Sunday 6 December 2015
তুমি শৰতৰ..............
শৰতৰ বতাহে আহি কাণে কাণে কৈ যায় ।
শেৱালী হৈ আহিছা মোৰ
পৃথিৱীলৈ ।
নিয়ৰ হৈ নামিছা মোৰ বুকুলৈ ।
তোমাক পাই এনে লগিছে যেন হেৰুৱা সকলো সপোন ঘুৰাই পালো ।
বতাহ বলিলে সাগৰো কঁপে ।
পলে পলে মনত তোমালৈ ।
হৃদয়ৰ পৰা ছোরা এবাৰলৈ ����
মইয়ে তোমাৰ প্ৰেম ভাল পোৱা ।
পৃথিৱীলৈ আহিছা তুমি মোৰ কাৰণে এপাহি শেৱালী হৈ ।
নিঁয়ৰ হৈ নামিছা মোৰ বুকুলৈ ।
নিদিবা তলসৰা এতিয়াও পোৱা হবলৈ বহু সময় ।
শেৱালী পাতত নিঁয়ৰে খেলক আজি
মন আকাশত জোনাকী উৰক আজি ।
Tumi hui gola likhibo nuwaru aru .
I Need You . I Want You . Love You . Good Night
মোৰ অনুভৱ
জানা মোৰ প্ৰিয়া আজি প্ৰতি পলতে মোৰ অনুভৱ হৈছে ।
প্ৰেম ভাল পোৱা এক মিঠা বেদনা ।
কঠিন শিলত নিপুন শিল্পীয়ে খুদিত কৰা আখৰ দৰেই ।
হাজাৰ বতাহ ধুমুহা বৰষুণে ও মচিৱ নোৱাৰে ।
মাত্ৰ সামান্য ক্ষীয়তি কৰে ।
প্ৰেম আৰু বেদনাৰ মাজত
মাত্ৰ প্ৰতিশ্ৰুতি থাকে দুয়ো দুয়ো লগত থকা ।
বৰষুণ দিলে একে লগে তিতা ,
ধুমুহা আহিলে হাতে হাত ধৰি থকা উৰে জীৱন ।
অলপ ভালপোৱা লাগে তোমাৰ পৰা
অলপ ভালপোৱা লাগে তোমাৰ পৰা
কাৰণ মই তোমাৰ প্ৰেমিক
তোমাৰ হাঁহিত উটি যাব বিচাৰো প্ৰশান্ত সাগৰলৈ
পাৰ কৰিব বিচাৰো শীতৰ সেমেকা ভৰা নিশাবোৰ তোমাৰ উমাল বুকুৰ মাজত ।
মই উন্মাদ হৈ পৰিছো তোমাৰ কোমল বুকুৰ উমাল পৰশ পাবলৈ
বাৰে বাৰে প্ৰেমত পৰো মই
তোমাৰ নীলা চকুযোৰি ।
যেন সাগৰ মুকুতাহে ।
তোমাৰ মেঘালী চুলি ভাঁজে ভাঁজে আঙুলি বুলাই কব মন গৈছে
ৰিশীতা তুমি কেৱল মোৰ কেৱল মোৰ ।
তোমাৰ বুকুৰ উমে উমাল কৰি দিয়া মোৰ বুকুখন ।
আৰু মাতাল হৈ পৰো।
তোমাৰ ধেনুভেৰীয়া চেলাউৰিত লুকুৱাই ৰাখিছা মোৰলৈ থকা মৰম ভালপোৱা
কিমান যে ভালপোৱা থৈছো সাঁচি তোমালৈ,
বিছাৰি ছোৱাচোন এবাৰ আকুল হৈ মোৰ বুকুত উমান পাবা মৰমৰ গভীৰতা
।মাত্ৰ এবাৰ বুকুত বুকু থৈ ছোৱা হেজাৰটা ৰণুৱা ঘোঁৰাই কঢ়িয়াই অনা মৰমৰ উমান পাবা ।
মাথো অলপ মৰম বিছাৰিছো তোমাৰ পৰা
কাৰণ মই তোমাৰ প্ৰেমিক ৰিশীতা ।
তুমি হাঁহিলেই চৰাইবোৰে গুণগুণাই
তুমি কথা কলে ফুল বোৰে খিলখিলাই
তুমি আহিলেই ফাগুনো উন্মনা হয় ।
শীতৰ নাঙঠ গছেও বসন্তৰ আৱৰণ পিন্ধিব খোজে ।
তুমি হাঁহিলে ফাগুনৰ আকাশ ৰঙলী হয় পলাশ শিমলুৰ মদাৰ ফুলে ।
আহাছোন ৰিশীতা
মোৰ প্ৰেমৰ ভটিয়নি সোঁতেৰে উজাই।
মোৰ প্ৰেমৰ নদীত নৌকা মেলি দিয়া ৰিশী
তোমাক বহুত ভাল পাও মই
কাৰণ তুমি যে মোৰ প্ৰেয়সী
আৰু নিলিখো প্ৰেমৰ কবিতা ।
আৰু নিলিখো প্ৰেমৰ কবিতা ।
আৰু নিলিখো প্ৰেমৰ কবিতা
আৰু প্ৰেমৰ কবিতা নিলিখো
কিয়নো প্ৰেমৰ কবিতা লিখিব পৰাকৈ মোৰ প্ৰেমৰ ভাষা নাই অন্তৰত ।
আছে মাথো এবুকুৰ দুখ ।
প্ৰেমৰ কবিতা লিখিবলৈ গোলাপৰ চিঞাহী লাগে আৰু চিঞাহীবোৰ থাকিল তোমাৰ হাতত ।
তোমাকো আৰু আমনি নকৰো, কবিতাও নিলিখো
কবিতা হৈ নাহিবা মোৰ উঁঠলৈ
তোমাৰ অভিমানি চৰাইজাকক উৰুৱাই নিদিবা
মোৰ ভাৱনাৰ নিল আকাশলৈ ।
আৰু নিলিখো প্ৰেমৰ কবিতা ।।
মই তোমাৰ প্ৰেমত পৰিছো
মই তোমাৰ প্ৰেমত পৰিছো
মইতো প্ৰেমিক নাছিলো...
কিন্তু লিখিছিলো প্ৰেমৰ কবিতা...মোৰ হৃদয়তো মৰম ভালপোৱা নাই ।
বাস্তৱে জোকাইছে...
মই হেনু প্ৰেমিক হৈ গলো তোমাৰ প্ৰেমত পৰিছো ।
কি অদ্ভুত মই বাৰু প্ৰেমিক হব পাৰোঁ নে ????
পাৰোঁ নে তুমিয়ে কোৱাছোন !
যদি মই প্ৰেমিক তেন্তে কিয় মই তোমাৰ মৰম বিচাৰো ।
জুখিছো নিজকে প্ৰেমৰ মাপকাঠিৰে...
তোমাৰ প্ৰেমত পাৰিব পৰাকৈ মোৰ হৃদয়ত মৰম আছে নে বাৰু ?????
কবিতা ভাষাত যদি প্ৰেম নিগৰিলে প্ৰেমিক হয়...
হয় তেতিয়া মই প্ৰেমত পৰিছো...গভীৰভাবেই..তোমাৰ প্ৰেমত পৰিলো
তুমি নজনাকৈ ।
কিন্তু... মইতো প্ৰেমিক নাছিলো...
আছিলো মহাবিদ্যালয়ৰ শান্ত শিষ্ঠ মহা দুষ্ঠ ।
এতিয়া সূৰ্য্যাস্তৰ হেঙুলি আভাৰ বুলনিত
মনতে যুকিয়াইছো.
দিক্ বিদিক্ হেৰুওৱা কিছু ৰং বিৰং প্ৰতিচ্ছবি...
পূৰ্ণাংগ ৰূপ লোৱা প্ৰতিমূৰ্ত্তিৰ বুকুত মুৰ থৈ
ভাবিছিলোঁ...প্ৰেমত পৰিলো নেকি সঁচাকৈয়ে ।
Subscribe to:
Posts (Atom)