Tuesday 21 April 2020

আকাশ ৰাঙলী কৰি অহা ফাগুন

আকাশ ৰাঙলী কৰি অহা ফাগুন তুমি গ’লাগৈ ।
      লগতে লৈ গ'লা ৰিৱ ৰিৱ পছোৱা জাক ।
      মাথো এৰি গ'লা ধুলিয়ৰি বতাহ ।
তুমি অহা বুলি সাক্ষী কৰি গ'লা 
      নঙঠা শিমলুজোপা ।
এতিয়া ছাগৈ অৰণ্যত সিচঁৰিত হৈ পৰিছে 
        শুকান পাত ।

No comments:

Post a Comment