱা লাগে তোমাৰ পৰা
অলপ ভালপোৱা লাগে তোমাৰ পৰা
কাৰণ মই তোমাৰ প্ৰেমিক
তোমাৰ হাঁহিত উটি যাব বিচাৰো প্ৰশান্ত সাগৰলৈ
পাৰ কৰিব বিচাৰো শীতৰ সেমেকা ভৰা নিশাবোৰ তোমাৰ উমাল বুকুৰ মাজত ।
মই উন্মাদ হৈ পৰিছো তোমাৰ কোমল বুকুৰ উমাল পৰশ পাবলৈ
বাৰে বাৰে প্ৰেমত পৰো মই
তোমাৰ নীলা চকুযোৰি ।
যেন সাগৰ মুকুতাহে ।
তোমাৰ মেঘালী চুলি ভাঁজে ভাঁজে আঙুলি বুলাই কব মন গৈছে
ৰিশীতা তুমি কেৱল মোৰ কেৱল মোৰ ।
তোমাৰ বুকুৰ উমে উমাল কৰি দিয়া মোৰ বুকুখন ।
আৰু মাতাল হৈ পৰো।
তোমাৰ ধেনুভেৰীয়া চেলাউৰিত লুকুৱাই ৰাখিছা মোৰলৈ থকা মৰম ভালপোৱা
কিমান যে ভালপোৱা থৈছো সাঁচি তোমালৈ,
বিছাৰি ছোৱাচোন এবাৰ আকুল হৈ মোৰ বুকুত উমান পাবা মৰমৰ গভীৰতা
।মাত্ৰ এবাৰ বুকুত বুকু থৈ ছোৱা হেজাৰটা ৰণুৱা ঘোঁৰাই কঢ়িয়াই অনা মৰমৰ উমান পাবা ।
মাথো অলপ মৰম বিছাৰিছো তোমাৰ পৰা
কাৰণ মই তোমাৰ প্ৰেমিক ৰিশীতা ।
তুমি হাঁহিলেই চৰাইবোৰে গুণগুণাই
তুমি কথা কলে ফুল বোৰে খিলখিলাই
তুমি আহিলেই ফাগুনো উন্মনা হয় ।
শীতৰ নাঙঠ গছেও বসন্তৰ আৱৰণ পিন্ধিব খোজে ।
তুমি হাঁহিলে ফাগুনৰ আকাশ ৰঙলী হয় পলাশ শিমলুৰ মদাৰ ফুলে ।
আহাছোন ৰিশীতা
মোৰ প্ৰেমৰ ভটিয়নি সোঁতেৰে উজাই।
মোৰ প্ৰেমৰ নদীত নৌকা মেলি দিয়া ৰিশী
তোমাক বহুত ভাল পাও মই
কাৰণ তুমি যে মোৰ প্ৰেয়সী
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment