আৰু নিলিখো প্ৰেমৰ কবিতা ।
আৰু নিলিখো প্ৰেমৰ কবিতা
আৰু প্ৰেমৰ কবিতা নিলিখো
কিয়নো প্ৰেমৰ কবিতা লিখিব পৰাকৈ মোৰ প্ৰেমৰ ভাষা নাই অন্তৰত ।
আছে মাথো এবুকুৰ দুখ ।
প্ৰেমৰ কবিতা লিখিবলৈ গোলাপৰ চিঞাহী লাগে আৰু চিঞাহীবোৰ থাকিল তোমাৰ হাতত ।
তোমাকো আৰু আমনি নকৰো, কবিতাও নিলিখো
কবিতা হৈ নাহিবা মোৰ উঁঠলৈ
তোমাৰ অভিমানি চৰাইজাকক উৰুৱাই নিদিবা
মোৰ ভাৱনাৰ নিল আকাশলৈ ।
আৰু নিলিখো প্ৰেমৰ কবিতা ।।
No comments:
Post a Comment