Wednesday 27 May 2020

মোক কন্দোৱাই তুমি শুই যোৱা ।
এটো তোমাৰ অভ্যাস ।
তুমিতো স্বভাৱ বিৰোধী হৱ  নোৱাৰা ।
যিদিনা মই চিৰদিনৰ কাৰণে শুই যাম
সেইদিনা তোমাৰ টোপনি ওপৰত ঘৃণা উপজিৱ ।

Thursday 14 May 2020

আধাফুলা সোণাৰু ২০১৫/১১/ ২৯

আজি স্মৃতি কোঠালিত
ওপঙি আছে আধাফুলা সোণাৰু
চাঁ ।দুখৰ যান্ৰণা দিনবোৰত
মোৰ হৃদয়ৰ
শূন্যতা চুবলৈ আবেগে চিৰি বগাই
উঠেঁ তোমাৰ মমতা ময়ী প্ৰেমৰ ৰাগি ।মই
কব নোৱাৰাকৈ মোৰ সপোন
সাগৰত নীল পদ্ম হৈ ফুলিবা ।
যাৰ সুৱাসে সজীৱ
কৰি ৰাখিব বিষাদৰ দিনূবোৰ
ৰাখিবানে বাৰু ............... ....???????????
???????????

Monday 11 May 2020

Song

Farmer deva
অসমীয়া ঐ আহ ঐ উলাই  । 
আমি অসমীয়া আছো অসম জোৰাই  । 
নকবি  মই আহোম মই  বড়ো মই  কাৰ্বি  মই ৰাভা মই  খামতি মই কচাৰী মই  মিছিং মই কোঁচ  । আমি অসমীয়া বুলি  ক বুকু ফিন্দাই । 
মাউখে উঠিলে গুঁৰি পৰুৱাৰো মৰণ নাই  ।   
তই মই এৰি আমি হব হ'ল ।  
অসমীয়া ঐ  আহ উলাই  । 
তঙালী বান্ধি ল । 
তই মই এৰি উলাই আহ  আমি অসমীয়া হৈ ।  
সূৰ্য  উঠা দেশত তহঁতৰ  কিয় মৰভেশ । 
বুলো উলাই আহ  শত্ৰু আহি  পালে ৰঙা মাটি । ঢুলে ভালকৈ বা ঢুলীয়া ককাই  । 
তোৰ ঢুলে ৰজন জনাই  উঠক অসম দেশ  । 
বুলো হাই কাজিয়াই নৰয় জাননে জাতিটোৰ মান । বুলো  তঙালী বান্ধিব হল  । 
বুলো হেংদাঙ উঠাই  লব হল । 
নহলে  গাবলৈ  নাপাবি
 " হুচৰি  এ দলৌ শৰাই  আমি বিহু  মাৰো য'ত দুৱৰি নগজে  ত'ত ।"  
কঙাল ৰজাই  আনিলে বঙাল ।
যদিও দুখৰ নদী নিৰবে বয়,
পৰাজয় জীবনৰ অথ` নহয় ।
পলকতে আনিব পাৰে জীবনৰ সচাঁ পৰিচয়;
পাবলৈ সহজ নহয় এখন নভঙা হৃদয়।
গতিকে দুখক জয় কৰিবলৈ শিকা ।

নিয়ৰ যদি তুমি
বৃষ্টি হৈ নাহিবা,
মৌচুমী যদি তুমি
ধুমুহা নানিবা,
বিষাদ আছে যদি আবেগিক নহবা,
আজিৰ চিনাকী তুমি
কাইলৈ অচিনাকী নহবা।
দুখৰ নদীত সাতুৰীবলৈ শিকাTogether ......As we remain in our love.We can conquer the world.

Saturday 9 May 2020

মোৰ সেউজী স্বপনত আইতা তুমি।

মোৰ সেউজী স্বপনত আইতা তুমি
 মোৰ সেউজী স্বপনত আইতা তুমি ।
আইতা তোমাৰ সাধু কথাত এদিন মই উচ্ছকাংশী হৈ পৰিছিলো বিছৰন কৰিছিলো জোনবাই দেশত।কথা পাতিছিলো জিকমিক তৰাবোৰহঁতে ।
আইতা মই তোমাৰ ওছৰত দুখী ,মোৰ কলমেদি ভাষা নিগৰি নাহে তুমি  কোৱা জোনবাই দেশৰ কথা 
আধৰুৱা হৈ ৰল তোমাৰ নাতিনী কবিতা ।
আইতা তুমি গুছি যোৱা পিছত বাৰে বাৰে অনুভৱ কৰিছো তোমাৰ অনুপস্থিতি ।               
কি দৰে বুজালে বুজিবা তুমবিহীন মি কিমান অকলশৰীয়া ।                           
আইতা তুমি বাৰু এতিয়া তৰা হৈ আছে নেকি জোনবাই দেশত ।                            
যদি তৰা হৈ আছা জোনবাই দেশত ,ছোৱাছোন তোমাৰ সেউজী পৃথিৱী মানুহবোৰক তোমাৰলোকৰ দৰে সহজ সৰল নহয় ।                তোমালোকৰ দৰে সময় নাই বন্ধু বান্ধৱীকবৰ লবলৈ সকলোবোৰ দৌৰিছে ধন দৌলতৰ পিছত । আইতা তোমাৰলোকৰ দৰে আইৰবোৰৰ সাধুকথা শুনিবলৈ নাতিনীবোৰৰ সময় নাই ।             
নাতি নাতিনীয়ে ৰস নাপাই তোমাৰলোকৰ সাধুকথাত .আইতা আৰু নালিখো মোৰ বৰ ভাগৰ লাগিছে।     
এই যান্ত্ৰিকতা পৃথিৱীত ।                                                     
তুমি মাথো মোক আশীবাদ কৰা আজি যন্ত্ৰ মানৱক মন্ত্ৰ কৰি পোহৰৰ সঠিক
 বাট দেখোৱাবলৈ।     

 ইতি তোমাৰ নাতি। 

জীৱনৰ এক আনামী সপোন

এফালে সৰি পৰা ,
জীৱনৰ এখিলা ৰঙীন পাত
আনফালে নতুনকৈ পূখা মেলি এটি কুঁহিপাত
জীৱনৰ এক আনামী সপোন | 
জীৱন সঁচাকৈয়ে বৰ অনুপম ।।

Monday 4 May 2020

তোমাৰ উঁঠৰ হাঁহি

এটা উজ্জীৱিত হাঁহি সেউজ বোলসনা 
তোমাৰ  উঁঠৰ হাঁহি  
হৃদয় নদীত ... উত্ৰাৱল যৌৱনৰ 
 তুলনাবিহীন তোমাৰ সেই মিঠা হাঁহি...

Friday 1 May 2020

জীৱন মানে কি ?

জীৱন মানে কি নাজানো , জীৱনৰ সংজ্ঞা ডাঙৰ হোৱাৰে পৰা বিচাৰি ফুৰিছো ,কিন্তু মনে বিছাৰী ফুৰা উত্তৰ পোৱা নাই। মোৰ মতে জীৱনৰ সংজ্ঞা ৰামধেনু .........জীৱনটো যুঁজৰ ঠাই যুঁজ কৰি থাকা ইতিবাচক চিন্তাৰে দেখিবা এদিন তুমিও জয় হবা যুঁজাৰু জীৱনে কেতিয়াও বাৰ নামানে । জীৱনতোক উপভোগ কৰিব শিকা এটা গানৰ দৰে,, দুখবোৰ প্ৰাণ কৰা নীলকণঠ দৰে ,সুখ বিলোৱা অমৃতৰ দৰে .,তেতিয়া জীৱন হৈ পৰিব ৰামধেনু দৰে ..,,''আহক আমি জীৱনতো সাতু ৰঙি কৰি তুলো'' ,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
জীৱন সমাবেশ...................জীৱনত বহুত সময়ত বহু জনৰ সানিধ্য লাভ কৰা যায় । তেওঁলোকৰ জূৱন কাহিনী শুনি মোৰ অনুভৱ হৈছিল জীৱনতো এখন গতিশীল নাটকৰ দৰে য'ত সমাবেশ ঘতিছে সুখ দুখ শান্তি অশান্তি ষ। কোনোবাই যদি চকুলো টুকি টুকি জীৱনটো পাৰ কৰিছে
আৰু কোনোবাই কাৰোবা চকুলো মুচি দিছে ,কোনোবাই হাঁহি হাঁহি যান্ত্ৰণাবোৰ জয় কৰি জীৱনৰ জয়দগান গাইছে ।যেতিয়া আমি নিৰাশাত ডুবি যাওঁ সেই সময়ত পাহৰি যাওঁ জীৱনটো যে সংগ্ৰামৰ স্থল বুলি ।