Friday 27 March 2020

১০ম খণ্ড

১০ ম 

পূঁৱা শুই উঠিয়ে পোনে পোনে গোঁহালীলৈ গ’লো। গৰুকেইটালৈ চাই দখিলো ,গৰু কেইটা শুই আছে। গাঁৱত এটা কথা আগৰৰ পৰাই প্ৰচলিত হৈ আহিছে যে গৰু যদি শুই থাকে তেতিয়া বানপানী নহয় আৰু যদি ঠিয় হৈ থাকে তেন্তে বানপানী অবধাৰিত। মোৰ মনটো বেয়া লাগি গ’ল।  এইবাৰ খেতি বেয়া  হ’ব। গোহালীটো চাফা কৰি গৰুকেইটা চোতাললৈ উলিয়াই আনিলো। আগদিনাই যোগাৰ কৰি ৰাখিছিলো  গৰু নোৱাবলৈ সকলো বস্তু । আজি গৰু বিহু ।আনদিনাতকৈ আজি গাঁওৰ মানুহবোৰ সোনকালে উঠিছে ।জীয়ৰী বোৱাৰীসকলে ঘৰ চোতাল চাফ চিকোন কৰাত ব্যস্ত হৈ পৰিছে ।যোৱা ৰাতি হৈ যোৱা ধুমুহা জাকে ঘৰৰ চোতালবোৰ গছৰ পাতে ঢাকি ৰাখিছে ।কোনোৱে গোহালিত গাই খিৰাইছে ।পুৱাৰ কোমল ৰদ জাকৰ মিঠা স্পৰ্শত মনতো ভাল লাগি গল । নিশা বৰষুণ জাকে গছ বনবোৰত যেন বহাগৰ যৌৱন ঢালি গলহি  । সদায় দেখা গছ-পাত তৰু-লতা সকলোতে পুৱা ৰদ জাকে এক মিঠাবৰণ সানিছে ।ঢাপৰ নাহৰ কেইজোপাই কুঁহিপাত মেলি সেন্দুৰীয়া বৰণ লৈছে ।ৰিব ৰিব মলয়া বতাহে  নাহৰৰ কোমল পাতত চুমা দিছে ।
মায়ে মাহ-হালধি আনি গৰুকেইটা নোৱালে । 
: দেৱ আহা, হাত –মুখ ধুই চাহ একাপ খাই লোৱাহি  , ৰাইজে গৰু উলিয়াই আনিবই এতিয়া।
: হ’ব বলা গৈ আছো।
হাত-মুখ ধুই চাহৰ ওচৰত পালেহি।ন-বৌয়ে কাহঁৰ বাতিত এবাতি চিৰা আৰু একাপ চাহ আৰু কালি বনোৱা তেলপিঠা আৰু সুতুলি পিঠা একাঁহী দিলেহি। চাহ খাই থাকোতেই দেখা পালে দুই এজনে গৰু আনিছেই।মি লৰালৰিকৈ চাহ খাই ,আগদিনাই যোগাৰ কৰি ৰখা পানীলাও ,কেৰেলা, বেঙেনা, ঠেকেৰা, কুটকুৰি হালধি ইত্যাদিৰে বনোৱা বাহৰ গৰু চাকৰ চালনিখন লৈ ওলাই আহিলো। বাৰিৰ পিছফালৰ পৰা মাখিলতীৰ ডালকেইটামান কাটি ল’লে। কাৰণ গৰুবিহুৰ দিনা গৰুক মাখিলতীৰে কোবাব লাগে। লাহে লাহে গৰুকেইটা খেদি ঘৰৰ পৰা ওলাই আহিল। লগত ভতিজাটো ।তাৰ মনত কি ৰং সি চিঞৰী চিঞৰী গাইছে লাও খা বেঙেনা খা । সকলোৰে মনত আনন্দ ,চিঞৰ বাখৰ, কোনোবা এটাই গৰুৰ সলনি পানী মানুহৰ গালৈকে মাৰি দিছে ,মুঠতে আনন্দৰ সীমা নাই। গৰুৰ গালৈ পানী মৰা শেষ হলত সকলোৱে নিজৰ নিজৰ বনাই অনা গৰু চাক লৈ গৰু বোৰৰ পিছে পিছে দৌৰ দিলে। গৰুৰ গালৈ লাওঁ , কেৰেলাবোৰ মাৰি সকলোৱে গালে-“লাওঁ খা, বেঙেনা খা …..
ঘৰলৈ আহি। বাহিৰে বাহিৰে গোঁহালীৰ মুধচত চাক আৰু মাখিলতীখিনি গোজি দি থৈ আহিলো। ইফালে ঘৰত আৰু বহুত কাম আছে। নামঘৰলৈও যাব লাগে। ঘৰৰ  কামখিনি নদীত গা ধুৱলৈ ওলালো সদা ৰৈ আছে । নদীত গা ধুই থাকোতে সদায়ে কলে কালি যে কৈছিলো বিহু কথা আচলতে বিহুলৈ নাযাও নহয় ফুটবল খেল চাৱ যাম ।ফুটবল বুলি কলে এপাই যাৱ নিদিয়ে ।মেট্ৰিক পৰীক্ষা শেষ হৱ এদিন থাকোতে ঘৰৰ পৰা পলাই গৈ ফুটবল খেলি ভৰি এখন লেঙেৰা কৰি আহিছিলো আৰু ঘৰত গঢ়িন হৈ সোমাইছিলোহি যেন মই কতো দুখ পোৱা নাই ।

দুপৰীয়া ভাত সাঁজ খাই সদা লগত ফুটবল চাবলৈ ওলালো । এটা সময়ত নাৰায়ণপুৰ খেল পথাৰত পালো । খেল আৰম্ভ হবলৈ আৰু আধাঘণ্টা বাকী আছে । আমাৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ সংগীতেৰে খেল উদ্যোধন কৰিলে । হঠাতে কোনোবাই মোক মতা শুনিলো দেব দেব । চাই দেখো সেই কলেজীয়া প্ৰেয়সী দেখোন ।মই একো ক’বই নাপালোঁ… দেখা লগে লগে অলপো পলম নকৰি তাই চিঞৰি উঠিল—অহ.. হাই…তুমি…. ইয়াত…..??? ইচ্ যেন মই তাই মোমায়েকৰ বিয়াত হে আছো…তাইৰ ৰিয়েকশ্যনটো দেখি তেনেকুৱাই লাগিল….জাতীয় সংগীত শেষ তাৰ পিছতে আমাৰ মিলন সংগীত বাজি উঠিল….
মই বোলো—অ…হাই….এই খেল চাব আহিলোঁ…
• অ’ অ’ … আমিও মা ঘৰলৈ আহিছিলো ফুটবলখেল আছে বুলি শুনি গুছি আহিলো  পিছে তোমাৰ খৱৰ কোৱা বহুত দিন লগ পোৱা নাই ।তুমি কিন্তু আগৰ বুদ্ধুতোৱে হৈ আছে । কত থকা আজিকালি । ......বাপৰেই ইমান সুপা প্ৰশ্ন । তাতে আকৌ বুদ্ধু ।লগত থকা পেতুৱা খুড়া আগত লাজ দিছে ।
• বাংগালোৰত থাকো আজি দুদিন হৈছে ঘৰলৈ অহা ।লগৰ এটায়ে খেল চাৱ লৈ আহিলে ।
• অহ পাহৰিছিলোঁ… অই শুনাচোন,… এয়া মোৰ হাজবেণ্ড সুৰুয… আৰু সুৰুয, এয়া মোৰ ক্লাছ ফ্ৰেণ্ড……..অমুক……
ধেইত তেৰি…. খুৰাক নহয়…পতিহে সেইজন….মইও সৌজন্যতাৰ খাতিৰত হেল্ল’ জাতীয় কিবা এটা দিলোঁ… শুনিলেনে নাই নাজানো… প্ৰত্যুত্তৰ হিচাপে তেওঁ হাঁহিটো মাৰি হেল্ল’ বুলিয়ে ক’লে যেন পাওঁ… মই তেওঁনো কি কয় ইমান আগ্ৰহেৰে অপেক্ষা কৰা নাছিলোঁ। খেল ইতিমধ্যে আৰম্ভ হৈ গৈছে… 
কোলাৰ কেঁচুৱাটোৱে সম্ভৱ মানুহৰ ভিৰত অশান্তি কৰিছিল নেকি…প্ৰেয়সীয়ে এগৰাকী দায়িত্বশীল মাতৃৰ দৰে নিচুকাবলৈ যত্ন কৰিছিল কিন্তু নোৱাৰিলে… মই খেল চাই থকাৰ মাজতে মাজে মাজে প্ৰেয়সীয়ে চাও… এবাৰ চকুৱে চকুৱে পৰিল… চকুৱে চকুৱে পৰাত..তাই ক’লে… ভিৰ যে..অলপ আমনি কৰিছে।
কিন্তু মগজ…বেয়া হ’ল তেতিয়া যেতিয়া কেঁচুৱাটোৱে মোক দেখি হাঁহিব খোজোঁতে তাই কৈ উঠিল…
• কিনো… কিনো…. মামাৰ ওচৰলৈ যাবা…
• মামা….বুদ্ধু মামা !!!!
• কোন…?? কোনো মামা ওলাল ইয়াত…?? 
কথাটো কৈ কেঁচুৱাটো মোৰ ফালে আগবঢ়াই দিয়াত হে বুজিলোঁ…মামাটো চোন মইয়ে….হে ভগৱান ৰক্ষা কৰা মোক ।
এতিয়া দৃশ্যপট মন কৰক…. মানুহে গিজগিজাই থকা খেল পথাৰত খেলোৱৈ বল লৈ দৌৰি আছে… মই বাউণ্ডাৰীত, কাষত হাজবেণ্ডৰ সৈতে আছে মোৰ প্ৰাক্তন প্ৰেয়সী…আৰু মই প্ৰথমতে প্ৰেয়সীৰ ক্লাছ ফ্ৰেণ্ড আৰু পিছলৈ মামা ৰূপ ধাৰণ কৰি প্ৰেয়সীৰ সন্তান মানে ভাগিনক কোলাত লৈ নিচুকাই আছো। আচলতে ভুলতো মোৰেই আছিল বুদ্ধু কথা নকৈ ব্যৱসায় কথা কৈছিলো ।
নব্বৈ মিনিটৰ খেল চাই শেষ হ’বৰ হ’ল… তেতিয়াও মামা ভাগিনৰ খেলখন শেষ হোৱাৰ কোনো আশা নাই… মাজে মাজে প্ৰেয়সীৰ মোকে শুনাবলৈকে কেচুৱাটোক কয়… “ইছ…মামা পাই মোক পাহৰি গল আউ…নহ্…নহ্ ধুনু… হয়নে…অ বুলু হয়নে…?? আৰু মাজে মাজে সদা চিকুত 
লগে লগে কেঁচুৱাটোৰ এটা মিচিকিয়া হাঁহি মোৰ খঙে চুলি আগ পাঁও পাঁও ।টুপি পিন্ধ্ থকা কাৰণে খংটোই যেনিবা ৰণছন্দী মুদ লোৱা নাই । 
সেই হাঁহিটোৰ কথাকে আকৌ হাজবেণ্ডক কয়….হাজবেণ্ডে মোলৈ চাই কয়—
‘আপুনি বাৰু আমনি পাইছে নেকি’? 
ক’বলৈ মন গৈছিল পেতুৱা তই কি বুজিবি …আপোনাৰ পত্নীয়ে ডাঙৰীয়া…এইবোৰ তেনেই সাধাৰণ কথা…নকওঁ… মিচিকিয়াই হাঁহি এটা মাৰি একো নাই বুলি কৈ থওঁ…
খেলৰ অতিৰিক্ত সময়তহে প্ৰেয়সীৰ মোৰ পৰা এই অতিৰিক্ত দায়িত্বটো কমালে…খেল শেষ হোৱাৰ পাছত ক’লে…
নাই নাই এনেকে খেল চাব দিগদাৰ জানানে… ইয়াকলৈ খেল চাব আহিব নোৱাৰি… মানুহ বেছি যে বৰ আমনি কৰে পাই…
--তাইক কবলগা ধেৰ কথাই বুকুত থুপ খাই আছিল, জুখিব পৰাহেঁতেন সঠিক হিচাপটো দি দিলোহেঁতেন বুকুখন ইম্মান গধুৰ হৈ পৰিছে বুলি। এহ যাহ, দুখ সকলোৰে থাকে, জীৱন মানেইটো সুখ দুখৰ মিশ্ৰিত অভিজ্ঞতা, সুখী হোৱাৰ বাসনাতে  বুকুত পুহি ৰাখিছো এবুকুৰ দুখ ।এদিনাখন আমি বিয়া হ’ম ৷ একেলগে থাকিম ৷ দুখ, সুখ, হাঁহি, ক্ৰন্দণ, বেদনা এই সকলোবোৰ ভগাই ল’ম ৷ আমাৰ এখন সৰু সংসাৰ হ’ব ৷এবোৰ কথা তেতিয়া ভাবিবলৈয়ে সময়ে নাপালো ।এই দুখ নাথাকিলে সুখৰ মাদকতাই বা ক'ত। গতিকে দুখী হওঁ আৰু জীৱনতো উপভোগকে কৰো।তোমাক ভালপোৱাৰ কথা আছিল কথাটো কিন্তু এখন অসমাপ্ত পাণ্ডুলিপি হ'ল।
নামঘৰত পাওতে ৰাইজে প্ৰাৰ্থনা  আৰম্ভ কৰিলেই।মই লৰালৰিকৈ গৈ যোগ দিলো। গৰু বিহু দিনা সেৱা জনায় সৰুৱে ডাঙৰক। পৰম্পৰাগতভাৱে চলি অহাৰ দৰে আজিও কোনো ব্যক্তিকম হোৱা নাই। গাঁওৰ বয়োজেষ্ঠকেইজনে গাওঁৰ নীতি- নিয়মৰ বিষয়ে কলে আৰু গাওঁৰ সভাপতিয়ে ৰাইজক নামঘৰেত প্ৰথম বিহু মাৰিবলৈ অনুৰোধ জনাই ভাষণ সামৰণি মাৰিলে। বিহু বুলি ক’লে সকলোৰে মন নাচো নাচো, তাতে যেতিয়া সভাপতিয়ে আদেশ কৰিলে কোনে পাই সিহঁতক। সকলো বহাৰ পৰা উঠি আহিল বিহু মাৰিবলৈ সাজু হল গাঁওৰ সাতুলা ঘৰত। আমাৰ মাষ্টৰ দাইয়ে বিহুৰ পদটো আৰম্ভ কৰিলে-
“ ৰাইজৰ পদুলিত
গোন্ধাইছে মাধুৰী
কেতেকী মলেমলায় অ’
গোবিন্দাই ৰাম”
মুঠতে আনন্দৰ সীমা নাই। গাঁওৰ  গাভৰুহতঁৰ মনো নাচো নাচো। কিন্তু নামঘৰত নাচিব নোৱাৰা বাবেই নিজকে জোৰেৰে ধৰি ৰাখিছে। ৰাইজে ৰাতিলৈ গঞাৰ সাতুলা ঘৰত  হুচৰি মৰাৰ বাবে সিদ্ধান্ত লৈ প্ৰাৰ্থনা সভা সামৰিলে। মই জনাই নাছিলো সাতুলা যে আমাৰ পিতাই ।
মানুহৰ বিহু। মায়ে পুৱাই গৈ মাতি থৈ আহিছিল ওচৰৰ মানুহকেইঘৰক শলিতাৰ বাবে। আহোম মানুহৰ এটি পৰম্পৰা আছে। বিহুৰ দিনা মৃতকক পূজা কৰা। কোনোবাই মাছ- মাংস ,পিঠা, বৰা চাউলৰ সান্দহ, দৈ, আদি বা কোনোবাই আকৌ বৰা চাউলৰ ভাপত দিয়া বৰা ভাতে মৃতকক পূজা দিয়ে। এইবাৰ আমাৰ ঘৰত  সান্দহ, পিঠা , হাঁহৰ মাংস আদিৰে মৃতকৰ পূজাৰ বাবে যা-যোগাৰ কৰিছে। মায়ে শলিতাৰ বাবে কৰণিপাত কাটি তাত চাৰিখন ঠুৰিয়া তামোল দি সজালে। পানী চতিয়াই পাৰণী ধাৰিখন পাৰি দিলে। তাতো তামোল এখন দিলে। চাকি গছ জ্বলাই , কাঁহৰ বাটিত সজাই ৰখা সাজ(ৰহি)খিনি আৰু খাবৰ বাবে যোগাৰ কৰি ৰখা সকলো নৈবেদ্য আগবঢ়ায় সেৱা জনালে। পোথাদেউই মোক সেৱা কৰিবলৈ কোৱাত মই একান্ত বাধ্য ছাত্ৰ দৰে সেৱাজনাবলৈ আঠুকাঢ়ি বহিলো। আৰ্শীবাদ দিলে ককাদেউতাই । ঠিক তেনেতে গাঁওৰ হুচৰি জাকে আমাৰ পদুলিত জয়ধ্বনী দিলে জয়গুৰু গৃহস্থ কুশলথে কি ........। হুচৰি সামৰি বিহু জুৰিলে স্বৰ্গদেউ ওলালে বাটচৰা মূখলৈ ঐ দুলিয়াই পাতিলে দুলা .... বিহু শেষ হল ।মোক মায়ে শৰাই লৈ সেৱা কৰিবলৈ কলে । ময়ো শৰাই খন লৈ ৰাইজৰ ওচৰত সেৱা জনালো । বিমল দাইটিয়ে আশীৰ্বাদৰ কৰিছে ।আশীৰ্বাদৰ মাজতে কোনোবাই কোৱা শুনিলে এইবাৰ বহাগতে আমাৰ দাইটি বিয়াখনো হয় যেন।মই লাজত ৰঙা চিঙা হৈ পৰিছিলো । মই জানিছো এইকেইটা মোৰ ধুৰন্ধ ভটিজায়ে হৱ । এই দৰে বিহু আৰম্ভ হ’ল। বিহু মাৰি আমনি নেলাগে। দুভাগ ৰাতিলৈকে বিহু মাৰি পাৰ কৰিছিলো আমি। কেনেকৈ বিহুৰ দিনকেইটা পাৰ হৈছিল গমকে নাপাইছিলো তাৰ মাজতে আকৌ বহাগী উৎসৱ বাবে যা-যোগাৰ কৰিছিলো এইদৰে  ।

No comments:

Post a Comment