Monday 11 May 2020

অসমীয়া ঐ আহ ঐ উলাই  । 
আমি অসমীয়া আছো অসম জোৰাই  । 
নকবি  মই আহোম মই  বড়ো মই  কাৰ্বি  মই ৰাভা মই  খামতি মই কচাৰী মই  মিছিং মই কোঁচ  । আমি অসমীয়া বুলি  ক বুকু ফিন্দাই । 
মাউখে উঠিলে গুঁৰি পৰুৱাৰো মৰণ নাই  ।   
তই মই এৰি আমি হব হ'ল ।  
অসমীয়া ঐ  আহ উলাই  । 
তঙালী বান্ধি ল । 
তই মই এৰি উলাই আহ  আমি অসমীয়া হৈ ।  
সূৰ্য  উঠা দেশত তহঁতৰ  কিয় মৰভেশ । 
বুলো উলাই আহ  শত্ৰু আহি  পালে ৰঙা মাটি । ঢুলে ভালকৈ বা ঢুলীয়া ককাই  । 
তোৰ ঢুলে ৰজন জনাই  উঠক অসম দেশ  । 
বুলো হাই কাজিয়াই নৰয় জাননে জাতিটোৰ মান । বুলো  তঙালী বান্ধিব হল  । 
বুলো হেংদাঙ উঠাই  লব হল । 
নহলে  গাবলৈ  নাপাবি
 " হুচৰি  এ দলৌ শৰাই  আমি বিহু  মাৰো য'ত দুৱৰি নগজে  ত'ত ।"  
কঙাল ৰজাই  আনিলে বঙাল ।

No comments:

Post a Comment